সমললৈ যাওক

হেমন্ত বৰ্মন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হেমন্ত বৰ্মন
জন্ম ১৯৫৭
বেলশৰ, নলবাৰী, অসম
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা গল্পকাৰ, সাংবাদিক
উল্লেখযোগ্য কৰ্ম ভয়, তথাপিও নদী (চলচ্চিত্ৰৰ কাহিনী)

হেমন্ত বৰ্মন (জন্ম: ১৯৫৭) এগৰাকী বিশিষ্ট অসমীয়া গল্পকাৰ আৰু সাংবাদিক। তেওঁৰ গল্পৰ আধাৰত নিৰ্মিত চলচ্চিত্ৰ তথাপিও নদী (১৯৯০) হেমন্ত দাসৰ দ্বাৰা পৰিচালিত হৈছিল।

জন্ম আৰু শিক্ষা

[সম্পাদনা কৰক]

তেওঁ ১৯৫৭ চনত অসমৰ নলবাৰী জিলাৰ বেলশৰত জন্মগ্ৰহণ কৰে। কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।

কৰ্মজীৱন

[সম্পাদনা কৰক]

১৯৮২ চনত The Sentinel কাকতত সাংবাদিকতা আৰম্ভ কৰে। তাৰ পাছত নতুন দৈনিক কাকতৰ বাৰ্তা সম্পাদকৰ দায়িত্ব পালন কৰে। লগতে শ্ৰীময়ী নামৰ আলোচনীৰো সম্পাদক আছিল। বৰ্তমান তেওঁ দৈনিক জনমভূমি কাকতৰ সম্পাদক।

সাহিত্যৰচনা

[সম্পাদনা কৰক]

তেওঁৰ একমাত্ৰ গল্প-সংকলন:

  • ভয় (১৯৯৩)

চলচ্চিত্ৰ

[সম্পাদনা কৰক]
  • তথাপিও নদী (১৯৯০) — এই চলচ্চিত্ৰটো হেমন্ত বৰ্মনৰ গল্পৰ আধাৰত নিৰ্মিত।

তথ্য উৎস

[সম্পাদনা কৰক]
  • কথা বৰেণ্য ১০০, সম্পাদক: শোণিত বিজয় দাস আৰু মুনীন বায়ন, কথা প্ৰকাশন, গুৱাহাটী, পৃষ্ঠা ২৬১, প্ৰথম প্ৰকাশ: ২০০৬