সমললৈ যাওক

হিমালয়া ৱেলনেছ কোম্পানী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হিমালয়া ৱেলনেছ কোম্পানী
ধৰণ ব্যক্তিগত কোম্পানী
উদ্যোগ
  • ঔষধ
  • গ্ৰাহক সামগ্ৰী
স্থাপিত ১৯৩০; ৯৬ বছৰ  আগতে (1930)
প্ৰতিষ্ঠাতা মীৰাজ মানল
মুখ্য কাৰ্যালয় বাংগালোৰ, কৰ্ণাটক, ভাৰতবৰ্ষ
দেশ/অঞ্চল বিশ্বব্যাপী
নেতৃস্থানীয় ব্যক্তিত্ব
  • শৈলেন্দ্ৰ মালহোথ্ৰা (গ্ল'বেল চি.ই.অ.')[1]
  • যতীন ব্ৰহ্মেচা (গ্ল’বেল চি.এফ.অ.)
পণ্য
  • ব্যক্তিগত যত্ন
  • বনৌষধি ঔষধ
  • আয়ুৰ্বেদিক ঔষধ
  • নিউট্ৰাচিউটিকেল
  • পৰিষ্কাৰ কৰা এজেণ্ট
  • পশুৰ যত্ন
ৰাজহ (FY22)[2]
কৰ্মচাৰীৰ সংখ্যা ১০,০০০
মূল প্ৰতিষ্ঠান হিমালয়া গ্ল’বেল হোল্ডিংছ লিমিটেড।
ৱেবছাইট www.himalayawellness.com

হিমালয়া ৱেলনেছ কোম্পানী (পূৰ্বতে হিমালয় ড্ৰাগ কোম্পানী') হৈছে ভাৰতবৰ্ষৰ বেংগালোৰত অৱস্থিত ভাৰতীয় বহুজাতিক ব্যক্তিগত যত্ন আৰু ঔষধ কোম্পানী। ইয়াক প্ৰথমে ১৯৩০ চনত ডেৰাডুনত মহম্মদ মানলে স্থাপন কৰিছিল।[3]ইহ হিমালয় বনৌষধি স্বাস্থ্যসেৱা নামেৰে আয়ুৰ্বেদিক উপাদান যুক্ত স্বাস্থ্যসেৱাৰ সামগ্ৰী উৎপাদন কৰে। ইয়াৰ প্ৰচাৰ তথা কাৰ্য্যকলাপ সমগ্ৰ ভাৰত, আমেৰিকা, মধ্যপ্ৰাচ্য, এছিয়া, ইউৰোপ আৰু অ'চেনিয়া দেশসমূহত বহুলভাৱে বিস্তৃত হৈ আছে।[4]আনহাতে ইয়াৰ সামগ্ৰীসমূহ সমগ্ৰ বিশ্বৰ প্ৰায় ১০৬খন দেশত বিক্ৰী কৰা হয়।[5]ইয়াৰ ফ্লেগশ্বিপ প্ৰডাক্ট হৈছে Liv.52 নামৰ এটা লিভাৰ ঔষধ, যিটো প্ৰথমবাৰৰ বাবে ১৯৫৫ চনত প্ৰৱৰ্তন কৰা হৈছিল।[5][6]হিমালয় ৱেলনেছ কোম্পানীৰ এটা গোট হৈছে হিমালয় গ্ল'বেল হোল্ডিংছ। যিখনৰ মুখ্য কাৰ্যালয় কেমেন দ্বীপপুঞ্জ অৱস্থিতি। এইচ. জি. এইচ.ৰ কাৰ্যালয় বাংগালোৰৰ উপৰি আঞ্চলিক মুখ্য কাৰ্যালয় ডুবাই, চিংগাপুৰ আৰু হিউষ্টনত আছে। [7][8]

ৰাউৱলফিয়া চাৰ্পেণ্টিনা

১৯৩০ চনত ডেৰাডুনত মহম্মদ মানলে হিমালয় ড্ৰাগ কোম্পানী প্ৰতিষ্ঠা কৰিছিল। স্বয়ংক "প্ৰকৃতিপ্ৰেমী" বুলি কোৱা মনলৰ লক্ষ্য আছিল আয়ুৰ্বেদিক আৰু বনৌষধিজাত সামগ্ৰীসমূহ সমসাময়িক প্ৰয়োজন অনুসৰি বাণিজ্যিকীকৰণ কৰা। ইয়াৰ কাৰ্যকাৰিতা প্ৰদৰ্শন কৰিবলৈ আধুনিক অভিজ্ঞতাভিত্তিক গৱেষণাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।[3][9]

বিশ্বব্যাপী বজাৰ

[সম্পাদনা কৰক]

