হেজেল মণ্টেইথ
| হেজেল মণ্টেইং | |
|---|---|
![]() | |
| জন্ম | হেজেল কনুপে উইলিয়ামছ ১৯ জুন, ১৯১৭ ছাভানা-লা-মাৰ, ৱেষ্টম'ৰলেণ্ড পেৰিছ, জামাইকাৰ ব্ৰিটিছ ক্ৰাউন কলনীত |
| মৃত্যু | ২২ মে', ২০১২ (৯৪ বছৰ) কিংগষ্টন, জামাইকা |
| ৰাষ্ট্ৰীয়তা | ব্ৰিটিছ, জামাইকা |
| পেচা | সমাজকৰ্মী |
| দাম্পত্যসঙ্গী | ইমানুৱেল জোচেলিন মণ্টেইথ |
| সন্তান | ২ |
হেজেল কনুপে মণ্টেইথ (ইংৰাজী: Hazel Conupe Monteith, ১৯ জুন ১৯১৭ – ২২ মে' ২০১২) আছিল এগৰাকী আফ্ৰিকান-জামাইকান গ্ৰাহক অধিকাৰৰ সমৰ্থক, ৰেডিঅ' ব্যক্তিত্ব আৰু সমাজকৰ্মী। ৱেষ্ট ইণ্ডিজ বিশ্ববিদ্যালয়ে আগবঢ়োৱা সামাজিক কামৰ প্ৰথম পাঠ্যক্ৰমৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা মণ্টেইথে বাৰ বছৰ ধৰি জামাইকা ফেডাৰেচন অৱ ৱমেনৰ সমাজ কল্যাণ প্ৰকল্পৰ সমন্বয়ক ট্ৰেভেলিং ফিল্ড এজেণ্ট হিচাপে কাম কৰিছিল।
১৯৭২ চনত স্বেচ্ছাসেৱী সমাজ সেৱা পৰিষদৰ আঞ্চলিক বিষয়া হোৱাৰ লগতে নাগৰিক পৰামৰ্শ ব্যুৰো গঠনৰ দায়িত্ব দিয়া হয়। উদ্ভাৱনীমূলক কাৰ্যসূচীৰ জৰিয়তে তেওঁ নাগৰিকসকলক বিভিন্ন বিষয়ত সহায় কৰিবলৈ প্ৰশিক্ষণ আৰু পৰামৰ্শ কেন্দ্ৰ আৰু ৰেডিঅ’ সম্প্ৰচাৰ গঢ়ি তুলিছিল৷ তেওঁ গুৰুত্বপূৰ্ণ অভিলেখ কেনেকৈ পঞ্জীয়ন কৰিব লাগে, নিয়োগ প্ৰশিক্ষণ, ঘৰুৱা সামগ্ৰীৰ বাবে ক’ৰ পৰা সহায় লাভ কৰিব পাৰি -ইত্যাদি বিষয়ত সজাগতা গঢ়ি তুলিছিল। ১৯৮২ চনত অৰ্ডাৰ অৱ ডিষ্টিংচনত তেওঁ বিষয়া হিচাপে সন্মানিত হয় আৰু তাৰ পিছত ১৯৮৬ চনৰ পৰা ১৯৮৯ চনলৈকে চিনেটৰ হিচাপে নিযুক্তি লাভ কৰে।
সংক্ষিপ্ত জীৱন
[সম্পাদনা কৰক]১৯১৭ চনৰ ১৯ জুনত জামাইকাৰ ব্ৰিটিছ মুকুট উপনিবেশৰ ৱেষ্টম'ৰলেণ্ড পেৰিছৰ ছাভানা-লা-মাৰত ব্লাঞ্চ ম'ড ইভানজেলিন আৰু নাথানিয়েল এফ উইলিয়ামছৰ ঘৰত জন্মগ্ৰহণ কৰিছিল। মেনিংছ স্কুলৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা ছাত্ৰী হিচাপে তেওঁ গাৰ্ল গাইডছৰ সদস্য আছিল৷ সংস্থাটোৱে তেওঁক সমাজ সেৱাৰ প্ৰতি আগ্ৰহ জগাই তুলিছিল। ১৯৪২ চনত তেওঁ ছেইণ্ট এলিজাবেথৰ চাণ্টা ক্ৰুজৰ আদালতৰ কেৰাণী ইমানুৱেল জোচেলিন মণ্টেইথক বিয়া কৰায়[1]৷ তাৰ পিছত তেওঁলোকে কিংষ্টনলৈ গুচি যায় আৰু তেওঁলোকৰ দুটা সন্তান জন্ম হয়:-হৰেচ আৰু ডেলেইন।[2]
