হিলাৰী থাম
হিলাৰী থাম (ইংৰাজী: Hilary Tham; ২০ আগষ্ট ১৯৪৬ – ২৪ জুন ২০০৫), যাৰ আন এটা নাম আছিল হিলাৰী থাম গোল্ডবাৰ্গ, এজন মালয়েছিয়াত জন্মগ্ৰহণ কৰা আমেৰিকান কবি আছিল।[1] থামে আমেৰিকাৰ পিস্ক’ৰ এজন কৰ্মীক বিবাহ কৰোৱাৰ পূৰ্বে মালয়েছিয়াত ইংৰাজী সাহিত্য অধ্যয়ন কৰিছিল। ইয়াৰ পিছত তেওঁ ইহুদী ধৰ্ম গ্ৰহণ কৰে আৰু আমেৰিকালৈ প্ৰব্ৰজন কৰে। তেওঁ বহুতো কবিতা পুথি প্ৰকাশ কৰিছিল আৰু অলাভজনক কবিতা প্ৰকাশন গোষ্ঠী ৱৰ্ল্ড ৱৰ্কছৰ মুখ্য সম্পাদক আছিল।[2]
জীৱনী
[সম্পাদনা কৰক]চীনৰ পৰা অহা প্ৰব্ৰজনকাৰীৰ কন্যা হিলাৰী থামৰ জন্ম মালয়েছিয়াৰ ক্লাঙত হৈছিল। তেওঁ ১৯৬৯ চনত মালয় বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতক ডিগ্ৰী লাভ কৰে। মালয়েছিয়াত থকা সময়তে তেওঁ আমেৰিকান কৰ্মী জোচেফ গোল্ডবাৰ্গক বিয়া কৰাই ইহুদী ধৰ্ম গ্ৰহণ কৰিছিল। ১৯৭১ চনত এই দম্পতীটোৱে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ প্ৰব্ৰজন কৰে। তেওঁলোকে ভাৰ্জিনিয়াৰ আৰ্লিংটনত বসবাস কৰিছিল। থামে উত্তৰ ভাৰ্জিনিয়া কোৱালিচনৰ অধ্যক্ষ হিচাপে কাম কৰিছিল, যিটো ভিয়েটনামৰ শৰণাৰ্থীসকলক সংস্থাপন কৰাত সহায় কৰা এটা অলাভজনক সংগঠন আছিল।[1] থামে বিভিন্ন স্কুলত সৃজনীমূলক লিখনৰ শিক্ষা দিছিল আৰু তেওঁ এগৰাকী চিত্ৰশিল্পীও আছিল। ২০০৫ চনত ৫৮ বছৰ বয়সত কেন্সাৰ ৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়।
উত্তৰাধিকাৰ
[সম্পাদনা কৰক]২০০৫ চনত তেওঁৰ সন্মানত ৱৰ্ল্ড ৱৰ্কছ প্ৰকাশন গোষ্ঠীয়ে তেওঁলোকৰ 'কেপিটেল কালেকচন'ৰ নাম সলাই 'হিলাৰী থাম কেপিটেল কালেকচন' ৰাখে।
বঁটা আৰু সন্মান
[সম্পাদনা কৰক]থামৰ কবিতা সংগ্ৰহ বেড নেমছ ফৰ উইমেন-এ ১৯৮৮ চনত ভাৰ্জিনিয়া পোয়েট্ৰি প্ৰাইজত দ্বিতীয় পুৰস্কাৰ আৰু ১৯৯০ চনত পেটাৰচন পোয়েট্ৰি প্ৰাইজ লাভ কৰিছিল। তেওঁৰ টিন মাইনছ এণ্ড কংকুবিনছ গ্ৰন্থৰ বাবে ৱাশ্বিংটন ৰাইটাৰ্ছ পাব্লিচিং হাউচ প্ৰাইজ লাভ কৰিছিল।
নিৰ্বাচিত ৰচনাৱলী
[সম্পাদনা কৰক]কবিতা
[সম্পাদনা কৰক]- নো গডছ টুডে (১৯৬৯)
- পেপাৰ বোটছ: পোয়েমছ (১৯৮৭)
- বেড নেমছ ফৰ উইমেন (১৯৮৯)
- টাইগাৰবোন ৱাইন (১৯৯২)
- মেন এণ্ড আডাৰ ষ্ট্ৰেঞ্জ মিথছ: পোয়েমছ এণ্ড আৰ্ট (১৯৯৪)
- কাউণ্টিং: এ লং পোয়েম (২০০০)
- ৰিয়েলিটী চেক এণ্ড আডাৰ ট্ৰেভেল পোয়েমছ এণ্ড আৰ্ট (২০০১)
- দ্য টাও অৱ মিচেচ ৱেই (২০০৩)
স্মৃতিকথা
[সম্পাদনা কৰক]- লেন উইথ নো নেম: মেম’য়াৰ্ছ এণ্ড পোয়েমছ অৱ এ মালয়েছিয়ান-চাইনীজ গাৰ্লহুড (১৯৯৭)
চুটি গল্প
[সম্পাদনা কৰক]- টিন মাইনছ এণ্ড কংকুবিনছ (২০০৫)
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 Oh, Seiwong (2013). Encyclopedia of Asian-American Literature, Second Edition. Infobase Learning. পৃষ্ঠা. 74–75. ISBN 978-1438140582. https://books.google.com/books?id=H5pbAgAAQBAJ&pg=PT74.
- ↑ Holley, Joe (29 June 2005). "Poet, Teacher Hilary Tham Goldberg, 58; Immigrant's Art Explored, Fused Cultures". Washington Post. https://www.washingtonpost.com/wp-dyn/content/article/2005/06/28/AR2005062801514.html.