সমললৈ যাওক

হীৰ ৰাঞ্জা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হীৰ ৰাঞ্জা
সাধু কথা
নাম: হীৰ ৰাঞ্জা
তথ্য
অঞ্চল: পঞ্জাব

হীৰ ৰাঞ্জা (ইংৰাজী: Heer Ranjha) কেইবাটাও ঐতিহাসিক কাব্যিক আখ্যান থকা এক পৰম্পৰাগত পাঞ্জাবী লোক-ট্ৰেজেডী;[1] ইয়াৰ প্ৰথমখন পূৰ্বে চলি অহা মৌখিক কিংবদন্তিৰ আধাৰত ১৬০০ চনত দামোদৰ গুলাতীয়ে লিখা আৰু দ্বিতীয়খন ১৭৬৬ চনত ৱাৰিছ শ্বাহে মহাকাব্যিক ৰূপত লিখা হীৰৰ আখ্যান, যিখন আটাইতকৈ বিখ্যাত। তখত হাজাৰা আৰু টিলা জোগিয়াঁৰ পটভূমিত পৰিৱেশিত এই আখ্যানত পাঞ্জাবৰ গ্ৰাম্য অঞ্চলৰ এহাল যুৱক-যুৱতীৰ প্ৰেম, বলপূৰ্বক বিচ্ছেদ আৰু অৱশেষত একেলগে মৃত্যুৰ কাহিনী বৰ্ণোৱা হৈছে।[2]

পঞ্জাৱৰ চাৰিটা জনপ্ৰিয় ট্ৰেজিক ৰোমাঞ্চৰ ভিতৰত ই অন্যতম। বাকী তিনিটা হৈছে মিৰ্জা চাহিবা, সোহনী মহিৱাল আৰু ছচ্ছি পুন্নুন।[3][4][5][6][7]

হীৰ ৰাঞ্জাৰ আখ্যান কেইবাজনো কবিয়ে ৰচনা কৰিছে। প্ৰথমে এই কাহিনী বৰ্ণনা কৰা দামোদৰ গুলাতিয়ে নিজকে এই ঘটনাৰ প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰিছিল। তেওঁৰ আখ্যানক পাঞ্জাবী সাহিত্যৰ আটাইতকৈ পুৰণি “হীৰ” বুলি গণ্য কৰা হয়। তেওঁ নিজকে ঝঙৰ বাসিন্দা বুলি উল্লেখ কৰিছে, য’ত হীৰৰ ঘৰ আছিল। ষোড়শ শতিকাৰ কবি শ্বাহ হুছেইনেও তেওঁৰ কাফীত এই কাহিনীৰ উল্লেখ কৰিছে। পিছলৈ ৱাৰিছ শ্বাহে ১৭৬৬ চনত তেওঁৰ গ্ৰন্থত কাহিনীটো পুনৰ বৰ্ণনা কৰে, য'ত তেওঁ কয় ঈশ্বৰৰ প্ৰতি মানৱৰ অদম্য সন্ধানৰ প্ৰসংগত কাহিনীটোৰ গভীৰ অৰ্থ আছে।[8]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
  1. Akhund, Abdul Hamid (1993). Bhitai, the Message of the Master: An Anthology of Commentaries on the Poetry of Shah Abdul Latif. Shah Abdul Latif Bhitshah Cultural Centre Committee. পৃষ্ঠা. 91. ISBN 9789698100117. "Numerous variants of Hir Ranjha exist not only in Panjabi, but also in Sindhi, Persian, and Balochi..." 
  2. (Arif Jamshaid) The epic of Heer Ranjha, research paper on epic poem written by Waris Shah in 1766 on Academy of the Punjab in North America website Retrieved 14 November 2020
  3. Ikram, Sheikh Mohamad (1955). The cultural heritage of Pakistan. প্ৰকাশক [Karachi; New York]: Oxford University Press. পৃষ্ঠা. 151. "There are five major folk romances [in Punjabi literature], Heer Ranjha, Sassi Punnu, Sohni Mahinwal, Mirza Sahiban, Puran Bhagat. Of these Heer Ranjha is the most popular romance..." 
  4. Jamal Shahid (11 January 2015). "A beloved folk story comes to life". Dawn. https://www.dawn.com/news/1156243। আহৰণ কৰা হৈছে: 8 November 2020. 
  5. Karan Bali (13 September 2016). "Before 'Mirzya', Mirza and Sahiban have died over and over again for their love (Numerous versions of the legend exist, including productions in Punjabi on both sides of the border)". Scroll.in website. https://scroll.in/reel/816380/before-mirzya-mirza-and-sahiban-have-died-over-and-over-again-for-their-love। আহৰণ কৰা হৈছে: 8 November 2020. 
  6. "Love Legends in History of Punjab". Punjabi World website. 20 April 2007. Archived from the original on 25 April 2009. https://web.archive.org/web/20090425163108/http://punjabiworld.com/Creative-Punjab/Legends-of-Punjab/love-legends-of-punjab.html। আহৰণ কৰা হৈছে: 8 November 2020. 
  7. Sahibaan remains unheard The Hindu (newspaper), Published 11 October 2016, Retrieved 8 November 2020
  8. Waqar Pirzada (2014), Chasing Love Up against the Sun, p. 12