হেক প্ৰগ্ৰামিং লেংগুৱেজ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হেক
সৃষ্টিৰ সময় ২০১৪
সৃষ্টিকৰ্তা জুলিয়ান ভাৰ্লাগুৱেট, আল'ক মেন্ঘ্ৰাজানি, ড্ৰিউ পাৰ'স্কি, আৰু অন্যান্য[1]
বিকাশক ফেচবুক
Typing discipline ষ্টেটিক, ডাইনেমিক, ৱীক
Influenced by পিএইচপি, জাভা, চি চাৰ্প প্ৰগ্ৰামিং লেংগুৱেজ
অপাৰেটিং চিষ্টেম ক্ৰছ প্লেটফৰ্ম
লাইচেঞ্চ বিএচডি লাইচেঞ্চ[2]
ৱেবছাইট hacklang.org

হেক ফেচবুকৰ হিপ-হপ ভাৰ্চুৱেল যন্ত্ৰৰ বাবে নিৰ্মিত পিএইচপিৰ এক উপভাষা। ভাষাটো বি-এচ-ডি লাইচেঞ্চৰ তলত খোলা উৎসৰ।[2][3][4]

হেকে ব্যৱহাৰকাৰীক প্ৰগতিশীল আৰু স্থায়ী, দুয়ো প্ৰকাৰৰ লিখনেই ব্যৱহাৰ কৰিবলৈ দিয়া। এনে ধৰণৰ লিখন পদ্ধতিক গ্ৰেজুৱেল টাইপিং বোলে আৰু এক্সনস্ক্ৰিপ্টৰ দৰে প্ৰগ্ৰামিং ভাষাটো ইয়াৰ ব্যৱহাৰ হৈছে।[5] হেকে ফাংচনৰ প্ৰকাৰ নিৰ্ণয় কৰি ফলাফল প্ৰদান কৰে।[3][6][7]

বুৰঞ্জী[সম্পাদনা কৰক]

হেকক ২০ মাৰ্চ ২০১৪ত পৰিচিত কৰোৱা হৈছিল।[8] প্ৰগ্ৰামিং লেংগুৱেজটো ঘোষণা কৰাৰ আগতেই ফেচবুকে চাইটটোত কেইবাঠাইতো এই ভাষাৰ ব্যৱহাৰ আৰম্ভ কৰিছিল।

বৈশিষ্ট্য[সম্পাদনা কৰক]

হেক আৰু পি-এইচ-পি বহু ক্ষেত্ৰত মিলে, যাক প্ৰায় মুক্ত উৎসত সাধাৰণ কাৰণত ব্যৱহাৰ কৰা হয়, বিশেষকৈ এইচ-টি-এম-এল ক'ডত এম্বেড কৰি। প্ৰায়বোৰ পি-এইচ-পি ক'ড হেকত চলে, কিন্তু কিছু কম ব্যৱহৃত স্ক্ৰিপ্ট নচলে।[9]


হেকে পি-এইচ-পি ৫ৰ টাইপ হিন্টিঙৰ সুবিধা আৰু বৃদ্ধি কৰিছে, ষ্টেটিক টাইপিঙৰ পৰিচয় কৰি আৰু তাৰ ব্যৱহাৰ বঢ়ায়ো। পিছে, ল'কেল ভেৰিয়েব্লছ বা 'স্থানীয় ভেৰিয়েব্ল (পৰিৱৰ্তনশীল)'ৰ প্ৰকাৰ নিৰ্ধাৈত কৰিব নোৱাৰি।[6][7] যিহেতু আৰম্ভণিত হেকে গ্ৰেজুৱেল টাইপিং প্ৰণালী ব্যৱহাৰ কৰে, টীকা অপৰিহাৰ্য ক্ষেত্ৰটো অনিবাৰ্য নহয়, হেকে প্ৰগ্ৰেমাৰজনক সম্পূৰ্ণৰূপে শুদ্ধ বুলি বিশ্বাস কৰি ক'ডটো স্বীকাৰ কৰে।[10] পিছে এটি ষ্ট্ৰিক্ট ম'ডো উপলব্ধ য'ত তেনে টীকাৰ দৰকাৰ, আৰু সম্পূৰ্ণ শুদ্ধ ক'ড হোৱা অনিবাৰ্য।[11]

