হিনা বানো
হিনা বানো (ইংৰাজী: Hina Bano; জন্ম: ১০ মাৰ্চ ২০০৪) হাৰিয়ানাৰ এগৰাকী ভাৰতীয় জুনিয়ৰ ফিল্ড হকী খেলুৱৈ।[1] ২০২৩ চনত তেওঁ জুনিয়ৰ ভাৰতীয় দলৰ বাবে নিৰ্বাচিত হৈছিল। তেওঁ ঘৰুৱা প্ৰতিযোগিতাসমূহত ৰে'লৱে ক্ৰীড়া প্ৰসাৰ ব'ৰ্ড আৰু বাংগালুৰুৰ নেচনেল চেণ্টাৰ অৱ এক্সেলেন্সৰ হৈ মিডফিল্ডাৰ হিচাপে খেলে আৰু হিৰো হকী ইণ্ডিয়া লীগৰ সুৰমা হকী ক্লাবৰ হৈ খেলে।[2]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]২০০৪ চনৰ ১০ মাৰ্চত লক্ষ্ণৌৰ গোৰখপুৰত বানোৰ জন্ম হৈছিল। তেওঁ সৰু থাকোতেই দেউতাকৰ মৃত্যু হয় আৰু ককাদেউতাক উজাগৰ আলীয়ে তেওঁক ডাঙৰ-দীঘল কৰে। তেওঁৰ ককাদেউতাকে সেনা জোৱানৰ নাপিত হিচাপে কাম কৰিছিল।[3] তেওঁ আদিতে এগৰাকী এথলিট হিচাপে আৰম্ভ কৰিছিল, কিন্তু স্কুলৰ প্ৰশিক্ষক অভিষেকৰ পৰামৰ্শ অনুসৰি হকীলৈ সলনি হয়। তেওঁ লক্ষ্ণৌৰ স্পৰ্টছ অথৰিটি অৱ ইণ্ডিয়া হোষ্টেলত প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত হৈছিল যদিও তেওঁৰ স্কুলৰ প্ৰধান শিক্ষকে পৰিয়ালটোক হোষ্টেললৈ পঠিয়াবলৈ মান্তি কৰাব লগা হৈছিল, য’ত তেওঁ প্ৰশিক্ষক নীলম কাপুৰৰ অধীনত প্ৰশিক্ষণ লৈছিল।[3] তেওঁ উত্তৰ-পূব ৰে'লৱে ক্ৰীড়া সন্থাৰ অংশ।[4]
কেৰিয়াৰ
[সম্পাদনা কৰক]বানোৱে ডাচেলডৰ্ফত অনুষ্ঠিত ২০২৩ চনৰ ৪ নেশ্যনছ জুনিয়ৰ উইমেনছ ইনভিটেশ্যনেল টুৰ্ণামেণ্টত জুনিয়ৰ ৰাষ্ট্ৰীয় দলক প্ৰতিনিধিত্ব কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ চিলিৰ চেণ্টিয়াগোত অনুষ্ঠিত ২০২৩ চনৰ এফআইএইচ জুনিয়ৰ বিশ্বকাপত ভাৰতীয় মহিলাৰ ৰাষ্ট্ৰীয় অনুৰ্ধ-২১ ফিল্ড হকী দলৰ অংশ আছিল।[3] ৱেলছৰ বিৰুদ্ধে ৩-১ গলত জয়লাভ কৰা খেলখনত তেওঁ এটা গল দি সেই পৰ্যায়ত টুৰ্ণামেণ্টৰ দ্বিতীয় সৰ্বাধিক গলদাতা হিচাপে পৰিগণিত হয়।[5]
২০২৬ চনৰ মাৰ্চ মাহত হায়দৰাবাদত অনুষ্ঠিত হ'বলগীয়া এফআইএইচ হকী মহিলা বিশ্বকাপ কোৱালিফায়াৰৰ প্ৰস্তুতিৰ বাবে এছএআই বাংগালুৰুত অনুষ্ঠিত জ্যেষ্ঠ ভাৰতীয় মহিলা ৰাষ্ট্ৰীয় প্ৰশিক্ষণ শিবিৰৰ বাবে তেওঁ নিৰ্বাচিত হৈছে।[6]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Hina Bano - Hockey India". hockeyindia.org. https://hockeyindia.org। আহৰণ কৰা হৈছে: 2026-02-22.
- ↑ "Hina Bano - Hockey India League - Hockey India". hockeyindialeague.com. https://hockeyindialeague.com.। আহৰণ কৰা হৈছে: 2026-02-22.
- 1 2 3 "India go down in shootout against Australia in FIH Pro League Hobart Leg" (en ভাষাত). thebridge.in. 2026-02-22. https://thebridge.in। আহৰণ কৰা হৈছে: 2026-02-22.
- ↑ "हिना बानो का जूनियर हॉकी विश्व कप के लिए चयन" (hi ভাষাত). www.livehindustan.com. 2025-11-11. https://www.livehindustan.com। আহৰণ কৰা হৈছে: 2026-02-22.
- ↑ "Hockey, Junior World Cup: Hina Bano adds to her goal tally as India beat Wales in the classification match after missing out on quarterfinals" (en ভাষাত). The Indian Express. 2025-12-08. https://indianexpress.com। আহৰণ কৰা হৈছে: 2026-02-22.
- ↑ "Five emerging Indian talents who stood out at Womens Hockey India League" (en ভাষাত). The Tribune. https://www.tribuneindia.com। আহৰণ কৰা হৈছে: 2026-02-22.