সমললৈ যাওক

হিন্দু শ্ৰুতিকথা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ত্ৰিমূৰ্তি (ব্ৰহ্মা, বিষ্ণু, আৰু শিৱ) তেওঁলোকৰ পত্নী ত্ৰিদেৱীৰ (সৰস্বতী, লক্ষ্মী, আৰু পাৰ্বতী) সৈতে পদ্মাসনত বহি থকা অৱস্থাৰ চিত্ৰ৷


হিন্দু শ্ৰুতিকথা (ইংৰাজী: Hindu mythology) বা হিন্দু পৌৰাণিক কাহিনী বুলিলে বিভিন্ন হিন্দু গ্ৰন্থ আৰু পৰম্পৰাৰ পৰা উদ্ভৱ হোৱা হিন্দু ধৰ্মৰ সৈতে জড়িত কিংবদন্তি আৰু শ্ৰুতিকথাৰ সংগ্ৰহক বুজায়। এই শ্ৰুতিকথাবোৰ পবিত্ৰ গ্ৰন্থ যেনে বেদ,[1] মহাকাব্য (মহাভাৰত আৰু ৰামায়ণ),[2] আৰু পুৰাণ আদিত পোৱা যায়।[3] বাংলা ভাষাৰ মংগল কাব্য (Mangal Kavya) আৰু [[তামিল ভাষা]ৰ পেৰিয়া পুৰাণম (Periya Puranam) আৰু দিব্য প্ৰবন্ধমকে (Divya Prabandham) ধৰি বিভিন্ন আঞ্চলিক আৰু নৃতাত্ত্বিক গ্ৰন্থতো এই কাহিনী সমূহ পোৱা যায়। ইয়াৰ উপৰিও পঞ্চতন্ত্ৰ আৰু হিতোপদেশৰ দৰে বহুলভাৱে অনুবাদিত উপকথাৰ লগতে হিন্দু পৰম্পৰাৰ দ্বাৰা প্ৰভাৱিত দক্ষিণ-পূব এছিয়াৰ গ্ৰন্থসমূহতো হিন্দু শ্ৰুতিকথা পোৱা যায়।[4][5]

"শ্ৰুতিকথা"ৰ অৰ্থ

[সম্পাদনা কৰক]
হিন্দু ধৰ্ম
হিন্দু ধৰ্ম

ওঁব্ৰহ্মাঈশ্বৰ
হিন্দুহিন্দু ধৰ্মৰ ইতিহাস

ৱিকিপিডিয়া:হিন্দু ধৰ্ম

হিন্দু ধৰ্ম বাটচ'ৰা
হিন্দু পুৰাণ বাটচ'ৰা
 প্ৰ     

শ্ৰুতিকথা হৈছে লোককথা বা ধৰ্মতত্ত্বৰ এক ধাৰা যিটো মূলতঃ সমাজত মৌলিক ভূমিকা পালন কৰা আখ্যান, যেনে মূল কাহিনী বা উৎপত্তিৰ কিংবদন্তি আদি বুজোৱা হয়। "শ্ৰুতিকথা" বুলিলে কেৱল কিবা এটা সঁচা নহয় বুলি ইংগিত দিয়ে যদিও লোককথাবিদ, ইতিহাসবিদ, দাৰ্শনিক বা ধৰ্মতত্ত্ববিদ সকলে শব্দটো কিছু পৃথক ৰূপত ব্যৱহাৰ কৰে। বৰঞ্চ শ্ৰুতিকথাৰ সত্য মূল্য সংজ্ঞায়িত মাপকাঠী নহয়।[6] হিন্দুসকলে ইয়াক কেৱল কাহিনী নহয়, বৰঞ্চ মহান সাহিত্য ৰূপত প্ৰকাশ কৰা তেওঁলোকৰ গৌৰৱময় ইতিহাস আৰু পৰম্পৰা বুলি ভাবে।

