হেলী শ্বাহ
| হেলী শ্বাহ | |
|---|---|
২০২৪ চনত শ্বাহ | |
| জন্ম | ৭ জানুৱাৰী, ১৯৯৬ (৩০ বছৰ) আহমেদাবাদ, গুজৰাট, ভাৰত |
| পেচা | অভিনেত্ৰী, মডেল |
| সক্ৰিয় হৈ থকা সময় | ২০১০–বৰ্তমান |
| জনা যায় | স্বৰাগিনী দেৱাংশী চুফিয়ানা প্যাৰ মেৰা ইস্ক মেঁ মৰজাৱা ২ ইস্ক মেঁ মৰজাৱা ২: নয়া চফৰ |
হেলী শ্বাহ (ইংৰাজী: Helly Shah; জন্ম: ৭ জানুৱাৰী ১৯৯৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে মূলতঃ হিন্দী টেলিভিছনত কাম কৰে। ২০১০ চনত জিন্দগী কা হৰ ৰং...গুলালত টলীৰ চৰিত্ৰত অভিনয় কৰি তেওঁ অভিনয় জীৱনৰ পাতনি মেলে। তেওঁ বিশেষকৈ স্বৰাগিনীত স্বৰা বসু মহেশ্বৰী আৰু দেৱাংশীত দেৱাংশী বক্সীৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।[1]
চুফিয়ানা প্যাৰ মেৰাত ছালতানাত আৰু কায়ানাত শ্বাহৰ দ্বৈত চৰিত্ৰ আৰু ইস্ক মেঁ মৰজাৱা ২ তথা ৱেব ধাৰাবাহিক ইস্ক মেঁ মৰজাৱা ২: নয়া চফৰত ৰিদ্ধিমা ৰায়সিংহানিয়াৰ চৰিত্ৰত অভিনয় কৰি শ্বাহে ব্যাপক স্বীকৃতি লাভ কৰে।[2]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]১৯৯৬ চনৰ ৭ জানুৱাৰীত শ্বাহৰ জন্ম হৈছিল।[3] তেওঁ আহমেদাবাদৰ এগৰাকী গুজৰাটী[4] আৰু এগৰাকী নিৰামিষভোজী।[5]
কেৰিয়াৰ
[সম্পাদনা কৰক]শ্বাহে অষ্টম শ্ৰেণীত পঢ়ি থকাৰ পৰাই অভিনয় জীৱন আৰম্ভ কৰিছিল।[6] তেওঁৰ কেৰিয়াৰ ষ্টাৰ প্লাছৰ ধাৰাবাহিক গুলালৰ জৰিয়তে আৰম্ভ হৈছিল।[4] ২০১১ চনত তেওঁ দিয়া ঔৰ বাতী হামত শ্ৰুতিৰ চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ পিছত তেওঁ লাইফ ওকে (Life OK)-ৰ অলক্স্মী - হমাৰী ছুপাৰ বহুত অলক্স্মীৰ চৰিত্ৰত অভিনয় কৰে।[4] পিছলৈ তেওঁ খেলতী হ্যৈ জিন্দগী আঁখ মিচোলীত অমীৰ চৰিত্ৰত অভিনয় কৰিছিল।[7] ইয়াৰ পিছত তেওঁ ছনী পালৰ খুচিয়ো কি গুল্লক আশীত অভিনয় কৰিছিল।[8]

২০১৫ চনৰ মাৰ্চ মাহৰ পৰা ২০১৬ চনৰ ডিচেম্বৰ মাহলৈকে শ্বাহে স্বৰাগিনীত স্বৰা মহেশ্বৰীৰ চৰিত্ৰত অভিনয় কৰিছিল।
২০১৬ চনত শ্বাহে কালাৰ্ছ টিভিৰ ঝলক দিখলা যা (ছিজন ৯)-ত অংশগ্ৰহণ কৰিছিল। ২০১৭ চনত তেওঁ দেৱাংশীত দেৱাংশী উপাধ্যায়/বক্সীৰ চৰিত্ৰত অভিনয় কৰিছিল।
২০১৯ চনত তেওঁ ষ্টাৰ ভাৰতৰ চুফিয়ানা প্যাৰ মেৰাত ছালতানাত শ্বাহ আৰু কায়ানাত শ্বাহৰ দ্বৈত চৰিত্ৰত অভিনয় কৰিছিল।[9] ইয়াৰ পিছত তেওঁ ষ্টাৰ প্লাছৰ য়ে ৰিস্তে হ্যৈ প্যাৰ কেত নেহা হিচাপে অভিনয় কৰে।[10]
শ্বাহে ৰাহুল সুধীৰ আৰু বিশাল বশিষ্ঠৰ বিপৰীতে ইস্ক মেঁ মৰজাৱা ২ত ৰিদ্ধিমা ৰায়সিংহানিয়াৰ চৰিত্ৰত অভিনয় কৰিছিল।[2][11] যিখন ধাৰাবাহিক ২০২০ চনৰ ১৩ জুলাইৰ পৰা ২০২১ চনৰ ১৩ মাৰ্চলৈকে কালাৰ্ছ টিভিত সম্প্ৰসাৰিত হৈছিল। অনুষ্ঠানটো শেষ হোৱাৰ পিছত ১৫ মাৰ্চৰ পৰা 'ভুট চিলেক্ট' (Voot Select)-ত ইস্ক মেঁ মৰজাৱা ২: নয়া চফৰ শীৰ্ষক নতুন ছিজন আৰম্ভ হয়, য’ত শ্বাহে পুনৰ ৰিদ্ধিমাৰ চৰিত্ৰটো ৰূপায়ণ কৰিছিল।[12]
