হেমলতা গুপ্তা
| হেমলতা গুপ্তা | |
|---|---|
| জন্ম | ২৫ জুন ১৯৪৩ দিল্লী |
| মৃত্যু | ১৩ মে' ২০০৬ (৬২ বছৰ) |
| পেচা | চিকিৎসক |
| জনা যায় | মেডিকেল একাডেমিক |
| বঁটা, সন্মান, পুৰস্কাৰ আদি | পদ্ম ভূষণ বঁটা |
হেমলতা গুপ্তা (ইংৰাজী: Hemlata Gupta), (জন্ম: ২৫ জুন ১৯৪৩ – মৃত্যু: ১৩ মে' ২০০৬)[1] এগৰাকী ভাৰতীয় চিকিৎসক আৰু লেডী হাৰ্ডিং মেডিকেল কলেজৰ চিকিৎসা বিভাগৰ পৰিচালক আৰু মুৰব্বী আছিল।[2] গুপ্তাই লেডী হাৰ্ডিং মেডিকেল কলেজ (দিল্লী বিশ্ববিদ্যালয়)ত চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণ কৰে আৰু পিছলৈ তেওঁ সঞ্চালক হয়।[3] ১৯৯৮ চনত ভাৰত চৰকাৰে গুপ্তাক চিকিৎসা বিজ্ঞানলৈ আগবঢ়োৱা অৱদানৰ বাবে তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম ভূষণ বঁটা প্ৰদান কৰে।[4] ২০০৬ চনৰ ১৩ মে'ত কেৰল বাগত থকা তেওঁৰ বাসগৃহত হত্যা কৰা সময়লৈ তেওঁ অবিবাহিতা আছিল আৰু নতুন দিল্লীত বাস কৰিছিল।[5][6] বছৰ বছৰ ধৰি তদন্তৰ অন্তত সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰা এই গোচৰটো এতিয়াও সমাধান হোৱা নাই।[7][8]
চিকিৎসা ক্ষেত্ৰৰ অৱদান
[সম্পাদনা কৰক]গুপ্তা আৰু তেওঁৰ সহযোগীসকলে থাইৰয়ডত হোৱা বিৰল যক্ষ্মা ৰোগৰ বিষয়ে ভাৰতীয় চিকিৎসা আলোচনী এখনত এক অধ্যয়ন প্ৰকাশ কৰিছিল।[9] প্ৰবন্ধটোত ৰোগৰ উৎপত্তি, ৰোগ নিৰ্ণয়ত ব্যৱহৃত বিভিন্ন পৰীক্ষা, ৰোগীৰ ঐতিহাসিক আলোচনা, চিকিৎসা পদ্ধতি আদিৰ বিষয়ে আলোচনা কৰা হৈছে।
পদ্ম ভূষণ
[সম্পাদনা কৰক]হেম লতা গুপ্তাই ১৯৯৮ চনত চিকিৎসা শাখাত এই সন্মানীয় বঁটা, ৰাষ্ট্ৰপতিৰ স্বাক্ষৰযুক্ত প্ৰমাণপত্ৰ আৰু পদক লাভ কৰে।[10]
হত্যা
[সম্পাদনা কৰক]আৰক্ষীয়ে গুপ্তাক প্ৰসাদ নগৰৰ এপাৰ্টমেণ্টত হাত দুখন ৰছীৰে বান্ধি, মুখ, নাক আৰু চকু দুটা অস্ত্ৰোপচাৰৰ টেপেৰে ঢাকি থোৱা আৰু ডিঙি কাটি হত্যা কৰা অৱস্থাত উদ্ধাৰ কৰে।[2][5] চুবুৰীয়াই গুপ্তাক হত্যাৰ দিনা ৰাতিপুৱা প্ৰায় ১০:৩০ বজাত তেওঁৰ এপাৰ্টমেণ্টত প্ৰৱেশ কৰা দেখিছিল আৰু প্ৰায় একে সময়তে ২ জন পুৰুষ অতিথিও উপস্থিত হোৱা দেখিছিল। প্ৰায় এঘণ্টাৰ পিছত আৰক্ষীয়ে সেই স্থানত উপস্থিত হয়, যেতিয়া চিকিৎসকৰ পৰামৰ্শ বিচৰা ওচৰ-চুবুৰীয়াই ব্যাপক অপেক্ষাৰ অন্তত কোনো সঁহাৰি নিদিয়াত তেওঁৰ কোঠাটোত উদ্ধাৰ কৰে।[6] তেওঁৰ হত্যাকাণ্ডৰ সম্ভাৱ্য কথাবোৰ বাতৰি কাকতৰ বিবাহৰ বিজ্ঞাপনত অদ্ভুতভাৱে তেওঁৰ নাম আৰু বসন্ত কুঞ্জ, তেওঁৰ এপাৰ্টমেণ্টৰ নাম ওপৰাওপৰিকৈ প্ৰকাশ হৈ থাকে। আৰক্ষীয়ে গুপ্তাৰ এপাৰ্টমেণ্টটো জাল নথিপত্ৰ থকা ব্যক্তিৰ মালিকানাধীন বুলি ধৰা পেলায়।[7] এই গোচৰটো ডকাইতিৰ সৈতে জড়িত যেন নালাগে, কিয়নো তেওঁৰ গহনা সংগ্ৰহ আৰু তেওঁৰ বেছিভাগ সম্পত্তি অক্ষত হৈয়েই আছে, আৰু আৰক্ষীয়েও ইয়াৰ সমাধান নোপোৱাকৈয়ে আছে।[5]
