হিনা দিলপাজীৰ খান
হিনা দিলপাজীৰ খান (ইংৰাজী: : Hina Dilpazeer Khan,উৰ্দু: حنا دلپذیر) এগৰাকী পাকিস্তানী অভিনেত্ৰী আৰু টেলিভিছন উপস্থাপক। এগৰাকী কমিক চৰিত্ৰৰ বাবে পৰিচিত পাকিস্তানৰ অন্যতম জনপ্ৰিয় কমেডিয়ান আৰু অভিনেত্ৰী হিচাপে বিশেষ ভাৱে গণ্য কৰা হয়।[1][2][3][4]
টেলিভিছন ধাৰাবাহিক এনি কি আয়েগী বৰাত (২০১২), মহব্বত জয়ে ভৰ মেইন (২০১২) আৰু মিথু ঔৰ আপা (২০১২)ত অগ্ৰণী কমিক চৰিত্ৰত অভিনয় কৰি দিলপাজীয়ে বিশিষ্টতা লাভ কৰে। পৰিয়ালৰ চিটকম বুলবুলে (২০০৯–বৰ্তমান) আৰু কাল্ট ক্লাছিকেল কৃষ্ণাংগ কমেডী ধাৰাবাহিক কুদ্দুছি চাহাব কি বেৱাহ (২০১২–২০১৪)ত ৪০টাতকৈও অধিক চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰে।
দিলপাজীৰৰ ছবিসমূহৰ ভিতৰত আছে কমেডী নাটক ৭ দিন মহব্বত ইন (২০১৮) আৰু ৰোমান্টিক কমেডী পেৰে হাট লাভ (২০১৯)ত সহযোগী চৰিত্ৰ। পিছৰ ছবিখনে সৰ্বাধিক উপাৰ্জন কৰা পাকিস্তানী ছবিৰ ভিতৰত স্থান লাভ কৰে।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]দিলপাজীৰৰ জন্ম হৈছিল পাকিস্তানৰ কৰাচীত এটা পাকিস্তানী পৰিয়ালত।[5] কৰাচীত প্ৰাথমিক শিক্ষা সমাপ্ত কৰাৰ পিছত পিতৃৰ কৰ্মসংস্থাপনৰ বাবে পৰিয়াল ইউ এ ইলৈ গুচি যায়। ডুবাইত কিছু বছৰ কটোৱাৰ পিছত ২০০৬ চনত পুনৰ কৰাচীলৈ উভতি আহে দিলপাজীৰ।
কৰ্মজীৱন
[সম্পাদনা কৰক]দিলপাজীৰ ইউ এ ইত থকাৰ সময়ত তেওঁ ৰেডিঅ’ কেৰিয়াৰ গঢ়িছিল। ৰেডিঅ’ নাটক লিখিছিল আৰু পৰিবেশন কৰিছিল। পাকিস্তানলৈ উভতি অহাৰ পিছত ২০০৬ চনত এ আৰ ৱাই ডিজিটেলৰ টেলিফিল্ম বাৰ্নছ ৰোড কি নিলোফাৰত ছাইদাৰ চৰিত্ৰ লাভ কৰি পাকিস্তানৰ টিভি উদ্যোগত নিজৰ কেৰিয়াৰ আৰম্ভ কৰে। বাৰ্নছ ৰোড কি নিলোফাৰত তেওঁৰ অভিনয়ক সমালোচক আৰু জনসাধাৰণে অতিশয় শলাগ লৈছিল।[1]
দিলপাজীয়ে নাট্যকৰ্মক অতিশয় ভাল পায় আৰু কেইবাখনো নাট্য নাটকত অভিনয় কৰিছে আৰু এখন হৈছে নেচনেল একাডেমী অৱ পাৰ্ফৰ্মিং আৰ্টছৰ দিল কা কিয়া ৰং কাৰুণ।[2] ২০০৮ চনত ফছিহ বাৰী খানৰ টেলিফিল্ম বাৰ্নছ ৰোড কি নীলোফাৰত দিলপাজীয়ে প্ৰথম পেছাদাৰী পৰ্দাত অভিষেক ঘটায়, যাৰ বাবে তেওঁ ২০০৯ চনত শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ কাৰা চলচ্চিত্ৰ মহোৎসৱৰ বঁটা লাভ কৰে।[6] তাৰ পিছত তেওঁ কেইবাখনো টেলিভিছন ছবি আৰু ধাৰাবাহিকত অভিনয় কৰে, য'ত জিঅ' টিভি নাটক টুম হো কে চুপ (২০১১), যিয়ে তেওঁৰ সমালোচনাত্মক মূল্যায়ন আৰু অধিক লাভ কৰে, আৰু কাল্ট ক্লাছিক কমেডী নাটক কুদ্দুছি চাহাব কি বেৱা (২০১২), য'ত তেওঁ চল্লিশটাতকৈও অধিক ভিন্ন মূল আৰু সহযোগী চৰিত্ৰত অভিনয় কৰে, যাৰ জৰিয়তে তেওঁ মূল্যায়ন লাভ কৰে আৰু উদ্যোগটোৰ অন্যতম উন্নত অভিনেতা হিচাপে নিজকে প্ৰমাণ কৰে।[7] তেখেতে মহব্বত জয়ে ভৰ মেইন (২০১২) ত এটা কমেডী চৰিত্ৰৰ সৈতে সমালোচকৰ প্ৰশংসা লাভ কৰে য'ত তেওঁ এগৰাকী মধ্যবিত্তীয় গৃহিণীৰ চৰিত্ৰত অভিনয় কৰে, যাৰ ফলত তেওঁ শেহতীয়া সময়ৰ "সৰ্বাধিক বহুমুখী" অভিনেতা,[8][9] আৰু শ্ৰেষ্ঠ টিভি অভিনেত্ৰী – উপগ্ৰহ হিচাপে দ্বিতীয়বাৰৰ বাবে লাক্স ষ্টাইল বঁটাৰ বাবে মনোনয়ন লাভ কৰে।[10] দিলপাজীৰৰ আন উল্লেখযোগ্য প্ৰকল্পসমূহ হ’ল লেডিজ পাৰ্ক (২০১১), এনি কি আয়েগী বাৰাত (২০১২) আৰু মিথু আৰু আপা (২০১৪)।
