সমললৈ যাওক

হেডৱিগ ৰেগো

অসমীয়া ৱিকিপিডিয়াৰ পৰা

হেডৱিগ উইলিয়াম ৰেগো (ইংৰাজী: Hedwig William Rego; জন্ম: ১৬ অক্টোবৰ ১৯৩৭ , মৃত্যু ৩০ জুলাই ২০২৪) এগৰাকী শিক্ষক, সমাজ কৰ্মী আৰু ১১ সংখ্যক লোকসভাৰ প্ৰাক্তন মনোনীত এংলো-ভাৰতীয় সদস্য (১৯৯৭) আছিল।

প্ৰাথমিক জীৱন

[সম্পাদনা কৰক]

১৯৩৭ চনৰ ১৬ অক্টোবৰত অন্ধ্ৰপ্ৰদেশহায়দৰাবাদৰ উইলিয়াম এণ্টনি মাইকেলৰ ঘৰত হেডৱিগে জন্মগ্ৰহণ কৰিছিল। কালহাপুৰৰ শিৱাজী বিশ্ববিদ্যালয় আৰু চেন্নাইৰ আন্নামলাই বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰি তেওঁ কলাত স্নাতকোত্তৰ আৰু শিক্ষাত স্নাতক ডিগ্ৰী লাভ কৰিছে।[1]

কৰ্মজীৱন

[সম্পাদনা কৰক]

১৯৭৭ চনৰ পৰা ১৯৯৭ চনলৈ ৰেগো বাংগালুৰুৰ দ্য ফ্ৰেংক এণ্টনি পাব্লিক স্কুলৰ জ্যেষ্ঠ শিক্ষক আছিল। ১৯৯৭ চনত ভাৰতীয় সংসদৰ নিম্ন সদন লোকসভালৈ এংলো-ইণ্ডিয়ানসকলৰ বাবে সংৰক্ষিত আসনৰ এখনৰ বাবে তেওঁক মনোনীত কৰা হয়।[1] লোকসভাৰ সদস্য হিচাপে তেওঁ এংলো-ইণ্ডিয়ান সম্প্ৰদায়ৰ সৈতে জড়িত বিষয়সমূহ উত্থাপন কৰিছিল।[2]

ৰেগোৱে কৰ্ণাটক ৰাজ্যৰ সংখ্যালঘু আয়োগত কাৰ্যনিৰ্বাহ কৰি আহিছে। তেওঁ আৰ্কডাইচেছন ব'ৰ্ড অৱ এডুকেচন, বাংগালুৰু আৰু এংলো-ইণ্ডিয়ান গিল্ডৰ দৰে এংলো-ইণ্ডিয়ান প্ৰতিষ্ঠানৰ সৈতেও জড়িত।[1]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

১৯৬৩ চনৰ ৩ জুনত ডেনজিল ৰেগোৰ সৈতে তেওঁৰ বিবাহ হয়। দুয়োৰে দুগৰাকী কন্যা আৰু তিনিজন পুত্ৰ সন্তান৷ তেওঁলোক বেংগালুৰুত থাকে।[1] ৰেগোৱে স্তন কেন্সাৰৰ বিৰুদ্ধে যুঁজ দি জয় লাভ কৰে৷ তেওঁ চহৰত কৰ্কট ৰোগ সজাগতা কাৰ্যসূচীৰ পৰামৰ্শদাতা আছিল।[3]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 "Biographical Sketch: Hedwig Rego". Lok Sabha. http://164.100.47.194/loksabha/writereaddata/biodata_1_12/3772.htm আহৰণ কৰা হৈছে: 6 November 2017.
  2. "Shrimati Hedwig Michael Rego (Nominated Anglo-Indian)". Parliament of India. http://parliamentofindia.nic.in/ls/lsdeb/ls11/ses4/1005059711.htm#*m12 আহৰণ কৰা হৈছে: 6 November 2017.
  3. "Mark of a true fighter". Bangalore Mirror. 30 April 2011. http://bangaloremirror.indiatimes.com/opinion/sunday-read//articleshow/21614398.cms আহৰণ কৰা হৈছে: 6 November 2017.