হীৰা শৰণীয়া
নব কুমাৰ শৰণীয়া | |
|---|---|
২০১৯ত শৰণীয়া | |
| সাংসদ, লোকসভা | |
| কাৰ্যকাল ১৬ মে ২০১৬ – ৪ জুন ২০২৪ | |
| পূৰ্বসূৰী | চাঞ্চুমা খুংগুৰ বিচমূতিয়াৰী |
| উত্তৰসূৰী | জয়ন্ত বসুমতাৰী |
| সমষ্টি | কোকৰাঝাৰ |
| গণ সুৰক্ষা পাৰ্টীৰ প্ৰতিষ্ঠাপক আৰু সভাপতি | |
পদাধিকাৰ | |
| কাৰ্যভাৰ গ্ৰহণ ৫ আগষ্ট ২০১৯ | |
| উত্তৰসূৰী | Position established |
| ব্যক্তিগত তথ্য | |
| জন্ম | ১ মে', ১৯৬৯ (৫৬ বছৰ) দীপলাইপাৰ, বাক্সা, অসম |
| ৰাজনৈতিক দল | নিৰ্দলীয় প্ৰাৰ্থী গণ সুৰক্ষা পাৰ্টী |
| দাম্পত্যসঙ্গী | শ্ৰীমতী বৰ্ণালী বৈশ্য[1] |
| পেচা | ৰাজনীতিবিদ |
নব কুমাৰ শৰণীয়া ওৰফে হীৰা শৰণীয়া ওৰফে হীৰা ডেকা (জন্ম ১ মে ১৯৬৯) এজন ভাৰতীয় ৰাজনীতিবিদ যিয়ে ২০১৪ চনৰ পৰা ২০১৯ চন লৈকে এজন স্বতন্ত্ৰ প্ৰাৰ্থী হিচাপে আৰু ২০১৯ চনৰ পৰা ২০২৪ চন লৈকে গণ সুৰক্ষা পাৰ্টীৰ সদস্য হিচাপে অসমৰ কোকৰাঝাৰ লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ অসমৰ নিৰ্বাচনত আৰু লোকসভা নিৰ্বাচনৰ ইতিহাসত স্বতন্ত্ৰ প্ৰাৰ্থী হিচাপে সকলোতকৈ বেছি ভোটৰ ব্যৱধানত জয় লাভ কৰিছিল । তেওঁ ২০১৯ চনৰ পৰা গণ সুৰক্ষা পাৰ্টীৰ প্ৰতিষ্ঠাতা আৰু সভাপতি। ইয়াৰ আগত শৰণীয়া আলফাৰ ৭০৯ বেটেলিয়নৰ কমাণ্ডাৰ আছিল। তেওঁক অসমৰ ভয়ঙ্কৰ উগ্ৰপন্থী হিচাপে গণ্য কৰা হৈছিল।
পাৰিবাৰিক পটভূমি
[সম্পাদনা কৰক]শৰণীয়াৰ চাৰি ভাই ককাই আৰু দুই ভনীৰ মাজত সকলোতকৈ ডাঙৰ। দুই ভনীৰ বয়স কুৰি। শৰণীয়াৰ পৰিয়াল ১৫ বিঘাৰ অধিকাৰী আৰু মোটামুটি স্বচ্ছল। তেওঁলোকে এটা সাধাৰণ অসম টাইপ ঘৰত বাস কৰে।
আলফা উগ্ৰপন্থীত জীৱন
[সম্পাদনা কৰক]অৱশৰপ্ৰাপ্ত ভাৰতীয় সেনাৰ সন্তান হোৱা স্বত্বেও, নব কুমাৰ শৰণীয়াই ১৯৮০ দশকৰ মাজভাগত আলফাত যোগদান কৰিছিল। আলফাত থকা কালত তেওঁ হীৰা শৰণীয়া নামে জনাজাত আছিল। হীৰাক ম্যানমাৰ আৰু আফগানিস্তান প্ৰশিক্ষণ দিয়া হৈছিল। শৰণীয়া আলফাৰ ৭০৯ বেটেলিয়নৰ কমাণ্ডাৰ আছিল।
ডায়েৰী
[সম্পাদনা কৰক]১৭ নৱেম্বৰ ২০০৫-ত ডুমুনি কোবৰ (কোম্পানী অপাৰেটিং বেছ) পৰা ১০ জন সেনখ সদস্যই নৱগঠিত বাক্সা জিলাৰ জালিগাওঁ পৰা কিছু অস্ত্ৰ, গোলাবাৰুদ, নগদ ধন আৰু নগদ চাহিদা পত্ৰ সহ শৰণীয়াৰ ডায়েৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ ডায়েৰীত ভূটানৰ এক সময়ৰ গোপন বুজাবুজি আৰু ভাৰতৰ বিৰুদ্ধে আলফাৰ গভীৰ ক্ষোভ প্ৰকাশিত হৈছিল। সাংবাদিক তেৰেছা ৰহমানে দাবী কৰিছে, তেওঁ হীৰা শৰণীয়াৰ ডায়েৰী পাইছিল।
গ্ৰেপ্তাৰ
[সম্পাদনা কৰক]২০ আগষ্ট ২০১৩-ত গুৱাহাটী চিটি পুলিচে হীৰা শৰণীয়াক লুটপাত, অপহৰণ আৰু হত্যাৰ অভিযোগত আৰু তিনিজনৰ লগত গ্ৰেপ্তাৰ কৰিছিল। একেধৰণে তাৰ বিৰুদ্ধে ৯ অক্টোবৰ, ২০২০-ত কোকৰাঝাৰ থানাত এটা গোচৰ ৰজু কৰা হৈছিল।
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ "Dreaded Militant turns Member of Parliament with Historical Record win". Times of Assam. 18 May 2014. http://www.timesofassam.com/headlines/dreaded-militant-turns-member-of-parliament-with-historical-record-win/। আহৰণ কৰা হৈছে: 18 May 2014.