সমললৈ যাওক

হাৰুনা কাৱাগুচি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হাৰুনা কাৱাগুচি

২০২৩ চনৰ ২৩ জুনত টাইৱানৰ এটা অনুষ্ঠানত কাৱাগুচি
স্থানীয় নাম 川口 春奈
জন্ম ১০ ফেব্ৰুৱাৰী, ১৯৯৫ (৩১ বছৰ)
গোটো, নাগাচাকি, জাপান
পেচা অভিনেত্ৰী, মডেল
সক্ৰিয় হৈ থকা সময় ২০০৭–বৰ্তমান
অভিকৰ্তা কেন-অন
ৱেবছাইট
www.ken-on.co.jp/haruna/

হাৰুনা কাৱাগুচি (ইংৰাজী: Haruna Kawaguchi; জন্ম: ১০ ফেব্ৰুৱাৰী ১৯৯৫) কেন-অন এজেঞ্চীৰ অধীনস্থ এগৰাকী জাপানী অভিনেত্ৰী আৰু মডেল।[1][2] তেওঁ বিশেষকৈ ঔৰান হাইস্কুল হোষ্ট ক্লাব (২০১২), পিঅ'ভি: নৰোৱাৰেটা ফিল্ম (২০১২), জেক্কো গাক্কিউ (২০১৩), ছেই "আই লাভ ইউ" (২০১৪) আৰু ৱান উইক ফ্ৰেণ্ডছ (২০১৭) ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰাৰ বাবে জনাজাত।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

কাৱাগুচিৰ জন্ম হৈছিল নাগাচাকি প্ৰেফেকচাৰৰ গোটো দ্বীপপুঞ্জৰ ফুকুৱে দ্বীপত। জুনিয়ৰ হাইস্কুলৰ প্ৰথমৰপৰা তৃতীয় বৰ্ষলৈ কামলৈ যাওঁতে টকিঅ’লৈ কোনো পোনপটীয়া বিমান নাছিল, সেয়েহে তেওঁ নাৱেৰে ন ঘণ্টা ধৰি হাকাতালে অহা-যোৱা কৰিছিল। প্ৰথমতে এই ভ্ৰমণ মাহত এবাৰহে আছিল যদিও লাহে লাহে ই সপ্তাহত এবাৰলৈ বৃদ্ধি পায়।

তেওঁ তিনিগৰাকী ভগ্নীৰ ভিতৰত আটাইতকৈ সৰু আৰু নিজকে এগৰাকী "প্ৰকৃততে স্বাৰ্থপৰ, আদৰত নষ্ট হোৱা আৰু অকলশৰীয়া ছোৱালী" বুলি বৰ্ণনা কৰে।[3] কাৱাগুচিৰ ১৯ বছৰ বয়সত তেওঁৰ পিতৃৰ মৃত্যু হয় আৰু ২০১৮ চনৰ পিতৃ দিৱসৰ ইনষ্টাগ্ৰাম পোষ্টত তেওঁ নিজৰ এখন ফটো শ্বেয়াৰ কৰি কয় যে তেওঁক "দেউতাকৰ দৰেই বেছি দেখি।" [4]

তেওঁৰ নাম "হাৰুনা" তেওঁৰ ককাকৰ নামৰ এটা আখৰ "হাৰু (বসন্ত)"ৰপৰা আহিছে। "না" অংশটো প্ৰকৃততে তেওঁৰ জ্যেষ্ঠ ভগ্নীয়ে দিছিল; ই আচলতে "হাৰুনা (春菜)" হোৱাৰ কথা আছিল কিন্তু তেওঁৰ মাতৃয়ে ই "হাৰুনা (春奈)" বুলি ভাবি পৌৰসভাৰ কাৰ্যালয়ত তেনেদৰেই দাখিল কৰিছিল।[5]

তেওঁৰ চখৰ ভিতৰত সাগৰীয় মাছ ধৰা অন্যতম আৰু তেওঁ ৩০০ মাছলৈকে ধৰিছে।[6] তেওঁৰ প্ৰিয় মহিলা শিল্পীসকল হ'ল মিলিয়া কাটো, ৰিংগো শ্বিনা আৰু নামিয়ে আমুৰো। তেওঁৰ প্ৰিয় পুৰুষ শিল্পী হ’ল এক্সাইল। তেওঁ সন্মান কৰা মনোৰঞ্জনকাৰীগৰাকী হ'ল মিহো কান্নো, যি তেওঁৰ কোম্পানীৰে এগৰাকী জ্যেষ্ঠ সদস্যা।[7] তেওঁ নাগাচাকি প্ৰেফেকচাৰৰে নিবাসী তথা য়াস্কি-কুন টু মেগানে-চানত অভিনয় কৰা সহ-শিল্পী ৰিইচা নাকাৰো এগৰাকী অন্তৰংগ বন্ধু।[8]