তদন্ত
[সম্পাদনা কৰক]গুপ্তা অবিবাহিতা আছিল আৰু ভনীয়েক আৰু পিতৃৰ মৃত্যুৰ পিছত ফ্লেটটোত অকলে বাস কৰিছিল। ৫০ লাখ টকাৰ গহনা আৰু ৬০ হাজাৰ টকা নগদ ধন তেওঁৰ কোঠাত অক্ষত অৱস্থাত উদ্ধাৰ হোৱাৰ পৰা অনুমান কৰিব পাৰি যে, এইটো সচৰাচৰ ঘটা ডকাইতিৰ গোচৰ নাছিল। এটা আলমাৰী আৰু কেইটামান বাকচ খোলা আছিল যদিও কোনো ধৰণৰ লুটপাত কৰা হোৱা নাছিল আৰু এনে লাগিছিল যে আক্ৰমণকাৰীজন আৰক্ষী উপ আয়ুক্ত (কেন্দ্ৰীয়) নীৰজ ঠাকুৰে কোৱাৰ দৰে, তেওঁ চিনি পাইছিল।[11] পিতৃ আৰু ভগ্নীৰ মৃত্যুৰ পিছত আত্মীয়ৰ দ্বাৰা প্ৰতাৰিত হৈছিল নেকি সেই কথাও জানিবলৈ চেষ্টা চলাইছে আৰক্ষীয়ে। গুপ্তাই কোনো উইল কৰা নাছিল।
আৰক্ষীয়ে এতিয়া কয় যে, তেওঁৰ হত্যাকাৰী নিৰ্ণয় কৰিবলৈ এগৰাকী টিভি মেকানিক, আন এজন চিকিৎসকৰ লগুৱা আৰু বিবাহ ব্যুৰোৰ এজন কাৰ্যবাহীক নাৰ্কো পৰীক্ষা আৰু সোধা-পোছা কৰাটো “অতি বিভ্ৰান্তিকৰ” আছিল। “নাৰ্কো পৰীক্ষাই টিভি মেকানিকৰ ভূমিকাৰ দিশত ইংগিত দিছিল। তথাপিও স্বতন্ত্ৰ সাক্ষীয়ে কয় যে, হত্যাকাণ্ডৰ সময়ত তেওঁ ট্ৰেন্স-যমুনা অঞ্চলৰ তেওঁলোকৰ ঘৰলৈ গৈ টিভি চেট মেৰামতি কৰিছিল।’-সূত্ৰটোৱে লগতে কয়। ১৪ আগষ্টত গুপ্তাৰ বসন্ত কুঞ্জৰ ফ্লেটত একাংশ লোকে প্ৰৱেশ কৰি গুপ্তাই তেওঁলোকক ফ্লেট বিক্ৰী কৰা বুলি দাবী কৰাৰ পিছত তদন্তকাৰীয়ে এই অমীমাংসিত গোচৰটোৰ পুনৰ চকু ৰাখিছে। ১৯৯১ চনৰ ২৮ জানুৱাৰীত ফ্লেটটো ক্ৰয় কৰাৰ পিছৰে পৰা তলা লগোৱা আছিল। আৰ ডব্লিউ এয়ে আৰক্ষীক জনোৱাৰ পিছত তেওঁলোকে দুজন লোকৰ সন্মুখীন হয়, যি দুয়োজনে ফ্লেটটোৰ মালিক বুলি দাবী কৰে। ইয়াৰে এগৰাকী মতী নগৰৰ কৌশল্যা ৰাণীয়ে কয় যে, তেওঁ গুপ্তাৰ পৰা এই সম্পত্তি কিনিছিল আৰু পাৱাৰ অৱ এটৰ্নী আৰু নগদ ধনৰ ৰচিদ দেখুৱাইছিল। জলন্ধৰৰ ৰমনিক আগৰৱালা নামৰ আন এজন ব্যক্তিয়েও একেই দাবী কৰি আন পাঁচজন লোকৰ সৈতে ফ্লেটটো চাফা কৰিবলৈ আহি কৌশল্যক বিচাৰি পোৱা বুলি কয়। সকলো নথি জাল- আৰক্ষীয়ে কয়, ‘আমি এতিয়াও কাকো গ্ৰেপ্তাৰ কৰা নাই। কিন্তু আমি সকলোবোৰকে প্ৰশ্ন কৰিছোঁ, কাৰণ এনে লাগে যেন সেইবোৰ আনে সৃষ্টিহে কৰিছে। সবিশেষ আমাক জনোৱাৰ বাবে আমি স্থানীয় আৰ ডব্লিউ এৰ প্ৰতি কৃতজ্ঞ।’-এজন বিষয়াই কয়।[12]
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ Chattopadhyay, Anjana (2018). Women scientists in India : lives, struggles & achievements (First সম্পাদনা). প্ৰকাশক New Delhi. ISBN 978-81-237-8144-0. OCLC 1045373879. https://www.worldcat.org/oclc/1045373879.