হিন্দু শ্ৰুতিকথা বেদ, ইতিহাস (ৰামায়ণ আৰু মহাভাৰত), আৰু প্ৰধান পুৰাণ সমূহত পোৱা যায়। আন আন উৎসসমূহৰ ভিতৰত মংগল-কাব্যৰ দৰে বাংলা সাহিত্য আৰু দিব্য প্ৰবন্ধম, তিৰুমুৰাই আৰু পঞ্চম মহাকাব্য আদি তামিল সাহিত্য। এই আখ্যানসমূহে হিন্দু পৰম্পৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু ইয়াৰ সাংস্কৃতিক আৰু আধ্যাত্মিক প্ৰেক্ষাপটৰ ভিতৰত বাস্তৱ আৰু তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰা হয়, যিয়ে হিন্দু ধৰ্মৰ বিশ্বাস আৰু মূল্যবোধৰ গভীৰ অন্তৰ্দৃষ্টি প্ৰদান কৰে।

উৎপত্তি আৰু বিকাশ

[সম্পাদনা কৰক]

সিন্ধু উপত্যকা সভ্যতা

[সম্পাদনা কৰক]

জোচেফ কেম্পবেলৰ মতে, সিন্ধু উপত্যকাত (খ্ৰীষ্টপূৰ্ব ২৬০০–১৯০০) হয়তো হিন্দু ধৰ্মৰ বিশ্বাস আৰু পৰম্পৰাৰ চিন দেখিবলৈ পোৱা যায়। শিল্পকৰ্মৰ পৰা এনে কিছুমান ছবি উন্মোচিত হৈছে যিবোৰ আজিও হিন্দুসকলে ব্যৱহাৰ আৰু শ্ৰদ্ধা কৰে, যেনে শাসকীয় অভিজাত শ্ৰেণীৰ দ্বাৰা পূজা কৰা প্ৰাথমিক পুৰুষ দেৱতা, মাতৃ দেৱী, প্ৰকৃতিৰ আত্মা, সৰ্প পূজা, লগতে অন্যান্য থিয়ৰিঅ'মৰ্ফিক (প্ৰাণী আকৃতিৰ) সত্তা।[7] খ্ৰীষ্টপূৰ্ব ১৮০০ চনৰ আশে-পাশে পিতৃ সভ্যতাৰ অৱনতি ঘটাৰ পিছতো দ্ৰাবিড় লোকধৰ্মীয় লোকসকলে এই বিষয়বস্তু বজাই ৰাখিছিল।[8]

বৈদিক যুগ

[সম্পাদনা কৰক]

হিন্দু ধৰ্মৰ বিকাশৰ এটা প্ৰধান কাৰক আছিল বৈদিক ধৰ্ম। ভাৰত-আৰ্য্য প্ৰব্ৰজনে তেওঁলোকৰ সুকীয়া বিশ্বাস ভাৰতীয় উপমহাদেশলৈ লৈ আহিছিল, য'ত খ্ৰীষ্টপূৰ্ব ১৫০০ চনৰ আশে-পাশে বেদ ৰচনা কৰা হৈছিল। ভাৰত-আৰ্য্য বৈদিক দেৱতাৰ ভিতৰত প্ৰধান দেৱতা ইন্দ্ৰ, সৌৰ দেৱতা সূৰ্য্য, উষা, লগতে অগ্নি আদি অন্তৰ্ভুক্ত আছিল।[9][10]

ব্ৰাহ্মণ্যকাল

[সম্পাদনা কৰক]

এই কালত ব্ৰাহ্মণ বুলি জনাজাত গ্ৰন্থসমূহ ৰচিত হৈছিল।[11]

উপনিষদ যুগ

[সম্পাদনা কৰক]

