সমললৈ যাওক

হেমেন্দ্ৰ সিং পানৱাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হেমেন্দ্ৰ সিং পানৱাৰ

ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী (সোঁফালে)ৰ পৰা পদ্মভূষণ গ্ৰহণ কৰা অৱস্থাত পানৱাৰ (বাওঁফালে), ২০১৩
জন্ম ২২ মাৰ্চ ১৯৩৭
বালাঘাট, মধ্য প্ৰদেশ
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মভূষণ (২০১৩)

হেমেন্দ্ৰ সিং পানৱাৰ (ইংৰাজী: Hemendra Singh Panwar) এজন বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত কাম কৰাৰ বাবে পৰিচিত ভাৰতীয় সংৰক্ষণবিদ আৰু চৰকাৰী কৰ্মচাৰী। তেওঁ ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ প্ৰথমজন সঞ্চালক হিচাপে প্ৰজেক্ট টাইগাৰৰ সঞ্চালক আছিল।[1] ভাৰত চৰকাৰে তেওঁক পৰিৱেশ আৰু সংৰক্ষণৰ প্ৰতি আগ বঢে়াৱা সেৱাৰ বাবে ২০১৩ চনত দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্ম ভূষণ প্ৰদান কৰে৷[2][3]

১৯৩৭ চনৰ ২২ মাৰ্চত মধ্যপ্ৰদেশৰ বালাঘাট জিলাত হেমেন্দ্ৰ সিং পানোৱাৰৰ জন্ম হৈছিল৷[4] তেওঁ ভাৰতীয় বন সেৱাত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল, মণ্ডলাত পোষ্টিঙৰ যোগেদি তেওঁৰ এই যাত্ৰা আৰম্ভ হৈছিল৷ ১৯৬৯ চনত তেওঁক দক্ষিণ মণ্ডলালৈ বদলি কৰা হয় যিয়ে কানহাৰ বনাঞ্চল সামৰি লয় আৰু তাত ৩০ টা বাঘ আৰু ৬৬ দল-হৰিণা আছিল।[4] হৰিণ সংৰক্ষণৰ ক্ষেত্ৰত পানোৱাৰৰ প্ৰচেষ্টাই এক জোৰদাৰ শক্তি পাইছিল যেতিয়া তেওঁক দল-হৰিণা সংৰক্ষণৰ বাবে এক স্বতন্ত্ৰ ইউনিট গঠন কৰা হৈছিল।

কানহাত থকাৰ সময়ছোৱাত পানোৱাৰে উদ্যানখনক দক্ষতাৰে পৰিচালিত কৰি এক দক্ষ ইউনিটলৈ ৰূপান্তৰিত কৰাত সফল হৈছিলে আৰু ১৯৭৬ চনত উদ্যানখনে পৰিচালনাৰ বাবে‍ ভাৰতৰ শ্ৰেষ্ঠ উদ্যান বঁটা লাভ কৰিছিল। বাঘৰ সংখ্যা ১৫০ আৰু হৰিণৰ সংখ্যা ৪০০ৰো অধিকলৈ বৃদ্ধি হৈছিল আৰু উদ্যান পৰিচালনাই ২২খন অভ্যন্তৰীণ গাঁৱক স্থানান্তৰিত কৰিবলৈ সক্ষম হৈছিল৷[4]

১৯৮১ চনত ভাৰতত বাঘৰ সংখ্যা সুৰক্ষাৰ বাবে ১৯৭৩ চনত ধাৰণা কৰা প্ৰকল্প প্ৰজেক্ট টাইগাৰৰ মুৰব্বী হিচাপে পানৱাৰক দিল্লীলৈ বদলি কৰা হয়। ১৯৮৫ চনলৈকে তেওঁ ৪ বছৰ ধৰি প্ৰকল্পটোত কাম কৰিছিল, সেই সময়ছোৱাত প্ৰকল্পটোৱে অতিৰিক্ত সাতখন অভয়াৰণ্যক ইয়াৰ অধীনলৈ‍ আনিছিল। ভাৰতত বাঘৰ সংখ্যা ১৯০০ চনৰ পৰা ৩০০০ লৈ বৃদ্ধি পালে।[4] স্মিথছ’নিয়ান ইনষ্টিটিউচনেও এই বিষয়ত এখন গৱেষণা পত্ৰ উপস্থাপন কৰিবলৈ তেওঁক আমন্ত্ৰণ জনাইছিল৷[1]

এই সময়ত বন্যপ্ৰাণী সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰি এটা প্ৰতিষ্ঠান স্থাপনৰ ধাৰণাটো উত্থাপন কৰিছিল ভি বি চহৰিয়াই, আৰু তেওঁৰ এই প্ৰচেষ্টাৰ ফলস্বৰূপে ১৯৮৫ চনত হেমেন্দ্ৰ সিং পানৱাৰক প্ৰথম সঞ্চালক হিচাপে লৈ ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰা হয়। পানৱাৰে বন্যপ্ৰাণী জীৱবিজ্ঞান, পৰিচালনা, আৰু সম্প্ৰসাৰণৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰি প্ৰতিষ্ঠানটোক এটা পূৰ্ণাংগ শিক্ষণ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰে। গুৰুত্ব দিয়া বিষয়সমূহতো গৱেষণাৰ সুবিধা স্থাপন কৰা হৈছিল। ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানক বিশ্ব সংৰক্ষণ সংঘই ছটা শ্ৰেষ্ঠ সংৰক্ষণ গৱেষণা প্ৰতিষ্ঠানৰ ভিতৰত অন্যতম হিচাপে ৰেটিং দিছে আৰু ৰাজীৱ গান্ধী সংৰক্ষণ বঁটা লাভ কৰিছে৷ পানৱাৰে ইয়াৰ সঞ্চালক হিচাপে ১৯৯৪ চনত অৱসৰ গ্ৰহণ কৰে৷[1]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 "The Hindu Interview". http://www.thehindu.com/todays-paper/tp-national/tp-newdelhi/trailing-the-stripes/article4448123.ece। আহৰণ কৰা হৈছে: 5 August 2014. 
  2. "Govt announcement". http://pib.nic.in/newsite/erelease.aspx?relid=91838। আহৰণ কৰা হৈছে: 5 August 2014. 
  3. "Padma 1". http://www.ndtv.com/article/india/list-of-padma-awardees-322445। আহৰণ কৰা হৈছে: 5 August 2014. 
  4. 4.0 4.1 4.2 4.3 "WII Bio". http://www.wii.gov.in/images/images/documents/enewsletter_spring_2013.pdf। আহৰণ কৰা হৈছে: 5 August 2014.