সমললৈ যাওক

হাৰ্পিনা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

হাৰ্পিনা (/ˈhɑːrpɪnə/; প্ৰাচীন গ্ৰীক: Άρπινα,[1] ইংৰাজী: Harpina) গ্ৰীক শ্ৰুতিকথা অনুসৰি নদী-দেৱতা এছ'পাছ আৰু লেডন নদীৰ নদী-অপেশ্বৰী (নিম্ফ) মেট'পেৰ কন্যা নাইয়াডসকলৰ অন্যতম।[2]

পৰিয়াল

[সম্পাদনা কৰক]

হাৰ্পিনা পেলাছগাছ (পেলাগন[3]), ইছমেনাছ, কৰ্চাইৰা, ছালেমিছ, এজিনা, পেইৰেন, ক্লিওনে, থেবে, টানাগ্ৰা, থেস্পিয়া, এছ'পিছ, চাইন′পে আৰু অৰ্নিয়া[2] ভগ্নী আছিল।[4] কিছুমান শ্ৰুতিকথা মতে তেওঁৰ ভগ্নী কালচিছ কিউৰেটেছ আৰু ক'ৰিবাণ্টেছৰ মাতৃ আছিল, ইয়াৰে কিউৰেটেছ কালচিছৰ আদিম বাসিন্দাসকলৰ ভিতৰত আছিল।[5]

শ্ৰুতিকথা

[সম্পাদনা কৰক]

এলিয়ান আৰু ফ্লিয়াছিয়ানসকলৰ পৰম্পৰা অনুসৰি আৰেছে হাৰ্পিনাৰ সৈতে পিছা চহৰত (প্ৰাচীন গ্ৰীক এলিছ অঞ্চলত অৱস্থিত) মিলিত হৈছিল। তেওঁলোক পিছাৰ ৰজা অইনোমাউছৰ পিতৃ-মাতৃ আছিল।[6] অইনোমাউছে অলিম্পিয়াৰ ওচৰৰ হাৰ্পিনেটেছ নদীৰ পৰা অলপ দূৰৈত হাৰ্পিনা চহৰ প্ৰতিষ্ঠা কৰি মাতৃৰ নামেৰে নামকৰণ কৰিছিল। পৌছানিয়াছে ফিলিয়াছিয়ানসকলে দান কৰা আছ’পাছৰ কন্যাসকলৰ এটা দলীয় ভাস্কৰ্য্যৰ বৰ্ণনাত হাৰ্পিনাৰ কথা উল্লেখ কৰা হৈছে৷ ভাস্কৰ্য্যটোত জ্যুছে এজিনা, হাৰ্পিনা, কৰ্চাইৰা, থিবে আৰু এছ’পাছক অপহৰণ কৰা আদি ঘটনা অন্তৰ্ভুক্ত কৰা আছিল। এই ভাস্কৰ্য্যটো অলিম্পিয়াৰ হিপ'ডেমিয়া উদ্যানত অৱস্থিত আছিল৷

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Richmond, Henry J. (1905), The Pronunciation of Greek and Latin Proper Names in English, প্ৰকাশক Ann Arbor: George Wahr, p. 32, ISBN 9780857927866, https://books.google.com/books?id=XMGulz4NTfwC 
  2. 2.0 2.1 Diodorus Siculus, 4.72.1.
  3. Apollodorus, 3.12.6.
  4. Diodorus Siculus, 4.73.1.
  5. Scholia Vict. ad Homer Iliad, 14.291; Strabo, 10 p. 447
  6. Diodorus Siculus, 4.73.1; Pausanias, 5.22.6