উইলিয়ামছৰ মতে খ্ৰীষ্টপূৰ্ব ৯০০ চনৰ পৰা ৬০০ চনলৈকে জনসাধাৰণৰ বৈদিক দেৱতাৰ প্ৰতি কৰা বলিদান আৰু ব্ৰাহ্মণ শ্ৰেণীৰ বিৰুদ্ধে বিদ্ৰোহৰ বিৰুদ্ধে জনসাধাৰণৰ প্ৰতিবাদৰ ফলত ব্ৰাহ্মণ শ্ৰেণীয়ে সংস্কাৰ আকোৱালি লোৱাৰ লগতে চতুৰ্থ বেদ আৰু বেদান্তসমূহ ৰচনা কৰা হৈছিল। উপনিষদৰ প্ৰায় আধা সংখ্যক ৰহস্যময় আৰু একক আছিল আৰু ঈশ্বৰক এক (একম অদ্বিতীয়) হিচাপে অনুভৱ কৰাৰ কথা কোৱা হৈছিল, আনহাতে অন্য অৰ্ধাংশই এজন বা ততোধিক দেৱতাৰ প্ৰতি ভক্তিক প্ৰসাৰিত কৰিছিল। নতুন নতুন দেৱ-দেৱী উপাসনা কৰা হৈছিল আৰু ভক্তিমূলক পদ্ধতিৰ প্ৰচলন আৰম্ভ হৈছিল।[12]

শ্ৰমণিক আন্দোলন

[সম্পাদনা কৰক]

বৌদ্ধ আৰু জৈন ধৰ্মৰ পৰা উদ্ভৱ হোৱা উপাদান সমূহে পিছৰ হিন্দু পৌৰাণিক কাহিনীত নিজৰ অৱদান আগবঢ়াইছিল, যেনে মন্দিৰ, ঘৰৰ ভিতৰৰ মন্দিৰ, আৰু কোনো ঐশ্বৰিক ৰজাৰ সেৱাৰ আৰ্হিত কৰা আচাৰ-অনুষ্ঠান আদি। ত্যাগ পৰম্পৰাই বলিদান আৰু জীৱ-জন্তু হত্যাক লৈ প্ৰশ্ন উত্থাপন কৰা উপাদানসমূহৰ অৰিহণা যোগাইছিল, আৰু তপস্যা আৰু নিৰামিষভোজীক প্ৰসাৰিত কৰিছিল। এই সকলোবোৰ বিষয়বস্তু ব্ৰাহ্মণ শ্ৰেণীয়ে পিছৰ হিন্দু সংস্কাৰত অন্তৰ্ভুক্ত হৈছিল৷[12]

মহাকাব্যিক যুগ

[সম্পাদনা কৰক]

খ্ৰীষ্টপূৰ্ব ৪০০ চনৰ পৰা ৪০০ খ্ৰীষ্টাব্দলৈকে ভাৰতৰ মহান মহাকাব্য মহাভাৰত আৰু ৰামায়ণৰ সংকলনৰ সময় আছিল। এই মহাকাব্যবোৰ আছিল নতুনকৈ বিকশিত হোৱা হিন্দু সংশ্লেষণৰ কেন্দ্ৰীয় প্ৰকাশ, যিয়ে বিষ্ণুৰ অৱতাৰ আৰু অন্যান্য ঐশ্বৰিক প্ৰকাশত পৃথিৱীত ঐশ্বৰিক ক্ৰিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰি এক নিৰ্দিষ্ট হিন্দু পৌৰাণিক কাহিনীত অৰিহণা যোগাইছিল। দেৱতা আৰু অসুৰৰ জ্ঞান বিস্তাৰিত ৰূপত প্ৰকাশ কৰা হৈছিল। মহাকাব্যিক শ্ৰুতিকথা সমূহে পৰৱৰ্তী দুটা যুগৰ চহকী বহুদেৱতাবাদৰ পূৰ্বাভাস দিছিল। মহাভাৰতত দুটা পৰিশিষ্ট ভাগৱত গীতা আৰু হৰিবংশ পৰৱৰ্তী পৌৰাণিক বিকাশৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ উৎস আছিল।

পুৰাণৰ যুগ

[সম্পাদনা কৰক]

