হিপ্প'প'ডছ
হিপ্প'প'ডছ (ইংৰাজী: Hippopodes) অৰ্থাৎ "ঘোঁৰাৰ ভৰি" গ্ৰীক শ্ৰুতিকথাৰ এক কিংবদন্তিমূলক জীৱ যিটো প্ৰায়ে লোভৰ সৈতে জড়িত। পৌৰাণিক কাহিনী অনুসৰি হিপ্প'প'ডছ আছিল শৰীৰৰ তলৰ অংশ ঘোঁৰাৰ দৰে আৰু ওপৰৰ অংশ মানুহৰ দৰে জীৱ সত্তাৰ এক জনগোষ্ঠী। তেওঁলোকে এক কল্পনাতীত ধনৰ পহৰা দিছিল বুলি কোৱা হৈছিল যদিও তেওঁলোকৰ অতৃপ্ত লোভে তেওঁলোকক সেই ধন কাৰো লগত ভাগ কৰিবলৈ অনিচ্ছুক কৰি তুলিছিল। এই লোভেই শেষত তেওঁলোকৰ পতনৰ সূচনা কৰিছিল। হিপ্প'প'ডছৰ ৰূপকটোৱে লোভ আৰু লোভৰ বিপদৰ বিৰুদ্ধে সতৰ্কবাণীমূলক কাহিনী হিচাপে কাম কৰে।[1]
প্ৰাচীন উৎস
[সম্পাদনা কৰক]কিছুমান প্ৰাচীন ভূগোলবিদৰ মতে হিপ্প'প'ডসকলে আন দুটা কিংবদন্তি জাতিৰ সৈতে এটা দ্বীপত একেলগে বাস কৰিছিল: পানোটি আৰু অ’অ’নাই। প্লিনি দ্য এলডাৰৰ নেচাৰেল হিষ্ট্ৰিত এই দ্বীপটো চিথিয়ান উপকূলৰ ওচৰত অৱস্থিত;[2] পম্পোনিয়াছ মেলাৰ ডি চিটু অৰ্বিছে ইয়াক ডেনমাৰ্ক আৰু অৰ্কনি দ্বীপপুঞ্জৰ কাষত উত্তৰ সাগৰৰ ভিতৰত বা ইয়াৰ আশে-পাশে স্থান দিছে।[3]
ব্ৰেমেনৰ এডামে একাদশ শতিকাত লিখিছিল যে স্ক্ৰিট'ফিনি (Scritofinni) বন্যপ্ৰাণীতকৈ বেছি বেগেৰে দৌৰিব পাৰে।[4] অলাউছ মেগনাছে তেওঁৰ গ্ৰন্থ “হিষ্ট'ৰিয়া ডি জেণ্টিবাছ ছেপ্তেণ্ট্ৰিঅনালিবাছ”ত (Historia de Gentibus Septentrionalibus) এই বিষয়ে উল্লেখ কৰিছে, য'ত তেওঁ ব্যাখ্যা কৰিছে যে স্ক্ৰিট'ফিনিসকলে স্কিত চিকাৰ কৰাৰ সময়ত জপিয়াই জপিয়াি কৰা গতিৰ পৰাই তেওঁলোকৰ নাম লাভ কৰিছে।[5] ১৫৯৫ চনৰ আব্ৰাহাম অৰ্টেলিয়াছৰ মেপ ইউৰোপাম, চিভ চেলটিকেম ভেটেৰেমতো একেটা সংযোগ দেখা যায় য'ত তেওঁ হিপ্প'প'ডছ আৰু স্ক্ৰিকোফিনিক উত্তৰ স্ক্যাণ্ডিনেভিয়াৰ একেটা অঞ্চলতে আছিল বুলি উল্লেখ কৰিছে।[6]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Smith, W (1873). Dictionary of Greek and Roman Biography and Mythology. পৃষ্ঠা. 291.
- ↑ "Hippopodes". Theoi Greek Mythology. http://www.theoi.com/Phylos/Hippopodes.html। আহৰণ কৰা হৈছে: 2008-12-28.
- ↑ Romer, Frank E. (1998). Pomponius Mela's Description of the World. প্ৰকাশক Ann Arbor: University of Michigan Press. ISBN 9780472084524. https://babel.hathitrust.org/cgi/pt?id=mdp.39015042048507.
- ↑ Fjellström, Phebe (1986). Samernas samhälle i tradition och nutid: [Lappish society in tradition and the present day]. প্ৰকাশক Stockholm: Norstedt. ISBN 91-1-863632-2.
- ↑ Magnus, Olaus (1555). Historia om de nordiska folken. পৃষ্ঠা. 18.
- ↑ "Celctic Europe by Abraham Ortelius". 6 September 2015. https://vividmaps.com/celtic-europe-by-abraham-ortelius-1595/। আহৰণ কৰা হৈছে: 2020-05-09.