হিমা কোহলী
হিমা কোহলী | |
---|---|
![]() | |
উচ্চতম ন্যায়ালয়ৰ বিচাৰক | |
কাৰ্যকাল ৩১ আগষ্ট ২০২১ – ১ ছেপ্টেম্বৰ ২০২৪ | |
মনোনয়নকৰ্তা | এন ভি ৰামানা |
নিয়োগকৰ্তা | ৰাম নাথ কোৱিন্দ |
তেলেংগানা উচ্চ ন্যায়ালয়ৰ দ্বিতীয় মুখ্য ন্যায়াধীশ। | |
কাৰ্যকাল ৭ জানুৱাৰী ২০২১ – ৩০ আগষ্ট ২০২১ | |
মনোনয়নকৰ্তা | শৰদ অৰৱিন্দ বোদবে |
নিয়োগকৰ্তা | ৰাম নাথ কোৱিন্দ |
পূৰ্বসূৰী | ৰাঘবেন্দ্ৰ সিং চৌহান |
উত্তৰসূৰী | সতীশ চন্দ্ৰ শৰ্মা |
দিল্লী উচ্চ ন্যায়ালয়ৰ বিচাৰক | |
কাৰ্যকাল ২৯ মে ২০০৬ – ৬ জানুৱাৰী ২০২১ | |
মনোনয়নকৰ্তা | য়োগেশ কুমাৰ শৱৰৱাল |
নিয়োগকৰ্তা | এ পি জে আব্দুল কালাম |
ব্যক্তিগত তথ্য | |
জন্ম | ২ ছেপ্টেম্বৰ, ১৯৫৯ (৬৫ বছৰ) নতুন দিল্লী |
শিক্ষানুষ্ঠান | দিল্লী বিশ্ববিদ্যালয় |
হিমা কোহলী (ইংৰাজী: Hima Kohliজন্ম ২ ছেপ্টেম্বৰ ১৯৫৯) ২০২১ চনৰ পৰা ২০২৪ চনলৈকে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ। ইয়াৰ পূৰ্বে তেওঁ দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তাৰ পিছত তেলেংগানা উচ্চ ন্যায়ালয়ৰ দ্বিতীয় মুখ্য ন্যায়াধীশ আছিল। সেই পদত অধিষ্ঠিত হোৱা তেওঁ প্ৰথমগৰাকী মহিলা ন্যায়াধীশ আছিল।[1][2]
প্ৰাথমিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]হিমা কোহলীৰ ১৯৫৯ চনৰ ২ ছেপ্টেম্বৰত নতুন দিল্লীত জন্ম হৈছিল । তেখেতে ছেইণ্ট থমাছ স্কুলত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল।[3] ১৯৭৯ চনত দিল্লীৰ ছেইণ্ট ষ্টিফেন কলেজৰ পৰা ইতিহাসত কলা শাখাত তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে।[4] পিছলৈ তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ইতিহাসত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু দিল্লী বিশ্ববিদ্যালয়ৰ কেম্পাছ ল চেণ্টাৰৰ পৰা আইন বিষয়ত ডিগ্ৰী লাভ কৰে।[5]
কৰ্মজীৱন
[সম্পাদনা কৰক]১৯৮৪ চনত কোহলীয়ে দিল্লীৰ বাৰ কাউন্সিলত নামভৰ্তি কৰে।[5] তেওঁ দিল্লীত আইন চৰ্চা কৰিছিল। তেওঁ ১৯৯৯ চনৰ পৰা ২০০৪ চনৰ ভিতৰত নতুন দিল্লী পৌৰ পৰিষদৰ অধিবক্তা হিচাপে কাম কৰাৰ লগতে দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী ভূখণ্ড চৰকাৰক প্ৰতিনিধিত্ব কৰিছিল। দিল্লী প্ৰদূষণ নিয়ন্ত্ৰণ সমিতি, ভাৰতীয় ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন ফেডাৰেচন, ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগমকে ধৰি দিল্লী আৰু কেন্দ্ৰীয় চৰকাৰৰ কেইবাটাও সংস্থাৰ আইনী উপদেষ্টা হিচাপেও তেওঁ নিযুক্তি লাভ কৰে। দিল্লী উচ্চ ন্যায়ালয়ৰ আইনী সেৱা সমিতিৰ সৈতেও তেওঁ আইনী সাহায্য সেৱা আগবঢ়াইছিল।[5]
