হেকুবা
হেকুবা | |
---|---|
ট্ৰয়ৰ ৰাণী | |
ৰাজকীয় ট্ৰজান পৰিয়াল-ৰ সদস্য | |
![]() এটা কলহত হেকুবাৰ চিত্ৰ | |
অন্য নাম | হেকুবে, ডাইমেণ্টিছ |
সঙ্গী | (১) এপ'ল' (২) প্ৰিয়াম |
হেকুবা (/ˈhɛkjʊbə/; হেকাবেও; প্ৰাচীন গ্ৰীক: Ἑκάβη, ইংৰাজী: Hecuba) গ্ৰীক শ্ৰুতিকথাত বৰ্ণিত এগৰাকী ৰাণী৷ ট্ৰজান যুদ্ধৰ সময় ছোৱাত তেওঁ ট্ৰয়ৰ ৰজা প্ৰিয়ামৰ পত্নী আছিল।[1]
বিৱৰণ
[সম্পাদনা কৰক]হেকুবাক বুৰঞ্জীকাৰ মালালাছে তেওঁৰ ক্ৰ'ন'গ্ৰাফীৰ (Chronography) বিৱৰণীত "ক'লা বৰণৰ, সুন্দৰ চকু, প্ৰাপ্তবয়স্ক, দীঘল নাক, ধুনীয়া, উদাৰ, বকপটু, শান্ত" বুলি বৰ্ণনা কৰিছিল।[2] ইফালে ডেৰেছ দ্য ফ্ৰিজিয়ানৰ বিৱৰণীত তেওঁক "... ধুনীয়া, তেওঁ ডাঙৰ আকৃতিৰ, বৰণ ক'লা। তেওঁ মতা মানুহৰ দৰে চিন্তা কৰিছিল আৰু ধৰ্মপৰায়ণ আৰু ন্যায়পৰায়ণ আছিল।" বুলি বৰ্ণনা কৰিছে৷[3]
কিংবদন্তি
[সম্পাদনা কৰক]মহাকাব্য ইলিয়াডত হেকুবাক ছবাৰ দেখা যায়। কিংবদন্তি মতে তেওঁ চহৰলৈ উভতি অহাৰ লগে লগে হেক্টৰক লগ পায় আৰু লিবাচন পিয়লাটো আগবঢ়ায় পিয়লাটো জ্যুছক আগবঢ়োৱাৰ লগতে হেক্টৰকো তাৰ পৰা পান কৰিবলৈ নিৰ্দেশ দিয়ে। হেক্টৰৰ পৰামৰ্শ লৈ তেওঁ আলেকজেণ্ডাৰৰ ধনৰ পৰা লোৱা গাউন এটা বাছি লৈ দেৱীক প্ৰসাদ হিচাপে দিয়ে আৰু সহায়ৰ বাবে প্ৰাৰ্থনা কৰিবলৈ ট্ৰ’জান মহিলাসকলক এথেনাৰ মন্দিৰলৈ লৈ যায়। তেওঁ হেক্টৰক একিলিছৰ লগত যুদ্ধ নকৰিবলৈ অনুৰোধ কৰে৷ পৰৱৰ্তী সময়ত প্ৰিয়ামে একিলিছৰ জুপুৰিৰ পৰা হেক্টৰৰ মৃতদেহ উদ্ধাৰ কৰাৰ পৰিকল্পনা শুনি তেওঁ উদ্বিগ্ন হৈ পৰে। সেই একেটা খণ্ডতে তেওঁ প্ৰিয়ামক লিবাচন পিয়লাটো আগবঢ়ায় আৰু জ্যুছৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ নিৰ্দেশ দিয়ে যাতে তেওঁ আখিয়ান শিবিৰৰ ফালে যোৱাত সফলতা লাভ কৰিব পাৰে। প্ৰথম খণ্ডটোত হেক্টৰে তেওঁৰ প্ৰস্তাৱ নাকচ কৰে কিন্তু প্ৰিয়ামে গ্ৰহণ কৰে আৰু আশানুৰূপ সফলতা লাভ কৰে। শেষত তেওঁ হেক্টৰৰ মৃত্যুৰ বাবে শোক প্ৰকাশ কৰে।