হিন্দু ধৰ্মত তুলসী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
তুলসী
ব্যক্তি ৰূপত তুলসী গছ
Tulsidevi01.jpg
বৃন্দা বা তুলসী দেৱীৰ প্ৰতিমা
অন্য নাম বৃন্দা
দেৱনাগৰী तुलसी
সংস্কৃত লিপ্যন্তৰ Tulasi
সম্পৰ্ক দেৱী,
  • লক্ষ্মীৰ অৱতাৰ (তুলসী হিচাপে)
  • অসুৰৰ কন্যা (বৃন্দা হিচাপে)
নিবাস তুলসী উদ্ভিদ, বৈকুণ্ঠ
মন্ত্ৰ Om tripuraaya vidmahe tulsi pathraya dheemahi tanno tulsi prachodayat
প্ৰতীক তুলসী গছ
সঙ্গী * শালগ্ৰাম; বিষ্ণুৰ অৱতাৰ (তুলসী হিচাপে)
পিতৃ-মাতৃ * ধৰ্মদ্ধজ আৰু বেদৱতী (তুলসী হিচাপে)
উৎসৱ তুলসী বিবাহ

হিন্দু ধৰ্মত তুলসী দেৱীলক্ষ্মী দেৱীৰ অৱতাৰ বুলি কোৱা হয় আৰু এনেদৰে তেওঁক ভগৱান শ্ৰীবিষ্ণুৰ সহধৰ্মিনী হিচাপে গণ্য কৰা হয়। আন এক কিংবদন্তিয়ে তেওঁক বৃন্দা বুলি উল্লেখ কৰে আৰু লক্ষ্মী দেৱীৰ পৰা পৃথক কৰে। তুলসী বা বৃন্দা (পবিত্ৰ তুলসী) -ক হিন্দু ধৰ্মাৱলম্বী লোকসকলে এক পৱিত্ৰ উদ্ভিদ বুলি বিশ্বাস কৰে। এক আখ্যান অনুসৰি তুলসী দেৱী জলন্ধৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। তুলসীৰ পাত বিষ্ণুৰ অৱতাৰ শ্ৰীকৃষ্ণ আৰু বিঠোবাৰ দৰে তেওঁৰ আন অৱতাৰসমূহৰ উপাসনাত ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হয়৷

বহুতো হিন্দু ধৰ্মাৱলম্বী লোকৰ ঘৰৰ সন্মুখত বা ওচৰত তুলসী গছ গজি উঠা দেখা যায়৷ পৰম্পৰাগতভাৱে, হিন্দু ধৰ্মাৱলম্বী লোকসকলে তুলসীক চোতালৰ কেন্দ্ৰীয় অংশত ৰোপণ কৰে৷[2] অত্যাৱশ্যকীয় তেল আৰু ধৰ্মীয় উদ্দেশ্যৰ হেতু এই তুলসী উদ্ভিদৰ খেতি কৰা হয়।

নামসমূহ[সম্পাদনা কৰক]

হিন্দু বেদত, তুলসী ('অতুলনীয়') -ক বৈষ্ণৱী (“বিষ্ণুৰ সৈতে সম্পৰ্কিত”), বিষ্ণু বল্লভ (“বিষ্ণুৰ প্ৰিয়”),[3] হৰিপ্ৰিয়া (“বিষ্ণুৰ প্ৰিয়”), বিষ্ণু তুলসী বুলি জনা যায়। সেউজীয়া পাত বিশিষ্ট তুলসীক শ্ৰী-তুলসী (“সৌভাগ্যৱান তুলসী”) বুলি কোৱা হয়; ই শ্ৰীবিষ্ণুৰ পত্নী দেৱী লক্ষ্মীৰ সমাৰ্থক। এই প্ৰকাৰটোক ৰাম-তুলসী (“উজ্জ্বল তুলসী”) বুলিও কোৱা হয়; ৰাম শ্ৰীবিষ্ণুৰ এক অন্যতম অৱতাৰ আছিল। গাঢ় সেউজীয়া বা বেঙুনীয়া পাত আৰু বেঙুনীয়া কাণ্ড থকা তুলসীক শ্যাম-তুলসী (“ডাঠ তুলসী”) বা কৃষ্ণ-তুলসী (“ডাঠ তুলসী”) বুলি কোৱা হয়; কৃষ্ণও শ্ৰীবিষ্ণুৰ এক বিশেষ অৱতাৰ আছিল। এই প্ৰকাৰবোৰ শ্ৰীকৃষ্ণৰ বাবে বিশেষভাৱে পবিত্ৰ বুলি গণ্য কৰা হয়, কিয়নো ইয়াৰ বেঙুনীয়া ৰং কৃষ্ণৰ গাঢ় বৰণৰ সৈতে একে।[3][4]

এটা যুক্তি উত্থাপন কৰা হয় যে, দেৱী লক্ষ্মীও তুলসীৰ সৈতে একে আৰু সেয়েহে ইয়াক লক্ষ্মী প্ৰিয়া বুলিও জনা যায়; তুলসীক বিষ্ণুৰ অন্যান্য অৱতাৰ, যেনে ৰাম আৰু কৃষ্ণৰ পত্নী হিচাপেও চিনাক্ত কৰা হয়।

কিংবদন্তি[সম্পাদনা কৰক]

তুলসী আৰু ভগৱান বিষ্ণুৰ অভিশাপ[সম্পাদনা কৰক]