১৯৯৬ চনত Dietary Supplement Health and Education Act of 1994ৰ প্ৰৱৰ্তনৰ পিছত কোম্পানীটোৱে আমেৰিকাৰ বজাৰত প্ৰৱেশ কৰে। ইয়াৰ পিছত কোম্পানীটোৱে আন আন দেশলৈও সম্প্ৰসাৰণ ঘটায়।[3]২০১৫ চনলৈকে কোম্পানীটোৱে ভাৰতৰ বাহিৰৰপৰা প্ৰায় ৫০% ৰাজহ লাভ কৰি ৯১খন দেশত নিজৰ সামগ্ৰী বিক্ৰী কৰিছিল।[3][10]

সামগ্ৰী

[সম্পাদনা কৰক]

হিমালয় হাৰ্বেল হেল্থকেয়াৰৰ বহুতো সামগ্ৰী আছে। যেনে ঔষধ, ব্যক্তিগত যত্ন, শিশুৰ যত্ন, মংগল, পুষ্টি আৰু পশু স্বাস্থ্যৰ সামগ্ৰী আদি উল্লেখযোগ্য।[11]কোম্পানীটোৰ ২৯০ জনতকৈ অধিক গৱেষক আছে যিয়ে আয়ুৰ্বেদিক বনৌষধি আৰু খনিজ পদাৰ্থ ব্যৱহাৰ কৰি সামগ্ৰী উৎপাদনৰ বাবে চেষ্টা কৰি থাকে।[12]লগতে হিমালয় নিম face wash ব্ৰেণ্ড ভাৰতৰ দ্বিতীয় বৃহত্তম বুলি কোৱা হৈছে।[13]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Milestones". Himalaya Global Holdings. Archived from the original on 20 April 2021. https://web.archive.org/web/20210420102116/https://himalayaglobalholdings.com/abouthimalaya/milestones.htm। আহৰণ কৰা হৈছে: 29 August 2025. 
  2. "India Ratings Upgrades Himalaya Wellness Company to 'IND AA-'; Outlook Stable" (en ভাষাত). India Ratings. https://www.indiaratings.co.in/pressrelease/61104। আহৰণ কৰা হৈছে: 4 November 2023. 
  3. 3.0 3.1 3.2 3.3 Haydon, Philipe (19 January 2015). "How Himalaya made ancient Ayurveda popular across the globe". Rediff News. https://www.rediff.com/business/report/how-himalaya-made-ancient-ayurveda-popular-across-the-globe/20150119.htm. 
  4. "The Himalaya Drug Company". Bloomberg Businessweek. http://investing.businessweek.com/research/stocks/private/snapshot.asp?privcapId=21953212. 
  5. 5.0 5.1 "Eastern therapy, universal appeal". The Star. 11 June 2006. http://thestar.com.my/lifestyle/story.asp?file=/2006/6/11/lifefocus/14405698&sec=lifefocus. 
  6. "Himalaya rolls in new oral range HiOra". Business Line. 17 December 2010. http://www.thehindubusinessline.in/2010/12/17/stories/2010121751480500.htm. 
  7. "How A Musician CEO Struck The Right Note With Himalaya Drug" (en ভাষাত). Forbes India. https://www.forbesindia.com/article/work-in-progress/how-a-musician-ceo-struck-the-right-note-with-himalaya-drug/44113/1. 
  8. V, Savitha; Kurian, Boby (13 April 2007). "Manal family to restructure Himalaya Drug". The Economic Times. https://economictimes.indiatimes.com/industry/healthcare/biotech/pharmaceuticals/manal-family-to-restructure-himalaya-drug/articleshow/1900757.cms. 
  9. Haydon, Philipe (2015-01-19). "40 years ago... and now: Taking traditional Indian medicine to the world". Business Standard India. https://www.business-standard.com/article/management/40-years-ago-and-now-taking-traditional-indian-medicine-to-the-world-115011800514_1.html. 
  10. "Himalaya Drug Company to hire 1,000 people, eyes Rs 2,500 crore revenue in fiscal FY18". The Indian Express. 2016-09-25. https://indianexpress.com/article/business/companies/himalaya-drug-company-to-hire-1000-people-eyes-rs-2500-cr-ore-revenue-in-fiscal-fy183049151/. 
  11. "Himalaya Products". Himalaya Wellness (India). https://himalayawellness.in/. 
  12. Kumar, B. Rajesh; Satish, S. M (2007). Growth Strategies Of Indian Pharma Companies. pp. 122-123.
  13. Dalal, Mihir (12 December 2012). "Himalaya sees four fold jump in India business over five years" (en ভাষাত). mint. https://www.livemint.com/Companies/3UFsxIZGgHT54GClnsAPRK/Himalaya-sees-four-fold-jump-in-India-business-over-five-yea.html.