১৯৮২ চনত মণ্টেইথে সমাজ সেৱাত জাতিটোৰ উন্নতিৰ বাবে কৰা সেৱাৰ বাবে অৰ্ডাৰ অৱ ডিষ্টিংচনত বিষয়া হিচাপে সন্মানিত হয়।[3]তেওঁৰ ৰেডিঅ' অনুষ্ঠান বহুলভাৱে জনপ্ৰিয় হৈছিল আৰু ১৯৮৪ চনত ''দ্য গ্লিনাৰ''ৰ পৰা বঁটা লাভ কৰিছিল।[2]
১৯৮৬ চনত মণ্টেইথে পদত্যাগ কৰা বাৰ্বাৰা ব্লেক-হান্নাৰ ঠাইত জামাইকাৰ সংসদত স্বতন্ত্ৰ চিনেটৰ হিচাপে নিযুক্তি লাভ কৰে।[4][5]১৯৮৯ চনত আৰু যদিও তেওঁ বিধায়িনী দলত সক্ৰিয় অংশগ্ৰহণৰ পৰা পদত্যাগ কৰে৷ অৱশ্যে মণ্টেইথে শান্তিৰ ন্যায়াধীশ হিচাপে কাম কৰি থাকিল।[2]
১৯৯০ চনত তেওঁ নাগৰিক পৰামৰ্শ ব্যুৰোৱে বহু বছৰ ধৰি কৰা মহিলাসকলৰ বাবে কৰা কামৰ সম্প্ৰসাৰণৰ বাবে হেজেল মণ্টেইথ দক্ষতা প্ৰশিক্ষণ কেন্দ্ৰ প্ৰতিষ্ঠা কৰে। নতুন সুবিধাটোৱে শিশুৰ যত্ন আৰু ঘৰুৱা বিজ্ঞানৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰা ছাত্ৰ-ছাত্ৰীসকলক প্ৰমাণপত্ৰ প্ৰদান কৰিছিল আৰু তেওঁলোকে নিজৰ শ্ৰেণীসমূহ সম্প্ৰসাৰণ কৰি ৰন্ধা-বঢ়া, সাজ-পোছাক নিৰ্মাণ, পৰিষ্কাৰ-পৰিচ্ছন্নতা, আৰু টেলিফোন নৈতিকতাৰ পাঠসমূহ অন্তৰ্ভুক্ত কৰিছিল। [6]দুবছৰৰ ভিতৰতে কেন্দ্ৰটোৱে এটা ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচী প্ৰস্তুত কৰিছিল, য'ত ছাত্ৰ-ছাত্ৰীসকলে তিনি সপ্তাহৰ on-the-job training সম্পূৰ্ণ কৰিছিল।[7]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Consumer rights advocate Hazel Monteith dies at age 94" (en-US ভাষাত). Jamaica Observer. 2012-06-01. https://www.jamaicaobserver.com/news/consumer-rights-advocate-hazel-monteith-dies-at-age-94/। আহৰণ কৰা হৈছে: 2023-09-18.
- ↑ 2.0 2.1 2.2 Sindoni 2016.
- ↑ The Gleaner 1982, পৃষ্ঠা. 26.
- ↑ The Gleaner 1986a, পৃষ্ঠা. 1.
- ↑ The Gleaner 1986b, পৃষ্ঠা. 1.
- ↑ Siva 1990, পৃষ্ঠা. 18.
- ↑ The Gleaner 1992, পৃষ্ঠা. 60.
