হৃদয়ৰ মানচিত্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হৃদয়ৰ মানচিত্ৰ  
লেখক হোমেন বৰগোহাঞি
দেশ ভাৰত
ভাষা অসমীয়া
বিষয় শিক্ষামূলক
প্ৰকাৰ গল্প সংকলন, প্ৰবন্ধ
প্ৰকাশক অসম পাব্লিচিং কোম্পানী
প্ৰকাশ জানুৱাৰী, ২০১২
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ১০৪
আই.এচ.বি.এন. 978-81-86384-92-3

হৃদয়ৰ মানচিত্ৰ (ইংৰাজী: Hridayar Manchitra) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন মূলতঃ গল্প সংকলন। এই সংকলনখনৰ ২০১২ চনৰ জানুৱাৰী মাহত নতুন সংস্কৰণ প্ৰকাশ কৰে অসম পাব্লিচিং কোম্পানীয়ে। তাৰ আগতে প্ৰায় ৩০/৩৫ বছৰ আগতে প্ৰকাশ পোৱা এই কিতাপখন পুনঃ প্ৰকাশ সম্পৰ্কে জনা নাযায়। অসম পাব্লিচিং কোম্পানীয়ে নতুনকৈ প্ৰকাশ কৰা সংস্কৰণটোত লেখকে কেইটামান প্ৰবন্ধও সংযোজন কৰে। গ্ৰন্থখন লেখক বৰগোহাঞিয়ে উছৰ্গা কৰিছে সৎ কৰ্মৰ প্ৰতি সততে অনুৰাগী,হৃদয়বান মানুহ তেখেতৰ প্ৰিয় বন্ধু শ্ৰী জি এল আগৰৱালালৈ।[1]

বিৱৰণ[সম্পাদনা কৰক]

কিতাপখনত ৪ টা গল্প আৰু ৮ টা প্ৰবন্ধ আছে। গল্পকেইটা বৰগোহাঞিয়ে জীৱনৰ আদিছোৱাতে লিখা। সেইকেইটা হৈছে, আনন্দৰ উৎস, ভয়, ধুমুহা আৰু শূন্যতা। কিতাপখনত সংযোগ কৰা ভিন্নৰসী প্ৰবন্ধকেইটা হৈছে, আলফ্ৰেড্‌ দ্য মুছেট, ৰশ্মিৰেখালৈ এখন চিঠি, অনিন্দিতাৰ কাৰণে এধানমান মৰম, জেচমিন আৰা আহমেদলৈ নতুন বছৰৰ প্ৰীতি-সম্ভাষণ, আলয়াৰন, পাৰ হৈ যোৱা বছৰটোৱে মোক কি দি থৈ গ'ল, 'মই থুৱাব পাৰোঁ' আৰু ৰাজনৈতিক বিতৰ্কৰ নিম্নগামী মান।[1]

লেখকৰ চমু পৰিচয়[সম্পাদনা কৰক]

অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাসাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।[2] ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাঢকুৱাখনাত জন্ম হয়।[3]

তথ্যৰ উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 হোমেন বৰগোহাঞি. হৃদয়ৰ মানচিত্ৰ. অসম পাব্লিচিং কোম্পানী. 
  2. Awards 1955–2007 Archived 2008-05-13 at the Wayback Machine Sahitya Akademi Official website.
  3. http://indilens.com/?s=homen+borgohain! Homen Borgohain

লগতে চাওক[সম্পাদনা কৰক]