উইলিয়ামছৰ মতে পুৰাণৰ শ্ৰুতিকথা সমূহক তিনিটা যুগত (৩০০–৫০০; ৫০০–১০০০; ১০০০–১৮০০) ভাগ কৰিব পাৰি, বা গোটেই সময়ছোৱাক কেৱল হিন্দু মধ্যযুগ বুলি ক’ব পাৰি। এই যুগত বিশ্বাসৰ প্ৰধান পুৰাণিক গ্ৰন্থসমূহৰ ৰচনা হোৱাৰ লগতে সাম্প্ৰদায়িকতাবাদৰ উত্থান ঘটিছিল আৰু বিষ্ণু, শিৱ বা দেৱী পূজাৰ চাৰিওফালে অনুগামীসকলে গোট খাইছিল। এই সময়ছোৱাৰ ভিতৰৰ তিনিটা ধৰ্মগোষ্ঠীৰ সাম্প্ৰদায়িক সম্প্ৰদায়ৰ ভিতৰত ঐতিহাসিক বিকাশ, তান্ত্ৰিক ধৰ্মৰ উত্থান আৰু অৱনতি আৰু মূলসুঁতিৰ পৌৰাণিক কাহিনীত ইয়াৰ প্ৰভাৱ, অধীনস্থ বৈদিক দেৱতা আৰু অতীতৰ নায়কসকলৰ পুৰাণ পৌৰাণিক কাহিনীত নিত্য বৃদ্ধি পোৱা নৈতিক দুৰ্বলতাৰ প্ৰৱণতা, যিবোৰক উচ্ছল বহুদেৱবাদৰ সময় হিচাপে চিনাক্ত কৰা হয়, সেইবোৰৰ স্থান নিৰ্ণয় কৰাত সহায় কৰে। কিন্তু ইয়াৰ লগত একেশ্বৰবাদৰ বিশ্বাসো আছিল।[12]

তান্ত্ৰিক যুগ

[সম্পাদনা কৰক]

উইলিয়ামছৰ মতে ৯০০ চনৰ পৰা ১৬০০ খ্ৰীষ্টাব্দলৈ তান্ত্ৰিক যুগত তন্ত্ৰ আৰু শক্তিবাদৰ পৌৰাণিক কাহিনীয়ে ৰক্তবলি আৰু আনন্দৰ সন্ধানক কেন্দ্ৰীয় বিষয়বস্তু হিচাপে পুনৰুজ্জীৱিত আৰু সমৃদ্ধি লাভ কৰিছিল। ভক্তি, তপস্যা আৰু কৰ্তব্যৰ পক্ষপাতী মহাকাব্যিক পৌৰাণিক কাহিনীৰ পৰা তন্ত্ৰৰ গল্পসমূহৰ অৰ্থৰ আমূল পাৰ্থক্য আছিল। হয় পুনৰুজ্জীৱন নহয় শক্তি বা দেৱীৰ মহাজাগতিক শক্তিৰ ওপৰত গুৰুত্ব দিয়া হৈছিল, যিটো ধাৰণা সিন্ধু উপত্যকা সভ্যতাৰ সময়ত উদ্ভৱ হৈছিল।[12]

আধুনিক যুগ

[সম্পাদনা কৰক]

আধুনিক যুগত বৈষ্ণৱ, শৈৱ আৰু শক্তিবাদৰ প্ৰধান পৰম্পৰাৰ শ্ৰুতিকথাই প্ৰাধান্য লাভ কৰিছে।[13] জনজাতীয় বা পূৰ্বৰ "বহিৰ্ভুত" জনগোষ্ঠী সমূহত একেলগ কৰি পুনৰ নিৰ্মাণ কৰা হিন্দু পৌৰাণিক সম্প্ৰদায়ৰ সাংস্কৃতিক সমগ্ৰতাৰ ভিতৰলৈ অনাৰ বাবে বহুতো শ্ৰুতিকথাৰ সন্ধান বা উদ্ভাৱন কৰা হৈছিল।

শ্ৰুতিকথা বিষয় আৰু শ্ৰেণীবিভাজন

[সম্পাদনা কৰক]