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]পৰিয়ালত দিলপাজীয়ে উল্লেখ কৰে যে তেওঁ পিতৃৰ আটাইতকৈ ঘনিষ্ঠ আছিল। দেউতাকক তেওঁ নিজৰ "বন্ধু" বুলি মনত ৰাখে আৰু তেওঁৰ নিজৰ বহু গুণৰ বাবে দেউতাকক কৃতিত্ব দিয়ে। টেলিভিছন আৰু থিয়েটাৰৰ সৈতে জড়িত হোৱাৰ উপৰিও দিলপাজীয়ে কবিতা আৰু সংগীত উপভোগ কৰে আৰু ৰোশন আৰা বেগম, বদে গুলাম আলী খান, মাষ্টাৰ মদন আৰু বেগম আখতাৰক আদৰ কৰে।[2]
১৯৮৯ চনত লাভ মেৰেজত আহমেদ আলীৰ সৈতে দিলপাজীৰ বিবাহপাশত আবদ্ধ হয়। একে বছৰতে পুত্ৰ সন্তান মুস্তাফা আলীৰ জন্ম হয়। ১৯৯২ চনত বিবাহৰ অন্ত পৰে, হিনাই কয় যে আহমেদে তেওঁক খঙত বিবাহ বিচ্ছেদ কৰিছিল। বিবাহ বিচ্ছেদৰ সময়ত দিলপজীৰৰ বয়স আছিল ২৩ বছৰ আৰু পুত্ৰৰ বয়স আছিল ৩ বছৰ।[11]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "Hina Dilpazeer– Actress, model, Singer And Now TV SHOW HOST". ARY Digital. http://www.arydigital.tv/hina-dilpazeer-actress-model-singer-and-now-tv-show-host/.
- ↑ 2.0 2.1 2.2 "Versatility, thy name is Hina Dilpazir". The Express Tribune. http://tribune.com.pk/story/484652/versatility-thy-name-is-hina-dilpazir/.
- ↑ "Hina Dilpazeer's most memorable roles!". Shahjahan Khurram. ARY News. 26 February 2015. Archived from the original on 29 September 2019. https://web.archive.org/web/20190929083248/https://arynews.tv/en/hina-dilpazeers-hilarious-roles/। আহৰণ কৰা হৈছে: 20 December 2015.
- ↑ Saadia Qamar (26 December 2012). "Versatility, thy name is Hina Dilpazir". The Express Tribune. http://tribune.com.pk/story/484652/versatility-thy-name-is-hina-dilpazir/। আহৰণ কৰা হৈছে: 13 August 2013.
- ↑ "Hina Dilpazeer Biography". TV.com.pk. http://www.tv.com.pk/celebrity/Hina-Dilpazeer/45/biography.
- ↑ "Award Winners at the 7th KaraFilm Festival". Kara Film Festival. 15 February 2009. Archived from the original on 28 April 2009. https://web.archive.org/web/20090428105007/http://www.karafilmfest.com/KaraFilm2009/awards09.htm। আহৰণ কৰা হৈছে: 19 December 2015.
- ↑ "T-Diaries: Hina Dilpazeer". The Express Tribune. 28 October 2014. http://tribune.com.pk/story/780043/t-diaries-hina-dilpazeer/। আহৰণ কৰা হৈছে: 19 December 2015.
- ↑ "Hina Dilpazeer's most memorable roles! – she has astounded fans and critics alike, with versatile acting, various comic roles, and fits of laughter.". ARY Digital. 20 August 2011. http://www.arydigital.tv/hina-dilpazeers-memorable-roles/। আহৰণ কৰা হৈছে: 21 December 2015.
- ↑ "Comedy to the rescue". Hani Taha. 20 August 2011. http://tribune.com.pk/story/235826/comedy-to-the-rescue/। আহৰণ কৰা হৈছে: 21 December 2015.
- ↑ "11th Lux Style Awards 2012 – Nominations Announced for 26 Categories". View Scraze. 23 May 2012. http://www.viewscraze.com/2012/05/23/11th-lux-style-awards-2012-nominations-announced-for-26-categories/। আহৰণ কৰা হৈছে: 21 December 2015.
- ↑ "'I was just 23, he divorced me in anger': Hina Dilpazeer opens up on divorce, son and finding love again". 8 November 2021. https://thecurrent.pk/i-was-just-23-he-divoced-me-in-anger-hina-dilpazeer-opens-up-on-divorce-son-and-finding-love-again/.