শব্দবিন্যাস আৰু শব্দাৰ্থ[সম্পাদনা কৰক]

হেকৰ ফাইল পি-এইচ-পিৰ দৰেই, পিছে, হেক ফাইল <?hhৰে আৰম্ভ হয় আৰু পি-এইচ-পি <?phpৰে:

<?hh
echo 'Hello World';

ফলাফল হ'ব:

Hello World

পি-এইচ-পি ক'ড আৰু এইচ-টি-এম-এল ক'ড একেলগে লিখিব পাৰি, কিন্তু হেকৰ ক্ষেত্ৰত তেনে নহয়।

ফাংচন[সম্পাদনা কৰক]

হেকে ফাংচন আৰ্গিউমেন্ট (ভাষিকভাৱে ফলন যুক্তি)ৰ প্ৰকাৰ নিৰ্ণয় কৰি মূল্য উভতাই। উদাহৰণস্বৰূপে:

<?hh
// Hack functions are annotated with types.
function negate(bool $x): bool {
    return !$x;
}

আৰু চাওক[সম্পাদনা কৰক]

তথ্যসংগ্ৰহ[সম্পাদনা কৰক]

  1. "Where Credit Belongs for Hack". Bryan O'Sullivan. 2014-03-28. http://www.serpentine.com/blog/2014/03/28/where-credit-belongs-for-hack/। আহৰণ কৰা হৈছে: 2015-02-02. 
  2. 2.0 2.1 "facebook/hhvm". Facebookgithub.com. 2014-03-20. https://github.com/facebook/hhvm/blob/master/hphp/hack/LICENSE। আহৰণ কৰা হৈছে: 2014-08-11. 
  3. 3.0 3.1 Josh Lockhart (2014-04-03). "Facebook’s Hack, HHVM, and the future of PHP". O'Reilly Media. http://radar.oreilly.com/2014/04/facebooks-hack-hhvm-and-the-future-of-php.html। আহৰণ কৰা হৈছে: 2014-08-02. 
  4. Cade Metz (2014-03-20). "Facebook Introduces 'Hack,' the Programming Language of the Future". Wired. http://www.wired.com/wiredenterprise/2014/03/facebook-hack/। আহৰণ কৰা হৈছে: 2014-04-15. 
  5. "The Ins and Outs of Gradual Type Inference" (PDF). Association for Computing Machinery (ACM). January 2012. https://www.cs.umd.edu/~avik/papers/iogti.pdf। আহৰণ কৰা হৈছে: 2014-09-23. 
  6. 6.0 6.1 "Hack Manual". docs.hhvm.com. http://docs.hhvm.com/manual/en/hack.annotations.php। আহৰণ কৰা হৈছে: 2014-03-25. 
  7. 7.0 7.1 "Hack Manual". docs.hhvm.com. Archived from the original on 2014-03-26. https://web.archive.org/web/20140326062812/http://docs.hhvm.com//manual/en/hack.otherrulesandfeatures.typeinference.php। আহৰণ কৰা হৈছে: 2014-03-25. 
  8. "Hack: a new programming language for HHVM". Facebookcode.facebook.com. https://code.facebook.com/posts/264544830379293/hack-a-new-programming-language-for-hhvm/। আহৰণ কৰা হৈছে: 2014-03-23. 
  9. "Hack Manual". docs.hhvm.com. http://docs.hhvm.com/manual/en/hack.unsupported.php। আহৰণ কৰা হৈছে: 2014-04-02. 
  10. "Hack Manual". docs.hhvm.com. http://docs.hhvm.com/manual/en/hack.modes.partial.php। আহৰণ কৰা হৈছে: 2015-02-02. 
  11. "Hack Manual". docs.hhvm.com. http://docs.hhvm.com/manual/en/hack.modes.strict.php। আহৰণ কৰা হৈছে: 2015-02-02. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]