২০২২ চনৰ ১৮ মে’ত তেওঁ কান চলচ্চিত্ৰ মহোৎসৱৰ (Cannes Film Festival) ৰেড কাৰ্পেটত খোজ দি আত্মপ্ৰকাশ কৰে।[13][14] ২১ মে’ত কান চলচ্চিত্ৰ মহোৎসৱত তেওঁৰ প্ৰথম ছবি কায়া পলটৰ পোষ্টাৰ উন্মোচন কৰে।[15][16] অভিনেত্ৰীগৰাকীয়ে লৰিয়েল পেৰিছৰ হৈও কানৰ ৰেড কাৰ্পেটত খোজ দিছিল; এনেদৰে তেওঁ লৰিয়েল পেৰিছৰ দৰে ইভেণ্ট স্পনছৰৰ হৈ ৰেড কাৰ্পেটত খোজ দিয়া প্ৰথমগৰাকী ভাৰতীয় টেলিভিছন অভিনেত্ৰী হিচাপে পৰিগণিত হয়।[17] ২০২৪ চনৰ মাৰ্চ মাহৰ পৰা তেওঁ এখন তেলুগু ছবিতো কাম কৰি আছে।
২০২৫ চনৰ মাৰ্চৰ পৰা জুন মাহলৈকে তেওঁ কালাৰ্ছ টিভিৰ জ্যাদা মত উড়ত শেহজাদ শ্বেখৰ বিপৰীতে কাজল ঠাকুৰৰ চৰিত্ৰত অভিনয় কৰিছিল।[18]
সংবাদ মাধ্যমত
[সম্পাদনা কৰক]২০২০ চনৰ 'ইষ্টাৰ্ন আই'ৰ শীৰ্ষ ৫০ গৰাকী এছীয় তাৰকাৰ তালিকাত শ্বাহে ৪৭তম স্থান লাভ কৰিছিল। সেই একে বছৰতে ইষ্টাৰ্ন আইৰ "দশকৰ ডাইনেমিক ডজন" (Dynamic dozen for the decade) তালিকাত তেওঁ চতুৰ্থ স্থানত আছিল।[19][20] ২০২১ চনত তেওঁ ইষ্টাৰ্ন আইৰ "৩০ অনুৰ্ধ বিশ্বজনীন এছীয় তাৰকা" (Top 30 under 30 Global Asian Stars)ত স্থান লাভ কৰিছিল।[21] ২০২৩ চনত তেওঁ 'টাইমছ নাউ'ৰ "জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী"ৰ তালিকাত তৃতীয় স্থান লাভ কৰিছিল।[22]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Helly Shah on Delhi: I loved the jhumkas and bags in Janpath". The Times of India. 15 April 2019. https://timesofindia.indiatimes.com/tv/news/hindi/helly-shah-i-loved-the-jhumkas-and-bags-in-janpath/articleshow/68874374.cms.
- 1 2 "Helly Shah Stars in 'Ishq Mein Marjawan 2', First Promo of New Season Out". News18. 23 January 2020. https://www.news18.com/news/movies/helly-shah-stars-in-ishq-mein-marjawan-2-first-promo-of-new-season-out-2470595.html.
- ↑ "Helly Shah on her birthday celebration: I had a gala time with my close friends". Pinkvilla. 9 January 2021. Archived from the original on 9 January 2021. https://web.archive.org/web/20210109064534/https://www.pinkvilla.com/tv/news-gossip/exclusive-ishq-mein-marjawan-2s-helly-shah-her-birthday-celebration-had-gala-time-my-close-friends-591235। আহৰণ কৰা হৈছে: 10 January 2021.