- ↑ 2.0 2.1 Ghosh, Dwaipayan. "Property link to 2006 murder?". 29 August 2012. Times of India. http://timesofindia.indiatimes.com/city/delhi/Property-link-to-2006-murder/articleshow/15922245.cms। আহৰণ কৰা হৈছে: 23 July 2016.
- ↑ "Lady Hardinge Medical College - About the College". ICS Careers. 2016. Archived from the original on 6 April 2017. https://web.archive.org/web/20170406183353/http://www.icscareersonline.com/campus-profiles-major-institutes-in-india/medicine-and-health/lady-hardinge-medical-college-university-of-delhi-delhi.html। আহৰণ কৰা হৈছে: 23 July 2016.
- ↑ "Padma Awards". Ministry of Home Affairs, Government of India. 2016. Archived from the original on 31 December 2015. https://web.archive.org/web/20151231171650/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf। আহৰণ কৰা হৈছে: 3 January 2016.
- ↑ 5.0 5.1 5.2 "Doctor killed in home near police station". Times of India. 14 May 2006. http://timesofindia.indiatimes.com/city/delhi/Doctor-killed-in-home-near-police-station/articleshow/1528655.cms। আহৰণ কৰা হৈছে: 23 July 2016.
- ↑ 6.0 6.1 "Padambhushan lady doctor found murdered". The Tribune. 14 May 2006. http://www.tribuneindia.com/2006/20060514/delhi.htm#3। আহৰণ কৰা হৈছে: 23 July 2016.
- ↑ 7.0 7.1 Singh, Karn Pratap (21 August 2012). "Tricksters try to grab dead Padma awardee's property". Hindustan Times. http://www.hindustantimes.com/delhi/tricksters-try-to-grab-dead-padma-awardee-s-property/story-i8XWFBWizmDjX3LLRSRszJ.html। আহৰণ কৰা হৈছে: 23 July 2016.
- ↑ Singh, Sumit Kumar (20 August 2012). "Land grabbers claim dead doc's house as their own". Deccan Herald. http://www.deccanherald.com/content/273071/land-grabbers-claim-dead-docs.html। আহৰণ কৰা হৈছে: 23 July 2016.
- ↑ Kumar Talwar, Vipin; Gupta, Hemlata; Kumar, Arvind (2003). "Isolated Tuberculosis Thyroiditis". Journal, Indian Academy of Clinical Medicine খণ্ড 4 (3): 238–239. Archived from the original on 20 April 2019. https://web.archive.org/web/20190420011244/http://medind.nic.in/jac/t03/i3/jact03i3p238.pdf। আহৰণ কৰা হৈছে: 26 April 2019.
- ↑ "Padma Awards | Interactive Dashboard" (en ভাষাত). www.dashboard-padmaawards.gov.in. Archived from the original on 2021-05-25. https://web.archive.org/web/20210525095147/http://www.dashboard-padmaawards.gov.in/?Award=Padma%20Bhushan&Field=Medicine&Year=1998-1998&Place=Delhi। আহৰণ কৰা হৈছে: 2019-12-08.
- ↑ "Doctor killed in home near police station" (en ভাষাত). The Times of India. May 14, 2006. https://timesofindia.indiatimes.com/city/delhi/Doctor-killed-in-home-near-police-station/articleshow/1528655.cms। আহৰণ কৰা হৈছে: 2019-12-08.
- ↑ Ghosh, Dwaipayan (August 29, 2012). "Property link to 2006 murder?" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/city/delhi/Property-link-to-2006-murder/articleshow/15922245.cms। আহৰণ কৰা হৈছে: 2019-12-08.