শ্ৰুতিকথাৰ আনুষ্ঠানিক অধ্যয়নে পৌৰাণিক কাহিনীক প্ৰায়ে গভীৰভাৱে মূল্যৱান কাহিনী হিচাপে সংজ্ঞায়িত কৰে যিয়ে এখন সমাজৰ অস্তিত্ব আৰু সমাজ এখনৰ সৃষ্টিৰ সেই আখ্যান, সমাজৰ উৎপত্তি আৰু ভেটি, তেওঁলোকৰ দেৱতা(সকল), তেওঁলোকৰ মূল নায়ক, মানৱজাতিৰ "ঈশ্বৰ"ৰ সৈতে সংযোগ, আৰু তেওঁলোকৰ অন্তকালীন আখ্যান ("জীৱনৰ পিছৰ"ত কি হয়) আদি বিশ্বব্যৱস্থা সমূহৰ বিষয়ে ব্যাখ্যা কৰে। সেই বিষয়বস্তুৰ সৈতে কিছুমান মৌলিক পবিত্ৰ কাহিনীৰ এয়া অতি সাধাৰণ ৰূপৰেখা। বহল শৈক্ষিক অৰ্থত শ্ৰুতিকথা শব্দটোৰ সাধাৰণ অৰ্থ হৈছে এটা পৰম্পৰাগত কাহিনী। কিন্তু বহু পণ্ডিতে "শ্ৰুতিকথা" শব্দটো কেৱল পবিত্ৰ কাহিনীৰ মাজতে সীমাবদ্ধ কৰি ৰাখিছে।[14] লোককথাবিদসকলে প্ৰায়ে আৰু বিস্তাৰ কৰি শ্ৰুতিকথাক "সত্য বুলি বিশ্বাস, সাধাৰণতে পবিত্ৰ, সুদূৰ অতীতৰ বা অন্যান্য জগত বা পৃথিৱীৰ অংশত স্থাপন কৰা আৰু অতিমানৱীয়, অমানৱীয় বা বীৰ চৰিত্ৰৰ সৈতে সম্পৰ্কীত কৰা কাহিনী" বুলি সংজ্ঞায়িত কৰে।[15]

ধ্ৰুপদী গ্ৰীক ভাষাত ইংৰাজী “myth” শব্দটোৰ উৎপত্তি হোৱা “muthos” শব্দৰ অৰ্থ আছিল "গল্প, আখ্যান"। হিন্দু পৌৰাণিক কাহিনীৰ প্ৰায়ে সামঞ্জস্যপূৰ্ণ, একক গঠন নাথাকে। একেটা শ্ৰুতিকথা সাধাৰণতে বিভিন্ন সংস্কৰণত দেখা যায়, আৰু বিভিন্ন আঞ্চলিক আৰু সামাজিক-ধৰ্মীয় পৰম্পৰাত ইয়াক বিভিন্ন ধৰণে প্ৰতিনিধিত্ব কৰিব পাৰি।[16] এই গ্ৰন্থসমূহৰ মাজেৰে এই কিংবদন্তিসমূহৰ বহুতো বিকশিত হয়, য'ত চৰিত্ৰৰ নাম সলনি হয় বা কাহিনীটো অধিক বিৱৰণেৰে সজোৱা হয়।[16][17] চুথ্ৰেন হিৰ্ষ্টৰ মতে এই শ্ৰুতিকথাবোৰৰ ব্যাখ্যাৰ এক জটিল পৰিসৰ দিয়া হৈছে।[16] ডনিগাৰ অ'ফ্লেহাৰ্টিৰ মতে কেন্দ্ৰীয় বাৰ্তা আৰু নৈতিক মূল্যবোধ একেই আছে।[17] সময়ৰ লগে লগে বিভিন্ন দাৰ্শনিক বিদ্যালয়ে ইয়াৰ পৰিৱৰ্তন ঘটাইছে আৰু ইয়াৰ অৰ্থ গভীৰ, প্ৰায়ে প্ৰতীকী বুলি ধৰা হয়।[16]