শংখচূৰ সুদামাৰ পুনৰ জন্ম আছিল। সুদামা যদিও শ্ৰীকৃষ্ণৰ ভক্ত আছিল, তেওঁ শ্ৰীৰাধাক খুব ঘৃণা কৰিছিল। তেওঁ প্ৰেমক বিলাস বুলি গণ্য কৰিছিল। এবাৰ গোলোক ভ্ৰমণৰ সময়ত শ্ৰীকৃষ্ণই তেওঁক তেওঁৰ প্ৰাসাদৰ দ্বাৰপাল হিচাপে ৰাখি কাকো প্ৰৱেশ কৰিবলৈ নিদিবলৈ কৈছিল। আদেশ অনুসৰি শ্ৰীকৃষ্ণৰ বিশ্ৰাম অৱস্থাত তেওঁ ৰাধাক প্ৰৱেশ কৰাত বাধা প্ৰদান কৰিছিল। ক্ৰোধত শ্ৰীৰাধাক তেওঁ অভিশাপ দিছিল যে, তেওঁ শ্ৰীকৃষ্ণৰ সকলো কথা পাহৰি যাব আৰু গোলোক ত্যাগ কৰি এশ বছৰ পৃথিৱী লোকত বাস কৰিব। তেওঁকো উপলব্ধি কৰোৱা হৈছিল যে, ৰাধা-কৃষ্ণৰ প্ৰেম হৈছে বিশ্বব্ৰহ্মাণ্ডৰ ভেটি। সেয়ে তেওঁকো পৃথিৱী লোকত শংখচূৰ নামেৰে জন্মগ্ৰহণ কৰিবলৈ অভিশাপ দিয়া হৈছিল।

পৃথিৱী লোকত শক্তিশালী দৈত্য গৰাকীয়ে (শংখচূৰ) ঘোৰ তপস্যা কৰি ব্ৰহ্মাক সন্তুষ্ট কৰিছিল। ব্ৰহ্মাই তেওঁক অজেয়তাৰ বৰ আৰু বিষ্ণু-কৱচ (বিষ্ণুৰ কৱচ) দি কয় যে, যেতিয়ালৈকে তেওঁৰ শৰীৰত বিষ্ণু-কৱচ আৰু তেওঁৰ পত্নীৰ সতীত্ব থাকিব তেতিয়ালৈকে তেওঁক কোনোৱে হত্যা কৰিব নোৱাৰিব। শংখচূৰ তুলসীক বিয়া কৰায়। শংখচূৰে নিয়মানুসৰি তেওঁৰ দৈত্য ধৰ্মৰ পালন কৰিছিল কিন্তু আন সম্প্ৰদায়ৰ বাবে তেওঁৰ সেই কাৰ্য ভুল আৰু পাপ স্বৰূপ আছিল। তেওঁ তিনিও লোকত বিজয় প্ৰাপ্ত কৰাৰ পিছত, বিভিন্ন মহাকাশীয় ৰাজ্যৰ পৰা তেওঁ দেৱতাসকলক উলিয়াই দিছিল। শিৱই বিশ্বব্ৰহ্মাণ্ডৰ উদ্ধাৰৰ হেতু শংখচূৰক যুদ্ধৰ বাবে প্ৰত্যাহ্বান জনায়। আনপিনে তুলসী অকলশৰীয়া হৈ থকা অৱস্থাত মহাবিষ্ণুৱে শংখচূৰৰ ৰূপ ধাৰণ কৰি তেওঁৰ সৈতে যৌন-সম্ভোগ কৰে। তুলসীৰ সন্দেহ উপজাত বিষ্ণুই তেওঁৰ প্ৰকৃত স্বৰূপলৈ আহি তুলসীক তেওঁৰ পাৰ্থিৱ শৰীৰ ত্যাগ কৰি তেওঁৰ পত্নীৰূপে পুনৰ বৈকুণ্ঠলৈ যাবলৈ কয়। ক্ৰোধত তুলসীয়ে শ্ৰীবিষ্ণুক শিললৈ পৰিণত হ’বলৈ অভিশাপ দিয়ে। বিষ্ণুৱে তুলসীক আশীৰ্বাদ দি নদী হ’বলৈ কয় আৰু তেওঁ শিললৈ ৰূপান্তৰিত হৈ গণ্ডকী নদীৰ পাৰত ৰয়। মানুহ আৰু ভক্তসকলে ইয়াক শালগ্ৰামৰ এটা অংশ বুলি কয়। তুলসীৰ নশ্বৰ দেহ ক্ষয় হৈ গণ্ডকী নদীলৈ পৰিণত হয় আৰু তেওঁৰ চুলি পৱিত্ৰ তুলসী উদ্ভিদলৈ ৰূপান্তৰিত হয়৷[5][6]

গ্ৰন্থপঞ্জী[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. https://archive.org/stream/puranicencyclopa00maniuoft#page/778/mode/1up
  2. Simoons 1998, পৃষ্ঠা. 17–18.
  3. 3.0 3.1 Simoons 1998, পৃষ্ঠা. 14.
  4. Chatterjee, Gautam (2001). Sacred Hindu Symbols. Abhinav Publications. পৃষ্ঠা. 93. ISBN 978-81-7017-397-7. https://books.google.com/books?id=NQ0XQHEkuIcC&pg=RA1-PA93. 
  5. Mani pp. 797–8
  6. Deshpande 2005, পৃষ্ঠা. 203.

বাহ্যিক সংযোগ[সম্পাদনা কৰক]