সমললৈ যাওক

হিমবন্ত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হিমবন্তত গজা নাৰিফন গছ

হিমবন্ত (ইংৰাজী: Himavanta[টোকা 1]) এখন কিংবদন্তিমূলক অৰণ্য, এই অৰণ্যখনক হিমমানপন (Himmanpan) পৰ্বত বুলিও কোৱা হয়, এই হিমালয়ত অৱস্থিত বুলি কোৱা হয়। হিমবন্ত থাই সাহিত্যৰ ত্ৰিভূমিকথা (Traibhumikatha[টোকা 2]) নামৰ এক কাহিনীত বৰ্ণনা কৰা হৈছে য'ত কোৱা হৈছে যে হিমবন্ত হৈছে এনে এখন অৰণ্য য'ত বহুতো বৈচিত্ৰময় পৌৰাণিক জীৱ যেনে ফায়া নাগ,[টোকা 3] ফায়া ক্ৰুট,[টোকা 4] আৰু কিন্নৰী,[টোকা 5] আত্মা বা আনকি দেৱ-দেৱীও বাস কৰে।

থাই লোককথাত সততে উল্লেখ কৰা পৌৰাণিক নাৰিফন[টোকা 6] গছো ইয়াত গজি উঠে বুলি কোৱা হয়। হিমবন্তৰ কাহিনী আৰু বিদ্যমান তিনি ভূখণ্ডৰ ব্যাখ্যা ছি সাতচানালাইৰ[টোকা 7] দাৰ্শনিক-ৰজা ফায়া লিথাইয়ে[টোকা 8] লিখিছিল। হিমবন্ত অৰণ্য যিহেতু বৌদ্ধ ব্ৰহ্মাণ্ডবিজ্ঞানৰ সৈতে জড়িত, সেয়েহে ই বৌদ্ধ আৰু হিন্দু ধৰ্মৰ লগতে অন্যান্য ধৰ্মৰ বিশ্বাস, সংস্কৃতি আৰু শিল্পকৰ্মক গভীৰভাৱে প্ৰভাৱিত কৰে।

বাসিন্দা

[সম্পাদনা কৰক]

গবিল্লাপাক্সা (Gabillapaksa) হৈছে আধা বান্দৰ, আধা চৰাই, কান্ধত ডেউকা, চৰাইৰ ঠেং আৰু ক’লা নোমযুক্ত কিংবদন্তীমূলক জীৱ। ইয়াৰ কঁকালৰ ওপৰত অংশ চিমিয়ানৰ দৰে, আৰু তলত অংশ চৰাইৰ দৰে। এক নতুন প্ৰকাৰৰ মিশ্ৰিত প্ৰাণী হিচাপে এই জীৱটোৰ বিষয়ে ৰামায়ণতো বৰ্ণনা হৈছিল।[1]

কিন্নৰী আৰু কিন্নৰৰ শৰীৰৰ ওপৰৰ অংশ মানুহৰ দৰে, আৰু তলৰ অংশ পক্ষীৰ দৰে, ডেউকাৰ সহায়ত উৰিব পাৰে। কিংবদন্তি অনুসৰি তেওঁলোক ক্ৰাইলাছ পৰ্বতৰ পাদদেশৰ হিমবন্ত অৰণ্যত বাস কৰে। থাইলেণ্ডৰ বহু শিল্পকৰ্মতো ইহঁতক সঘনাই চিত্ৰিত কৰা হয়।[1]

গৰুড় (থাই: ครุฑ) এবিধ পক্ষী সদৃশ জন্তু, আৰু ভগৱান বিষ্ণুৰ বাহন। অমৰ অৰ্ধ-ঈগলৰ ৰূপী গৰুড়ক কোনো অস্ত্ৰই ক্ষতি কৰিব নোৱাৰে, আনকি ইন্দ্ৰৰ বজ্ৰইয়ো ক্ষতি কৰিব নোৱাৰে।[1] গৰুড়ৰ আন এটা নাম আছে, সুবান (থাই: สุบรรณ), যাৰ অৰ্থ হৈছে "যাদুকৰী পোছাক।" গৰুড় ডাঙৰ, অতি শক্তিশালী, দ্ৰুততাৰে উৰিব পাৰে। গৰুড়ৰ বুদ্ধি অতি তীক্ষ্ণ তথা সন্মানীয় বুলি গণ্য কৰা হয়। গৰুড়ক মান ভাষাত গেলন বা নান বেলু আৰু জাপানী ভাষাত কাৰুৰা বোলা হয়।[2][3][4]

ফায়া নাগ (হিন্দী: नाग) অৰ্ধ-মানৱ, অৰ্ধ-সৰ্প আকৃতিৰ এক অৰ্ধ-দৈৱিক জাতি। তেওঁলোকে পাতাললোকত বসবাস কৰে। কোনো কোনো সময়ত পূৰ্ণ বা আংশিকভাৱে মানুহৰ ৰূপ ল'ব পাৰে। শিল্পকলাসমূহতো তেওঁলোকক এইদৰে উপস্থাপন কৰা হয়।[5]

  1. Thai: หิมพานต์; RTGS: Himmaphan Khmer: ហេមពាន្ត; UNGEGN: Hempéandâ Burmese: ဟိမဝန္တာ; MLCTS: hi.ma.wanta
  2. Thai: ไตรภูมิกถา
  3. Thai: พญานาค
  4. Thai: พญาครุฑ
  5. กินรี
  6. นารีผล
  7. ศรีสัชนาลัย
  8. พญาลิไท

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 3 ส้มป่อย (2019). "ตำนานป่าหิมพานต์". Blockdit. https://www.blockdit.com/posts/5c96402e67292123d9a509d5 আহৰণ কৰা হৈছে: 5 September 2021.
  2. Robert E. Buswell Jr.; Donald S. Lopez Jr. (2013). The Princeton Dictionary of Buddhism. Princeton University Press. পৃষ্ঠা. 314–315. ISBN 978-1-4008-4805-8. https://books.google.com/books?id=DXN2AAAAQBAJ.
  3. Roshen Dalal (2010). Hinduism: An Alphabetical Guide. Penguin Books. পৃষ্ঠা. 145. ISBN 978-0-14-341421-6. https://books.google.com/books?id=DH0vmD8ghdMC.
  4. Helmuth von Glasenapp (1999). Jainism: An Indian Religion of Salvation. Motilal Banarsidass. পৃষ্ঠা. 532. ISBN 978-81-208-1376-2. https://books.google.com/books?id=WzEzXDk0v6sC&pg=PA532.
  5. "Lord Shiva". sanskritdictionary.com. Archived from the original on 24 February 2021. https://web.archive.org/web/20210224131424/http://sanskritdictionary.com/?iencoding=iast&q=%E0%A4%A8%E0%A4%BE%E0%A4%97%E0%A5%80&lang=sans&action=Search আহৰণ কৰা হৈছে: 2018-09-27.