সমললৈ যাওক

হেকানি জাখালু কেনছে

অসমীয়া ৱিকিপিডিয়াৰ পৰা


হেকানি জাখালু কেনছে

২০১৮ নাৰি শক্তি পুৰুষ বঁটা লাভ কৰি হেকানি জখলুৱে
নাগালেণ্ড বিধানসভাৰ সদস্য।
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২ মাৰ্চ ২০২৩
সমষ্টি ডিমাপুৰ তৃতীয়
ব্যক্তিগত তথ্য
জন্ম
হেকানি জাখালু

1976 (1976) (age ৪৯–৪৮)
টোলুভি, ডিমাপুৰ, নাগালেণ্ড
ৰাজনৈতিক দল এনডিপিপি
দাম্পত্যসঙ্গী Kevilezo Kense
সন্তান 2
বাসস্থান কহিমা
শিক্ষা বিচপ কটন গাৰ্লছ স্কুল
শিক্ষানুষ্ঠান সাঁচ:প্লেইনলিষ্ট
পেচা ৰাজনীতিবিদসামাজিক উদ্যোগী
পুৰস্কাৰ নাৰী শক্তি পুৰস্কাৰ

হেকানি জাখালু কেনছে ( ইংৰাজী: : Hekani Jakhalu Kense ; জন্ম: ১৯৭৬ চনৰ পিছত)[1] নাগালেণ্ডৰ এজন ভাৰতীয় ৰাজনীতিবিদ আৰু সামাজিক উদ্যোগী। নাগালেণ্ডৰ যুৱক-যুৱতীসকলক ব্যৱসায়িক সুযোগ লাভ কৰাত সহায় কৰিবলৈ তেওঁ বেচৰকাৰী সংস্থা ইউথনেট স্থাপন কৰিছিল। ২০১৮ চনত নাৰী শক্তিপুৰস্কাৰ বঁটাৰে স্বীকৃতি লাভ কৰে।

২০২৩ চনত জাখালু আৰু ছালহৌটুওনুও ক্ৰুছে নাগালেণ্ডৰ পৰা নাগালেণ্ড বিধানসভালৈ নিৰ্বাচিত হোৱা প্ৰথম মহিলা হিচাপে পৰিগণিত হয়। তেখেত নেচনেলিষ্ট ডেম'ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টি (এনডিপিপি)ৰ সদস্য।[2]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

হেকানী জখালুৰ জন্ম হৈছিল নাগালেণ্ডৰ ডিমাপুৰত। বেংগালুৰুৰ বিচপ কটন গাৰ্লছ স্কুলত শিক্ষা গ্ৰহণ কৰি দিল্লীৰ লেডী শ্ৰী ৰাম কলেজৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে।[1] তাৰ পিছত তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা আইনত স্নাতক ডিগ্ৰী লাভ কৰে আৰু ছান ফ্ৰান্সিস্কো বিশ্ববিদ্যালয়ৰ পৰা আইনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

কেৰিয়াৰ

[সম্পাদনা কৰক]

আমেৰিকাত কাম কৰাৰ পিছত জাখালুৱে দিল্লীলৈ উভতি আহি উকীল হিচাপে কেৰিয়াৰ আৰম্ভ কৰে।[citation needed] তেওঁক ফাৰ্মখনৰ অংশীদাৰ কৰা হয় যদিও নাগালেণ্ডৰ পৰা দিল্লীলৈ প্ৰব্ৰজন কৰা যুৱক-যুৱতীসকলৰ সংখ্যা প্ৰত্যক্ষভাৱে দেখি,নাগালেণ্ডৰ যুৱক-যুৱতীসকলৰ বাবে অধিক সুযোগ সৃষ্টি কৰাৰ লক্ষ্যৰে তেওঁ ২০০৬ চনত ইউথনেট নামৰ এটা বেচৰকাৰী সংস্থা (এন জি অ’) স্থাপন কৰাৰ সিদ্ধান্ত লয় । ২০১৮ চনলৈকে ইউথনেটৰ ৩০ জন কৰ্মচাৰী আছিল আৰু তেওঁলোকে ২৩,৫০০ লোকক সহায় কৰা বুলি দাবী কৰে। ইয়াৰ লক্ষ্য হৈছে উদ্যোগীসকলক তেওঁলোকৰ ধাৰণাসমূহ আগুৱাই নিয়াত সহায় কৰা আৰু কোহিমাত এটা "মেড ইন নাগালেণ্ড" কেন্দ্ৰ স্থাপন কৰা যিয়ে তেওঁলোকৰ উন্নত কাৰিকৰি শিল্পনৈপুণ্য সামগ্ৰী বিক্ৰী কৰাত সহায়ক হয়।[3][4] দুবছৰ ধৰি চলি থকাৰ পিছত "মেড ইন নাগালেণ্ড" কেন্দ্ৰটোৱে ২০২০ চনত ই-কমাৰ্চ প্লেটফৰ্ম মুকলি কৰে।[4]

তেওঁৰ এই কামৰ স্বীকৃতি স্বৰূপে হেকানী জাখালুৱে ২০১৮ চনত নাৰী শক্তিপুৰস্কাৰ বঁটা লাভ কৰে, যিটো ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা, যিটো কেৱল মহিলাকহে প্ৰদান কৰা হয়। সেই বছৰ ভাৰতৰ উত্তৰ-পূবৰ পৰা অহা একমাত্ৰ ব্যক্তি হিচাপে তেওঁক সন্মানিত কৰা হৈছিল।[5]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]