২০০৬ চনৰ ২৯ মে'ত কোহলীক দিল্লী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয় আৰু ২০০৭ চনৰ ২৯ আগষ্টত তেওঁৰ নিযুক্তি স্থায়ী কৰা হয়।[5] দিল্লী উচ্চ ন্যায়ালয়ত কাৰ্যনিৰ্বাহ কৰাৰ সময়ত তেওঁ কেইবাটাও উল্লেখযোগ্য আদেশ আৰু ৰায় লিখিছিল, য'ত ইতিমধ্যে জামিন লাভ কৰা কয়দীসকলক আটক কৰাৰ বিষয়ে তদন্তৰ আহ্বান জনোৱা,[6]অপৰাধৰ অভিযোগত অভিযুক্ত নাবালকসকলৰ পৰিচয় সুৰক্ষিত কৰা,,[7] আৰু দৃষ্টিশক্তিহীন লোকসকলে চৰকাৰী শিক্ষানুষ্ঠানত অধ্যয়ন কৰিবলৈ সুবিধাৰ ব্যৱস্থা কৰা আদি অন্তৰ্ভুক্ত আছিল।[8]
২০২০ চনত কোহলীয়ে এখন ন্যায়িক সমিতিৰ নেতৃত্ব দিছিল যিয়ে ভাৰতত ক'ভিড-১৯ মহামাৰীৰ প্ৰতি দিল্লী চৰকাৰৰ সঁহাৰি নিৰীক্ষণ কৰিছিল।[9]তেওঁ কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (আইচিএমআৰ)ক তিৰস্কাৰ কৰে যে তেওঁলোকে ব্যক্তিগত পৰীক্ষাগাৰসমূহে মহামাৰীৰ সম্পৰ্কত পৰীক্ষা কৰিব পৰাকৈ অনুমোদন লাভ কৰাত পলম কৰিছে।[10]
২০২১ চনত কোহলীক তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয় আৰু ২০১৯ চনত অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ৰ পৰা পৃথক হোৱাৰ পিছত সেই পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়।[11][1]
কোহলী ভাৰতৰ আইনী শিক্ষা আৰু আইনী সাহায্যৰ সৈতেও জড়িত হৈ আছে। ২০১৭ চনৰ পৰা পশ্চিম বংগ ৰাষ্ট্ৰীয় ন্যায়িক বিজ্ঞান বিশ্ববিদ্যালয়ৰ সাধাৰণ পৰিষদত কাৰ্যনিৰ্বাহ কৰি ২০২০ চনৰ ৩০ জুনৰ পৰা নতুন দিল্লীৰ ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ পৰিষদত কাৰ্যনিৰ্বাহ কৰি আহিছে। ২০২০ চনৰ ২০ মে'ৰ পৰা দিল্লী ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰে।[5]
২০২১ চনৰ ২৬ আগষ্টত তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে উন্নীত হয় আৰু ২০২১ চনৰ ৩১ আগষ্টত শপত গ্ৰহণ কৰে। [12]
২০২৪ চনৰ ১ ছেপ্টেম্বৰত তেওঁ অৱসৰ গ্ৰহণ কৰে। যৌন সংখ্যালঘুৰ বাবে বিবাহৰ অধিকাৰ স্বীকৃতি দিয়া আবেদন নাকচ কৰা, ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ প্ৰশাসনিক বিষয়া আৰু চৰকাৰী কৰ্মচাৰীক নিয়ন্ত্ৰণ কৰাৰ ক্ষমতাক সমৰ্থন কৰা আৰু বিভ্ৰান্তিকৰ তথ্যৰ জৰিয়তে সামগ্ৰীৰ সমৰ্থন কৰাৰ বাবে চেলিব্ৰিটিসকল দায়ী হ'ব পাৰে বুলি কোৱা বিচাৰপীঠৰ সদস্য আছিল কোহলী।[13]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "Justice Hima Kohli takes charge as 1st woman CJ of Telangana high court" (en ভাষাত). Hindustan Times. 2021-01-07. https://www.hindustantimes.com/telangana/justice-hima-kohli-takes-charge-as-1st-woman-cj-of-telangana-high-court/story-1f6CWmFexKCpqqznoHVcMK.html। আহৰণ কৰা হৈছে: 2021-01-07.
