হীৰা মোতি
অৱয়ব
(হীৰা মতিৰ পৰা পুনঃনিৰ্দেশিত)
| হীৰা মোতি | |
|---|---|
হীৰা মতিৰ এটা দৃশ্য | |
| পৰিচালক | কৃষণ চোপ্ৰা |
| ৰচনা | কৃষণ চোপ্ৰা (চিত্ৰনাট্য) বলৰাজ সাহানী (সংলাপ) |
| প্ৰযোজক | প্ৰবীন দেশাই |
| অভিনয়ত | বলৰাজ সাহানী নিৰূপা ৰয় |
| সংগীত পৰিচালক | ৰোচন |
| দেশ | ভাৰত |
| ভাষা | হিন্দী |
হীৰা মোতি (ইংৰাজী: Heera Moti) ১৯৫৯ চনৰ এখন হিন্দীভাষাৰ নাট্যধৰ্মী ছবি। ছবিখনৰ পৰিচালক কৃষণ চোপ্ৰা। মুন্সি প্ৰেমচান্দৰ গল্পৰ আধাৰত নিৰ্মিত ছবিখন ছবিৰ চিত্ৰনাট্য আৰু সংলাপ ৰচনা কৰিছে ক্ৰমে কৃষণ চোপ্ৰা আৰু বৈজ শৰ্মাই। মুখ্য চৰিত্ৰত অভিনয় কৰিছে বলৰাজ সাহনী আৰু নিৰূপা ৰয়ে। ৭ম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত হীৰা মতিয়ে দ্বিতীয় শ্ৰেষ্ঠ চলচ্চিত্ৰৰ অল ইণ্ডিয়া চাৰ্টিফিকেট অফ মেৰিট লাভ কৰে।[1]
কাহিনীৰ সাৰাংশ
[সম্পাদনা কৰক]ঝুৰি এজন দুখীয়া খেতিয়ক৷ তেওঁৰ এহাল বলধ আছে, যাক মৰমতে হীৰা আৰু মোতী বুলি মাতে৷ বলধৰ দৌৰ প্ৰতিযোগিতাত জমিদাৰৰ বলধক হৰুৱাই হীৰা–মোতী জয়ী হয়, যাৰবাবে জমিদাৰে অপমানিত বোধ কৰে৷ জমিদাৰে ঝুৰিৰ বলধহাল কিনি লব বিচাৰে, কিন্তু ঝুৰিয়ে বিকিবলৈ অস্বীকাৰ কৰে। এজন সাধাৰণ খেতিয়কৰ এনে স্পৰ্দ্ধা জমিদাৰে সহ্য কৰে কেনেকৈ?[1]
বঁটা
[সম্পাদনা কৰক]- সপ্তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৫৯)
- দ্বিতীয় শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি (অল ইণ্ডিয়া চাৰ্টিফিকেট অফ মেৰিট)
তথ্যউৎস
[সম্পাদনা কৰক]বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- হীৰা মোতি সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
| |||||||||||||