হীৰাবাই বৰোদেকৰ
হীৰাবাই বৰোদেকৰ | |
|---|---|
হীৰাবাই বৰোদেকৰ, ১৯৩৭ চনৰ দ্য ইণ্ডিয়ান লিচ্ছেনাৰৰ এটা সংখ্যাত | |
| পৃষ্ঠভূমি | |
| জন্ম নাম | চম্পাকলি |
| জন্ম | ২৯ মে', ১৯০৫ মিৰাজ, বোম্বে প্ৰেচিডেঞ্চি, ব্ৰিটিছ ভাৰত[1] |
| মৃত্যুৰ তাৰিখ | ২০ নৱেম্বৰ, ১৯৮৯ (৮৪ বছৰ) |
| সংগীতৰ ধৰণ | খয়াল, থুমৰি, গজল, ভজন |
| পেচা | হিন্দুস্তানী কণ্ঠ সংগীত |
| সক্ৰিয়তাৰ বছৰ | ১৯২০- ১৯৮০ |
হীৰাবাই বৰোদেকৰ (ইংৰাজী: Hirabai Barodekar ; ১৯০৫–১৯৮৯) এগাৰীক ভাৰতীয় কিৰানা ঘৰানাৰ হিন্দুস্তানী শাস্ত্ৰীয় সংগীত কণ্ঠশিল্পী। তেওঁ ওস্তাদ আব্দুল ৱাহিদ খানৰ শিষ্যা আছিল।[2] কলাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক সংগীত নাটক একাডেমী বঁটা[3] আৰু পদ্মভূষণেৰে সন্মানিত কৰা হৈছিল।[4]
সংগীত জীৱন
[সম্পাদনা কৰক]১৫ বছৰ বয়সত কেছৰবাই কেৰকাৰৰ পৃষ্ঠপোষকতাত হীৰাবাইয়ে প্ৰথমবাৰৰ বাবে ৰাজহুৱা অনুষ্ঠানত অংশ লয়।[1]
খয়াল, থুমৰী, মাৰাঠী নাট্য সংগীত, ভজন আদি বিষয়ত তেওঁ পাৰংগদ আছিল। হিন্দুস্তানী শাস্ত্ৰীয় সংগীতক জনসাধাৰণৰ মাজত জনপ্ৰিয় কৰি তোলাৰ কৃতিত্ব তেওঁক দিয়া হয়। তেওঁ ভাৰতৰ মহিলা শিল্পীৰ কনচাৰ্টৰ পথ প্ৰদৰ্শক আছিল। ভাৰতত টিকটৰ ব্যৱস্থা থকা কনচাৰ্টৰ প্ৰচলন কৰা প্ৰথমগৰাকী মহিলা শিল্পী। তেওঁৰ ‘তাৰ সা’ৰ পৰিবেশন অতি জনপ্ৰিয় হৈ পৰিছিল আৰু এয়া তেওঁৰ পৰিচয় হৈ পৰিছিল। তেওঁ কিৰানা ঘৰানাক অধিক জনপ্ৰিয় আৰু সমৃদ্ধ কৰি তুলিছিল।
হীৰাবাইয়ে "সুবৰ্ণ মন্দিৰ", "প্ৰতিভা", "জনাবাই", আৰু "মিউনিচিপালিটি"কে ধৰি কেইবাখনো চিনেমাত অভিনয় কৰিছিল। তেওঁ ছোৱালীক সংগীত শিকোৱাৰ উদ্দেশ্যে "নুতন সংগীত বিদ্যালয়" নামৰ সংগীত বিদ্যালয় এখনো আৰম্ভ কৰে। বিদ্যালয়খনত কেইবাখনো নাটক মঞ্চস্থ কৰা হয়।
হীৰাবাই নিজৰ কেৰিয়াৰৰ আৰম্ভণিতেই এগৰাকী ৰেকৰ্ডিং আৰ্টিষ্ট হৈছিল। (তেওঁৰ ৭৮ আৰ পি এম ৰেকৰ্ডিং আৰ.পি.জিয়ে তেওঁলোকৰ ক্লাছিকেল গোল্ড ছিৰিজৰ কেছেটত পুনৰ মুকলি কৰিছে)। তেওঁক "গানহীৰা" উপাধি দিয়া হৈছিল।[5]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 Massey, Reginald & Jamila (1996). The Music of India. Abhinav Publications. পৃষ্ঠা. 150. ISBN 81-7017-332-9. https://books.google.com/books?id=1FSBJWkZofsC&q=hirabai+badodekar.
- ↑ Sharma, Manorama (2006). Tradition of Hindustani Music. A.P.H. Publishing Corporation. পৃষ্ঠা. 54. ISBN 81-7648-999-9. https://books.google.com/books?id=YdtqrooCo-oC&q=hirabai+badodekar.
- ↑ "Sangeet Natak Akademi - All Awardees". Sangeet Natak Akademi. http://www.sangeetnatak.gov.in/sna/Awardees.php। আহৰণ কৰা হৈছে: 26 October 2016.
- ↑ "Padma Awards". Ministry of Home Affairs, Government of India. 2015. Archived from the original on 15 October 2015. https://web.archive.org/web/20151015193758/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf। আহৰণ কৰা হৈছে: 21 July 2015.
- ↑ "व्यक्तिवेध: प्रभा अत्रे" (mr ভাষাত). Loksatta. January 29, 2022. https://www.loksatta.com/sampadkiya/vyakhtivedh/profile-prabha-atre-akp-94-2780587/.