হুদুপৰা থান
| এই প্ৰবন্ধটো বৰ্তমান লিখি থকা হৈছে। আপুনিও এই কাৰ্যত অংশগ্ৰহণ কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক; যদি এই প্ৰবন্ধত বহুদিন ধৰি একো কাম হোৱা নাই, তেনেহ’লে এই সাঁচটো আঁতৰাই দিব পাৰিব। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
দুজন লিখকে একে সময়তে (বেলেগ বেলেগ স্থানৰ পৰা) কাম কৰি থাকে যদি কোনোজনে save কৰিবলৈ দিলে "সম্পাদনা দ্বন্দ্ব" বা "edit conflict" বুলি বাৰ্তা আহিব পাৰে, আৰু এনেক্ষেত্ৰত সচৰাচৰ আপুনি সম্পাদনা কৰাখিনি হেৰাই যাব পাৰে। এনে ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবৰ বাবে আপুনি পৃষ্ঠা সঁচাৰ আগে আগে আপুনি কৰা সম্পাদনাখিনি কীব'ৰ্ডৰ Ctrl + C ব্যৱহাৰ কৰি প্ৰতিলিপি কৰি ৰাখিব পাৰে বা অন্য কোনো editor যেনে notepad, Microsoft word, open office আদিত save কৰি থ'ব। সম্পাদনা দ্বন্দ্ব মানে কাজিয়া হৈছে বুলি ভুল বুজাবুজি নকৰি কিছুসময় অপেক্ষা কৰি আপোনাৰখিনি পাছত যোগ দিব পাৰিব। প্ৰয়োজন হ'লে প্ৰবন্ধৰ "ইতিহাস" টেবত চাই যাৰ লগত আপোনাৰ সম্পাদনা দ্বন্দ্ব হৈছে তেওঁৰ লগত আলোচনা কৰি দুয়োজনে মিলাপ্ৰীতিৰে সম্পাদনা কৰি প্ৰবন্ধটো লিখি উলিয়াব পাৰে। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে দ্বিতীয় উপায় হৈছে {{সম্পাদনা দ্বন্দ্ব}}ৰ ব্যৱহাৰ। আপুনি লিখিবলৈ আৰম্ভ কৰা পৃষ্ঠাটোত যদি আন কোনোৱেই সমসাময়িকভাৱে সম্পাদনা কৰাটো নিবিচাৰে তেনেহ’লে এই সাঁচটো ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ সম্পাদনা শেষ হোৱাৰ পাছত এই সাঁচটো আঁতৰাই দিবলৈ নাপাহৰে যেন। |
| হুদুপৰা থান | |
|---|---|
| নাম | |
| আনুস্থানিক নাম | হুদুপৰা থান |
| স্থান | |
| দেশ | ভাৰত |
| ৰাজ্য | অসম |
| জিলা | শোণিতপুৰ জিলা |
| স্থান | তেজপুৰ |
| স্থাপত্য আৰু সংস্কৃতি | |
| মুখ্য দেৱ-দেৱী | বিষ্ণু |
| ইতিহাস | |
| প্ৰতিস্থাপক | অজ্ঞাত |
হুদুপৰা থান তেজপুৰ চহৰৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ নিলগৰ কেতেকীবাৰী গাঁৱৰ প্রাকৃতিক পৰিৱেশৰে পৰিপূৰ্ণ এখন আধ্যাত্মিক স্থল। প্ৰৱচন অনুসৰি, বৰ্তমান যি স্থানত নিতৌ নাম কীৰ্ত্তন কৰা হয়, সেই স্থানত এজোপা কেন্দু গছ আছিল, গছ জোপাৰ কাষত প্ৰায়েই হুদু চৰায়ে জিৰণি লৈছিল। গছ জোপাৰ তলত যথেষ্ট কেঁচুমতা হৈছিল। গৰু চৰাবলৈ যোৱা গৰখীয়া বোৰে সেই গছ জোপাৰ তলতে মাজে সময়ে ধেমালিৰ চলেৰে পূজা অর্চনা কৰিছিল। এবাৰ কোনোবা এজন ব্যক্তিয়ে কেঁচুমতাবোৰ ভাঙি পেলোৱাত মানুহজন দুৰাৰোগ্য ৰোগত ভূগিছিল। তেতিয়াৰে পৰাই ওচৰ চুবুৰীয়াই বিশেষ ঐশ্বৰিক শক্তি আছে বুলি বিশ্বাস কৰি নাম কীৰ্ত্তন কৰিব আৰম্ভ কৰে। থান খনৰ মূল উপাসনা স্থলীত এতিয়াও কোনো মণিকূট বা ওপৰত চালি নাই। এবাৰ গাঁওখনৰে এজন ব্যক্তিয়ে চালি এখন বনাওঁতে ৰাতি সপোনত সেই কাম নকৰিবলৈ পৰামৰ্শ পোৱাত পিছত চালি খন আঁতৰাই পেলোৱা হয়। কালক্ৰমত সেইয়াই আজিৰ এই হুদুপৰা থানলৈ ৰূপান্তৰিত হয়। উল্লেখিত কেন্দুগছ জোপা এতিয়া নাই যদিও গছ জোপাৰ লগত থকা লতাবোৰ এতিয়াও আছে।