ব্ৰহ্মাণ্ড

[সম্পাদনা কৰক]
  • ব্ৰহ্ম: হিন্দু ধৰ্মৰ চূড়ান্ত বাস্তৱতা৷
  • সত্যলোক: ব্ৰহ্মাৰ বাসস্থান৷
  • হিৰণ্যগৰ্ভ: যি সোণালী অণ্ডৰ পৰা সৃষ্টিৰ উত্থান হৈছিল৷
  • বৈকুণ্ঠ: বিষ্ণুৰ বাসস্থান৷
  • গোলোক: ৰাধা কৃষ্ণৰ বাসস্থান৷
  • কৈলাস: শিৱৰ বাসস্থান৷
  • ভূমি: পৃথিৱীৰ হিন্দু নাম।
  • পাতাল: নাগ, দৈত্য, দানৱৰ বাসস্থান৷
  • স্বৰ্গ: হিন্দু ধৰ্মৰ দেৱতাসকলৰ আকাশী বাসস্থান।
  • নৰক: পৰলৌকিক আৰু শাস্তিৰ স্থান৷

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Macdonell 1978, পৃষ্ঠা. 1–9.
  2. Washburn Hopkins 1986, পৃষ্ঠা. 1–3.
  3. Bonnefoy 1993, পৃষ্ঠা. 90–101.
  4. Olivelle 1999, পৃষ্ঠা. xii–xiii.
  5. Waldau & Patton 2009, পৃষ্ঠা. 186, 680.
  6. Deretic, Irina. “Why are myths true: Plato on the veracity of myths.” Vestnik of Saint Petersburg University. Philosophy and Conflict Studies (2020): vol. 36, issue 3, pp. 441–451.
  7. Opler, Morris E.; Campbell, Joseph (January 1962). "The Masks of God: Primitive Mythology". The Journal of American Folklore খণ্ড 75 (295): 82. doi:10.2307/537862. ISSN 0021-8715. 
  8. "Decline of the Indus River Valley Civilization (c. 3300–1300 BCE)" (en-US ভাষাত). Climate in Arts and History. https://www.science.smith.edu/climatelit/decline-of-the-indus-river-valley-civilization-c-3300-1300-bce/। আহৰণ কৰা হৈছে: 2022-07-31. 
  9. Williams 2003, পৃষ্ঠা. 6-7.
  10. Macdonell, Arthur Anthony (1974). Vedic mythology (Reprint, 1995 সম্পাদনা). প্ৰকাশক Delhi: Motilal Banarsidass. ISBN 0-8426-0674-2. OCLC 1951729. https://www.worldcat.org/oclc/1951729. 
  11. Williams 2003, পৃষ্ঠা. 7.
  12. 12.0 12.1 12.2 12.3 Handbook of Hindu mythology. 2004-05-01. পৃষ্ঠা. 10. 
  13. Bishara, Azmi (2021-08-01), "Ibn Khaldun's 'Asabiyya and Sects", Sectarianism without Sects (Oxford University Press): pp. 199–220, doi:10.1093/oso/9780197602744.003.0007, ISBN 978-0-19-760274-4 
  14. "What is a Myth?". Archived from the original on 2007-08-07. https://web.archive.org/web/20070807181158/http://www.faculty.de.gcsu.edu/~mmagouli/defmyth.htm#SACRED। আহৰণ কৰা হৈছে: 2007-06-17. 
  15. "Defining myth". Archived from the original on 2007-08-07. https://web.archive.org/web/20070807181158/http://www.faculty.de.gcsu.edu/~mmagouli/defmyth.htm#DEFINING%20MYTH। আহৰণ কৰা হৈছে: 2007-06-17. 
  16. 16.0 16.1 16.2 16.3 Suthren Hirst 1998.
  17. 17.0 17.1 Doniger O'Flaherty 1975, পৃষ্ঠা. 11, 21–22.