- ↑ "Justice Hima Kohli recommended as first woman CJ of Telangana High Court" (en ভাষাত). The News Minute. 2020-12-16. https://www.thenewsminute.com/article/justice-hima-kohli-appointed-first-woman-cj-telangana-high-court-139690। আহৰণ কৰা হৈছে: 2021-01-07.
- ↑ "Telangana HC Chief Justice Hima Kohli recommended for Supreme Court Judge appointment". The New Indian Express. https://www.newindianexpress.com/states/telangana/2021/aug/19/telangana-hc-chief-justice-hima-kohli-recommended-for-supreme-court-judge-appointment-2346650.html.
- ↑ "Telangana HC Chief Justice Hima Kohli recommended for Supreme Court Judge appointment". The New Indian Express. https://www.newindianexpress.com/states/telangana/2021/aug/19/telangana-hc-chief-justice-hima-kohli-recommended-for-supreme-court-judge-appointment-2346650.html.
- ↑ 5.0 5.1 5.2 5.3 5.4 "CJ And Sitting Judges". delhihighcourt.nic.in. http://delhihighcourt.nic.in/cjsittingjudges.asp। আহৰণ কৰা হৈছে: 2020-02-27.
- ↑ "HC pulls up Tihar for detaining man in jail for 10 days despite bail order" (en ভাষাত). The Indian Express. 2020-07-22. https://indianexpress.com/article/cities/delhi/hc-pulls-up-tihar-for-detaining-man-in-jail-for-10-days-despite-bail-order-6517301/। আহৰণ কৰা হৈছে: 2021-01-07.
- ↑ "Juvenile's identity not to be disclosed at any time, says Delhi High Court" (en ভাষাত). The Indian Express. 2017-12-31. https://indianexpress.com/article/india/juveniles-identity-not-to-be-disclosed-at-any-time-says-delhi-high-court-5005735/। আহৰণ কৰা হৈছে: 2021-01-07.
- ↑ "HC directs DU to provide scribes to visually impaired students online exams" (en ভাষাত). The Indian Express. 2020-08-05. https://indianexpress.com/article/education/hc-directs-du-to-provide-scribes-to-visually-impaired-students-online-exams-6541124/। আহৰণ কৰা হৈছে: 2021-01-07.
- ↑ Mutha, Sagar Kumar (16 December 2020). "Telangana set to get its first woman Chief Justice | Hyderabad News - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/city/hyderabad/state-set-to-get-its-first-woman-cj/articleshow/79747490.cms। আহৰণ কৰা হৈছে: 2021-01-07.
- ↑ "Delhi HC pulls up ICMR over wait for approvals" (en ভাষাত). The Indian Express. 2020-07-17. https://indianexpress.com/article/cities/delhi/delhi-hc-pulls-up-icmr-over-wait-for-approvals-6509611/। আহৰণ কৰা হৈছে: 2021-01-07.
- ↑ "Justice Hima Kohli takes oath as first woman CJ of Telangana HC". The New Indian Express. https://www.newindianexpress.com/states/telangana/2021/jan/07/justice-hima-kohli-takes-oath-as-first-woman-cj-of-telangana-hc-2246806.html। আহৰণ কৰা হৈছে: 2021-01-07.
- ↑ "Justice Hima Kohli: Tenure in numbers" (en-US ভাষাত). Supreme Court Observer. https://www.scobserver.in/journal/justice-hima-kohli-tenure-in-numbers/। আহৰণ কৰা হৈছে: 2024-09-24.
- ↑ "Justice Hima Kohli’s Notable Judgements" (en-US ভাষাত). Supreme Court Observer. https://www.scobserver.in/journal/justice-hima-kohlis-notable-judgements/। আহৰণ কৰা হৈছে: 2024-09-24.