- 1 2 3 Patel, Ano (10 October 2014). "Gujaratis take the lead on prime time TV". The Times of India. https://timesofindia.indiatimes.com/entertainment/hindi/tv/news/Gujaratis-take-the-lead-on-prime-time-TV/articleshow/44754981.cms.
- ↑ "Hindi TV show 'Swaragini' zooms in on Kolkata's hotspots". The Times of India. Indo-Asian News Service. 26 February 2015. https://timesofindia.indiatimes.com/tv/news/hindi/Hindi-TV-show-Swaragini-zooms-in-on-Kolkatas-hotspots/articleshow/46384717.cms. "Talking about playing the character, Helly told IANS: "Swara is very similar to what I am in real life. The only difference is I am Gujarati and she is Bengali. Swara as Bengali is a non-vegetarian eating person, but in real life I am a vegetarian.""
- ↑ Ano Patel (6 July 2012). "Ahmedabad is a very chilled out place: Helly Shah". The Times of India. https://timesofindia.indiatimes.com.
- ↑ Neha Maheshwri (4 December 2013). "Hally Shah to replace Ulka Gupta in 'Khelti Hai Zindagi...'". The Times of India. https://timesofindia.indiatimes.com.
- ↑ "'Khushiyon Kii Gullak Aashi' to go off air". Mid-Day. Indo-Asian News Service. 26 November 2014. http://www.mid-day.com.
- ↑ IANS (7 February 2019). "Swaragini actress Helly Shah is all set to make a comeback with this project" (en ভাষাত). India Today. https://www.indiatoday.in.
- ↑ Maheshwri, Neha (18 November 2019). "Helly Shah joins 'Yeh Rishtey Hain Pyaar Ke'" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com.
- ↑ Maheshwri, Neha (23 January 2020). "Helly Shah to play the protagonist in the second season of 'Ishq Mein Marjawaan' - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com.
- ↑ Cyril, Grace (16 March 2021). "Ishq Mein Marjawan 2 streams on Voot Select now, Ankit Siwach to play a villain" (en ভাষাত). India Today. https://www.indiatoday.in.
- ↑ "Cannes 2022: Helly Shah steals the show in a dazzling thigh-high slit gown with plunging neckline". The Times of India. 19 May 2022. https://timesofindia.indiatimes.com.
- ↑ "Cannes 2022: Helly Shah makes her debut in a sparkling gown". Hindustan Times. 20 May 2022. https://www.hindustantimes.com.
- ↑ Roy, Tanushree (24 May 2022). "Helly Shah unveils first look of debut film Kaya Palat at Cannes 2022. Celebs react". India Today. https://www.indiatoday.in। আহৰণ কৰা হৈছে: 24 May 2022.
- ↑ "Cannes 2022: Helly Shah unveils the poster of her debut film 'Kaya Palat' at the Indian Pavilion". PINKVILLA. 24 May 2022. https://www.pinkvilla.com। আহৰণ কৰা হৈছে: 24 May 2022.
- ↑ "Helly Shah to grace the red carpet for L'Oréal Paris at Cannes Film Festival 2022". Bollywood Hungama. 15 May 2022. https://www.bollywoodhungama.com.
- ↑ Singh, Anandita (1 March 2025). "Helly Shah And Shehzad Shaikh Spill Beans On Their New Show". News 18. https://www.news18.com.
- ↑ "Dynamic dozen for the decade". Eastern Eye. 9 January 2020. https://www-easterneye-biz.webpkgcache.com/doc/-/s/www.easterneye.biz/dynamic-dozen-for-the-decade/.
- ↑ "Top 50 Asian celebrities of 2020: A countdown of Global stars who broke boundaries, did great work and made a positive impact!". Eastern Eye. 12 December 2020. https://www.easterneye.biz/top-50-asian-celebrities-of-2020/.
- ↑ "The New Generation: Top 30 under 30 Global Asian Stars; check complete list" (en-GB ভাষাত). EasternEye. 20 January 2021. https://www.easterneye.biz/the-new-generation-top-30-under-30-global-asian-stars/.
- ↑ "9 Indian TV actresses who are more famous than Bollywood Stars". Times Now. 23 May 2023. https://www.timesnownews.com/web-stories/entertainment/9-indian-tv-actresses-who-are-more-famous-than-bollywood-stars/photostory/100432740.cms.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- হেলী শ্বাহ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- এক্সত হেলী শ্বাহ
| ৱিকিমিডিয়া কমন্সত হেলী শ্বাহ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |