হিয়া (আলোচনী)
| মুখ্য সম্পাদক | মাই বাদৰ |
|---|---|
| প্ৰকাৰ | মহিলা আলোচনী |
| প্ৰকাশনৰ হাৰ | মাহেকীয়া |
| প্ৰকাশক | ছৌদি ৰিচাৰ্চ এণ্ড মিডিয়া গ্ৰুপ |
| প্ৰথম সংখ্যা | ১ আগষ্ট ১৯৯২ |
| কোম্পানী | ছৌদি ৰিচাৰ্চ এণ্ড মিডিয়া গ্ৰুপ |
| দেশ | ছৌদি আৰব |
| ভাষা | আৰবী |
| ৱেবচাইট | Hiamag.com |
হিয়া হৈছে আৰবী ভাষাত প্ৰকাশিত মাহেকীয়া মহিলা আলোচনী। আলোচনীখন ধনবান আৰু ব্যাৱসায়িক মহিলাসকলৰ খবৰ আৰু জীৱন-শৈলী সম্পৰ্কীয় বিষয়-বস্তুৰ ওপৰত কেন্দ্ৰীভূত।
ইতিহাস
[সম্পাদনা কৰক]১৯৯২ চনৰ আগষ্ট মাহত ৰিয়াধ চহৰত এই আলোচনীখনৰ আৰম্ভণি হৈছিল।[1] হিয়া আলোচনী ছৌদি ৰিচাৰ্চ এণ্ড মাৰ্কেটিং গ্ৰুপ (SRMG)ৰ প্ৰকাশনসমূহৰ অন্যতম, যিয়ে ছাইদাতী, আল মাজল্লা, আল জামিলা, বাছিম, উৰ্দু মেগেজিন আদি আলোচনী আৰু আৰব নিউজ, আল ইকতিছাদিয়াহ, আশাৰ্ক আল আওচাট আদি বাতৰিকাকত প্ৰকাশ কৰে।[2] হিয়াৰ প্ৰকাশক হৈছে ছাউদী ৰিচাৰ্চ এণ্ড পাব্লিশিং কোম্পানী (SRPC), যি SRMG-ৰ এটা সহযোগী প্ৰতিষ্ঠান।[3] ২০১৩ চনৰ জানুৱাৰীত মাই বাদৰ আলোচনীখনৰ মুখ্য সম্পাদক হিচাপে নিযুক্ত হৈছিল।[4][5] আদনান আলকাতেব হৈছে আলোচনীখনৰ সম্পাদকীয় পৰিচালক।
অডিট ব্যুৰো অফ চাৰ্কুলেচনৰ তথ্য অনুসৰি, ২০০৪ চনৰ জানুৱাৰী আৰু জুনৰ মাজত আলোচনীখনৰ বিতৰণ সংখ্যা আছিল ৪৩,৪২৪।[3]
বিষয়-বস্তু
[সম্পাদনা কৰক]আলোচনীখনত বিলাসবহুল জীৱন-শৈলী, ফেশ্বন, সৌন্দৰ্য, গহনা, ভ্ৰমণ আৰু স্বাস্থ্য সম্পৰ্কীয় সংবাদ প্ৰকাশ পায়।[1] লগতে, গুইনেথ পেলট্ৰো, ডোনা কাৰান, বাহৰেইনৰ প্ৰিন্সেছ দানা আল খলিফা, কিম কাৰ্ডেশিয়ান আদিৰ দৰে বিশিষ্ট ব্যক্তি আৰু চলচ্চিত্ৰ অভিনেত্ৰীসকলৰ সাক্ষাৎকাৰো প্ৰকাশ কৰে।[6][7] Ipsos-ৰ পৰিসংখ্যাত আলোচনীখনক ধনবান আৰব মহিলাসকলৰ মাজত শীৰ্ষ আলোচনী হিচাপে দেখুওৱা হৈছে।[8]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 "Hia magazine". Al Khaleejiah. Archived from the original on 18 July 2018. https://web.archive.org/web/20180718114849/http://www.alkhaleejiah.com/print-publications/hia। আহৰণ কৰা হৈছে: 28 September 2013.
- ↑ "Medıa personalıty of the year; AMF honours Saudı Prınce Faısal". MEPA Monthly Bulletin খণ্ড 31 (31). March 2009. http://www.mepa.cc/Pdf/en/mb_march2009.pdf। আহৰণ কৰা হৈছে: 28 May 2012.
- 1 2 "Hia magazine". mediaME. http://mediame.com/en/country/saudi_arabia/hia_magazine। আহৰণ কৰা হৈছে: 28 September 2013.
- ↑ "Aldakhil made MD of SRMG". Arab News (Jeddah). 5 January 2013. http://www.arabnews.com/saudi-arabia/aldakhil-made-md-srmg-al-faiz-ceo-nashr-co-al-harthi-editor-chief-arab-news.
- ↑ "Who we are". SRMG. Archived from the original on 24 March 2014. https://web.archive.org/web/20140324171218/http://www.sppc.com.sa/Templates/SRMG/InternalTemplate_en.aspx?PostingId=418। আহৰণ কৰা হৈছে: 28 September 2013.
- ↑ "Kim Kardashian for Hia magazine". Lets Restycle. Archived from the original on 2 October 2013. https://web.archive.org/web/20131002164356/http://letsrestycle.com/kim-kardashian-for-hia-magazine/। আহৰণ কৰা হৈছে: 28 September 2013.
- ↑ Amethyst Tate (17 January 2013). "Kim Kardashian Covers Arab Magazine; Addresses Beyonce 'Feud' And Kris Humphries". International Business Times. http://www.ibtimes.com/kim-kardashian-covers-arab-magazine-addresses-beyonce-feud-kris-humphries-1022246.
- ↑ "Saudi Arabia". Publicitas. http://www.publicitas.com/fileadmin/uploads/italy/Files/ME_portfolio_01.pdf। আহৰণ কৰা হৈছে: 28 September 2013.