হিউমেন সাগৰ
হিউমেন সাগৰ | |
|---|---|
| জন্ম | টিটিলাগড়, বলাংগীৰ জিলা, ওড়িশা |
| উৎসস্থান | ওড়িশা |
| পেচা | কণ্ঠশিল্পী |
| সক্ৰিয়তাৰ বছৰ | ২০১৫–বৰ্তমান |
হিউমেন সাগৰ (ওড়িয়া: ହ୍ୟୁମାନ ସାଗର) হ'ল ওড়িয়া চলচ্চিত্ৰ জগতৰ এগৰাকী বিশিষ্ট গায়ক।[1][2][3] স্থানীয় ৰাইজে তেওঁক ওড়িশাৰ অৰিজিৎ সিং বুলিও সম্বোধন কৰে। "তৰংগ" টিভি চেনেলত প্ৰচাৰিত "ভয়েচ ওড়িশা ছিজন ২"ৰ ৰিয়েলিটি শ্ব' বিজয়ী হোৱাৰ পিছত তেওঁ খ্যাতি লাভ কৰে।[4] সংগীতৰ প্ৰতি থকা আসক্তিৰ বাবে তেওঁ মেডিকেল পঢ়া বাদ দিছিল।[5]
জীৱনী
[সম্পাদনা কৰক]ওড়িশাৰ বলাংগীৰ জিলাৰ টিটললগড়ৰ সংগীতৰ সৈতে জড়িত এটা পৰিয়ালত জন্ম লাভ কৰা হিউমেন সাগৰে তৃতীয় শ্ৰেণীৰ ছাত্ৰ হৈ থকাৰ সময়তে গুৰু শ্ৰী সুব্ৰংসু মিশ্ৰৰ সহায়ত সংগীত শিকিবলৈ আৰম্ভ কৰিছিল।[5] সৰুৰে পৰাই তেওঁ বিভিন্ন সংগীত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পুৰস্কাৰ লাভ কৰিছিল। তেওঁৰ ককাদেউতাকে বিভিন্ন সম্বলপুৰী লোকগীতৰ সংগীত পৰিচালনা কৰিছিল।[6] তেওঁৰ পিতৃ অল ইণ্ডিয়া ৰেডিঅ’ ‘বি’ গ্ৰেড গায়ক, মাকো এগৰাকী সংগীতজ্ঞ।[7] তেওঁ চিকিৎসা মহাবিদ্যালয়ত অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিছিল যদিও সংগীতৰ প্ৰতি থকা অপৰিসীম প্ৰেম আৰু আসক্তিৰ বাবে প্ৰথম বৰ্ষতে চিকিৎসা বিজ্ঞানৰ শিক্ষা ত্যাগ কৰি সংগীত জগতত প্ৰৱেশ কৰে।[7]
তেওঁ ২০১২ চনত তৰংগ টিভিত "ভয়েচ অৱ ওড়িশা" নামৰ এটা ৰিয়েলিটি টিভি শ্ব'ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি শ্ব'টোত জয়ী হয়।[8]
হিউমেন সাগৰে ২০১৭ চনত ভইচ অৱ ওড়িশা ছিজন ২ শ্ব'ত সহযোগী অংশগ্ৰহণকাৰী শ্ৰিয়া মিশ্ৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ এজনী ছোৱালী আছে।[6][9]
কেৰিয়াৰ
[সম্পাদনা কৰক]সাংগীতিক কেৰিয়াৰ
[সম্পাদনা কৰক]অভিজিত মজুমদাৰ পৰিচালিত চলচ্চিত্ৰ "ইস্ক তু হি তু"ৰ শীৰ্ষক গীত গাই তেওঁক দৰ্শকৰ মাজত জনপ্ৰিয় হৈছিল।[6][10] ২০১৭ চনত "গজল গজল" গীতটোৰ বাবে তেওঁ শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পীৰ চকলেট বঁটা লাভ কৰে।[11] তেওঁ হিন্দী এলবাম "মেৰা য়ে জাহান"তো গীত গাইছে।[12][13][14] ২০১৭ চনত তেওঁ বিভিন্ন ওডিয়া সংগীত এলবাম "তুম ওঁঠ তলে", 'নিশ্বাস', 'বেখুদি', আৰু 'চেহৰা'ত গীত গাইছে।[15][16][17]
ৰাজনৈতিক কেৰিয়াৰ
[সম্পাদনা কৰক]হিউমেন সাগৰে ২০১৯ চনৰ ৩ মাৰ্চত ভাৰতৰ ওড়িশা ৰাজ্যৰ এটা ৰাজনৈতিক দল "বিজু জনতা দল" (BJD)-ৰ হৈ ৰাজনীতিত যোগদান কৰে।[18][19]
কণ্ঠদান কৰা চলচ্চিত্ৰ
[সম্পাদনা কৰক]| বৰ্ষ | চলচ্চিত্ৰ |
|---|---|
| ২০১৫ | ইস্ক তু হি তু |
| ২০১৫ | গপ হেলে বি সত |
| ২০১৫ | ৰক ষ্টাৰ |
| ২০১৫ | লভ য়ু হমেশা |
| ২০১৫ | পিলাটা বিগিড়িগলা |
| ২০১৫ | আশিক |
| ২০১৫ | গল্প নুহেঁ অল্প দিনৰ |
| ২০১৬ | গোটে শুআ গোটে শাৰী |
| ২০১৬ | জবৰদস্ত প্ৰেমিক |
| ২০১৬ | অগস্ত্য |
| ২০১৬ | ঝিঅটা বিগিড়িগলা |
| ২০১৬ | বেবি |
| ২০১৬ | মুঁ গান্ধী নুহেঁ |
| ২০১৬ | প্ৰেমৰ নিশা নিআৰা নিআৰা |
| ২০১৭ | নিঝুম ৰাতিৰ সাথী |
| ২০১৭ | দিল্ দিৱানা হেইগলা |
| ২০১৭ | সীতাৰামঙ্ক বাহাঘৰ কল়িয়ুগৰে |
| ২০১৭ | তু মো লভ্ ষ্টোৰী |
| ২০১৭ | টিকে খৰা টিকে ছাই |
| ২০১৭ | মিঠা মিঠা |
| ২০১৭ | অভয় |
| ২০১৭ | ৰোমিও জুলিএট |
| ২০১৭ | মুঁ খাণ্টি ওড়িআ ঝিঅ |
| ২০১৭ | হিৰো নং ৱান্ |
| ২০১৭ | টিকে অনাড়ি পূৰা খিলাড়ি |
| ২০১৭ | তো প্ৰেমৰে পড়িলা পৰে |
| ২০১৭ | লৈলা ও লৈলা |
| ২০১৮ | ওন্লি প্যাৰ |
| ২০১৮ | হাপি লকি |
| ২০১৮ | মনৰ মানসী |
| ২০১৮ | যোগী |
| ২০১৮ | শক্তি |
| ২০১৮ | লভ্ প্ৰমিজ্ |
| ২০১৮ | সুন্দৰগড়ৰ সলমান্ খান্ |
| ২০১৮ | ৪ ইডিঅটস্ |
| ২০১৮ | টোকাটা ফসিগলা |
| ২০১৮ | লোকাল টোকা লভ্ চোখা |
| ২০১৮ | ব্লাক্মেল্ |
| ২০১৮ | ইস্ক পুণিথৰে |
| ২০১৮ | প্ৰেম্ কুমাৰ |
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- হিউমেন সাগৰ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Ollywood singer Humane Sagar joins BJD | OdishaSunTimes.com" (en-US ভাষাত). https://odishasuntimes.com/ollywood-singer-humane-sagar-joins-bjd/। আহৰণ কৰা হৈছে: 2019-03-04.
- ↑ "Noted Odisha singer Humane Sagar joins BJD" (en-US ভাষাত). KalingaTV. 2019-03-03. https://kalingatv.com/state/noted-odisha-singer-humane-sagar-joins-bjdnoted-odisha-singer-humane-sagar-joins-bjd/। আহৰণ কৰা হৈছে: 2019-03-04.
- ↑ "Soulful Music:Humane Sagar captivates audience with Odia tracks" (en-US ভাষাত). Orissa POST. 2019-01-07. http://www.orissapost.com/soulful-musichumane-sagar-captivates-audience-with-odia-tracks/। আহৰণ কৰা হৈছে: 2019-01-09.
- ↑ "Human Sagar – A Playback Singer Of Ollywood Industry - EnewsOdia.Com" (en-US ভাষাত). https://enewsodia.com/human-sagar-playback-singer-ollywood-industry/। আহৰণ কৰা হৈছে: 2019-01-07.
- ↑ 5.0 5.1 https://m.dailyhunt.in/news/india/oriya/sambad-epaper-samba/daktari+patha+chadi+gayaka+hoichanti+ehi+oliuda+selibriti-newsid-70254302
- ↑ 6.0 6.1 6.2 https://enewsodia.com/human-sagar-playback-singer-ollywood-industry/
- ↑ 7.0 7.1 https://www.youtube.com/watch?v=FHZwHXf2DqU
- ↑ "You don't know these things about Humane Sagar" (en-US ভাষাত). https://enewsodia.com/human-sagar-playback-singer-ollywood-industry/। আহৰণ কৰা হৈছে: 2019-03-04.
- ↑ https://www.youtube.com/watch?v=v4u_1CWVAkw
- ↑ Flora. "If in love, you need to hear Radio Choklate's Odia romantic track 'Tu Hi Tu'" (en-US ভাষাত). https://odishasuntimes.com/if-in-love-you-need-to-hear-radio-choklates-odia-romantic-track-tu-hi-tu/। আহৰণ কৰা হৈছে: 2019-01-07.
- ↑ "ଆର୍କାଇଭ୍ କପି". http://odishasuntimes.com/list-of-winners-at-choklate-music-awards-2017/। আহৰণ কৰা হৈছে: 2018-09-09.
- ↑ http://www.orissapost.com/making-a-mark-talented-director-and-actor-on-song/
- ↑ "'Mera Yeh Jahan'- A Hindi album with complete Odia Endeavour" (en-US ভাষাত). Pragativadi: Leading Odia Dailly. 2017-02-17. http://www.pragativadi.com/mera-yeh-jajan-hindi-album-complete-odia-endeavour/। আহৰণ কৰা হৈছে: 2019-01-07.
- ↑ (en-gb ভাষাত) Mera Yeh Jahan - Single by Humane Sagar & Sonam Dash, https://itunes.apple.com/in/album/mera-yeh-jahan-single/1208906455, আহৰণ কৰা হৈছে: 2019-03-04
- ↑ (en-us ভাষাত) Bekhudee - Single by Humane Sagar, https://itunes.apple.com/us/album/bekhudee-single/1331467698, আহৰণ কৰা হৈছে: 2019-03-04
- ↑ Array (24 November 2017), Tuma Otha Tale - Biswaswarup Mohapatra - Download or Listen Free - JioSaavn, https://www.jiosaavn.com/album/tuma-otha-tale/i8rm0AT4Jss_, আহৰণ কৰা হৈছে: 2019-03-04
- ↑ "Humane Sagar originates a charm to the festival" (en-US ভাষাত). Orissa POST. 2019-01-07. http://www.orissapost.com/soulful-musichumane-sagar-captivates-audience-with-odia-tracks/। আহৰণ কৰা হৈছে: 2019-03-04.
- ↑ "Ollywood singer Humane Sagar joins BJD" (en-US ভাষাত). Update Odisha. 2019-03-03. https://updateodisha.com/2019/03/03/ollywood-singer-humane-sagar-joins-bjd-62141/। আহৰণ কৰা হৈছে: 2019-03-04.
- ↑ "Famous Ollywood Singer Humane Sagar joins BJD" (en-US ভাষাত). OdishaDiary. 2019-03-04. http://orissadiary.com/famous-ollywood-singer-humane-sagar-joins-bjd/। আহৰণ কৰা হৈছে: 2019-03-04.