তেওঁ কৈছিল যে নিকোলাৰ মডেল হোৱাৰ আগতে তেওঁ এগৰাকী নাৰ্ছাৰী শিক্ষয়িত্ৰী হ’ব বিচাৰিছিল কাৰণ তেওঁ শিশু ভাল পায়।[9] ২০১৬ চনৰ এটা সাক্ষাৎকাৰত তেওঁ কৈছিল যে তেওঁৰ সপোন আছিল মৰ্নিং ড্ৰামা বা ৰাতিপুৱাৰ ধাৰাবাহিকৰ নায়িকা হোৱা।[10]

যেতিয়া তেওঁ আইটছু ইমা নানিছিটেৰু?ত উপস্থিত হৈছিল, তেতিয়া তেওঁৰ প্ৰাথমিক বিদ্যালয়ৰ সহপাঠীসকলৰ মতে কাৱাগুচি সেই সময়ত ধুনীয়াতকৈ ধেমেলীয়াহে বেছি আছিল; তেওঁ ফুজিৱাৰাৰ টাকায়ুকি হাৰানিছিক অনুকৰণ কৰিছিল সেয়েহে তেওঁ কেতিয়াও জনপ্ৰিয় নাছিল।[11]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "ja:川口春奈" (Japanese ভাষাত). oricon ME inc.. http://www.oricon.co.jp/prof/518196/profile/ আহৰণ কৰা হৈছে: June 4, 2015.
  2. "ja:川口春奈" (Japanese ভাষাত). eiga.com inc.. http://eiga.com/person/87701/ আহৰণ কৰা হৈছে: June 4, 2015.
  3. "ぷくぷくかわいい! 川口春奈、幼少期の3姉妹ショットを公開「末っ子で生粋のわがまま甘えん坊寂しがりやガールです!」" (ja ভাষাত). ねとらぼ. May 30, 2018. https://nlab.itmedia.co.jp আহৰণ কৰা হৈছে: 2022-11-16.
  4. "「いつも想ってます」「パパ愛してるよ!」 川口春奈、亡き父に似た写真とともに愛のメッセージを送る" (ja ভাষাত). ねとらぼ. June 17, 2018. https://nlab.itmedia.co.jp আহৰণ কৰা হৈছে: 2022-11-16.
  5. "【TVクリップ】川口春奈 輝く階段を一歩ずつ (2/2ページ) - MSN産経ニュース". 2010-12-06. Archived from the original on 2016-06-11. https://web.archive.org/web/20160611162318/http://sankei.jp.msn.com/ আহৰণ কৰা হৈছে: 2022-11-16.
  6. "リハウスガール13代目は14歳川口春奈「趣味は釣りです」 | 日テレNEWS24". 2013-06-15. Archived from the original on 2008-05-15. https://web.archive.org/web/20080515092948/http://www.news24.jp/ আহৰণ কৰা হৈছে: 2022-11-16.
  7. "川口春奈、"すごく大好き"な芸能人明かす「本当に尊敬できる」 - モデルプレス" (ja ভাষাত). モデルプレス - ライフスタイル・ファッションエンタমেニュース. 20 August 2021. https://mdpr.jp আহৰণ কৰা হৈছে: 2022-11-16.
  8. "5LDK 2011/04/28(木)23:00 の放送内容 ページ1" (ja ভাষাত). TVでた蔵. https://datazoo.jp আহৰণ কৰা হৈছে: 2022-11-16.
  9. "癒し&ストレス解消はなんですか。" (ja ভাষাত). MEN'S NON-NO WEB. 2011-11-14. https://www.mensnonno.jp আহৰণ কৰা হৈছে: 2022-11-16.
  10. "川口春奈、夢は朝ドラヒロイン「鍛えてもらいたい」". ORICON NEWS. April 2021. https://www.oricon.co.jp আহৰণ কৰা হৈছে: 2022-11-16.
  11. "川口春奈、「好きだった同級生」テレビ告白で好感度が爆上がりした理由!" (ja ভাষাত). アサ芸プラス. https://www.asagei.com আহৰণ কৰা হৈছে: 2022-11-16.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]