সমললৈ যাওক

হেলেণ্ড হাউচ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

হেলেণ্ড হাউচ (ইংৰাজী: Helland House) নৰৱেৰ বাৰ্গেনত অৱস্থিত এটা ঐতিহাসিক ঘৰ।[1]

হেলেণ্ড হাউচ

এই স্থাপত্যটি বাৰ্গেনৰ দক্ষিণ মূল প্ৰৱেশদ্বাৰৰ কাষেৰে জোচেংগাৰ্বুক্টেন (Fjøsangerbukten)ৰ ওচৰৰ নেহোলিয়া (Nyhauglia)ত অৱস্থিত। ই বাৰ্গেনৰ ৰজাৰ চৰকাৰী বাসগৃহ গামলেহাউগেনৰ ওচৰত অৱস্থিত।[2][3]

১৮৪১ চনত ভাড়াতীয়া গেৰহাৰ্ড ক্ৰ’নৰ বাবে পূৰ্বৰ নাইহাউগেন ফাৰ্মৰ ঠাইত (Nyhaugen. nr. 15, navnegård i Fana)[4][5] নিৰ্মাণ কৰা হৈছিল।[6][7] ঘৰটোৰ ডিজাইন লেট এম্পায়াৰ স্থাপত্য শৈলীত কৰা হৈছিল। ইয়াৰ ক’লা গ্লেজযুক্ত টাইলছেৰে আবৃত হিপ চাল আৰু এটা মূল মুখাৱয়ব আছে যাৰ বৈশিষ্ট্য হৈছে দুটা ড’ৰিক খুঁটাৰ সৈতে একক মন্দিৰৰ সন্মুখৰ আৰ্হি। এই আৰ্হিৰ কাৰণ স্থপতিবিদ অলে পিটাৰ ৰিইছ হ’গ বুলি কোৱা হয়।[8][9]

১৮৮৯ চনৰ আশে-পাশে ধনী জাহাজৰ মালিক পিটাৰ হেলেণ্ডে (১৮৪৭–১৯৩৫) ঘৰটো ক্ৰয় কৰাৰ বাবেই এই ঘৰটোৰ বৰ্তমানৰ নাম দিয়া হৈছিল হেলেণ্ড হাউচ। পিছলৈ এই সম্পত্তিৰ মালিক আছিল পিটাৰ হেলেণ্ডৰ কন্যা আৰু ৰাজনীতিবিদ কাইৰে গ্ৰেপৰ (১৮৭৯–১৯২২) পত্নী সাংবাদিক ৰেচেল কেথাৰিন গ্ৰেপ (১৮৭৯–১৯৬১)। ২০০৮ চনত এই সম্পত্তি তেওঁৰ নাতি কাইৰে গ্ৰেপে বিক্ৰী কৰে, যি অলে গ্ৰেপৰ পুত্ৰ (১৯১৪–১৯৭৬) আছিল।[10][11][12]

১৯২৪ চনত নৰৱেৰ সাংস্কৃতিক ঐতিহ্য সঞ্চালকালয়ে এই ভৱনটোক সংৰক্ষিত ঐতিহ্যৰ মৰ্যাদা প্ৰদান কৰে। ১৯৭১ চনত কেৰেজ হাউচ আৰু চাৰ্ভেণ্ট কোৱাৰ্টাৰক সুৰক্ষিত মৰ্যাদা দিয়া হয়। ২০১৪ চনলৈকে ভৱনটোৰ এটা অংশত ব্যক্তিগতভাৱে পৰিচালিত প্ৰিস্কুল চলিছিল।[13]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. "Lyststeder i Bergen". Kunsthistorie. Archived from the original on September 10, 2017. https://web.archive.org/web/20170910082732/http://kunsthistorie.com/fagwiki/Lyststeder_i_Bergen আহৰণ কৰা হৈছে: September 1, 2017.
  2. "Nyhauglia". Bergen byleksikon. http://www.bergenbyarkiv.no/bergenbyleksikon/arkiv/1422620 আহৰণ কৰা হৈছে: September 1, 2017.
  3. "Gamlehaugen". The Royal House of Norway. http://www.royalcourt.no/artikkel.html?tid=28706 আহৰণ কৰা হৈছে: September 1, 2017.
  4. Haakon Aase Tørrmuring. 2014. Arbeid med murverka på Drengestova til Hellandhuset - Nyhauglia 1.
  5. Foreningen til norske fortidsminnesmerkers bevaring. 1974. Årbok 1972. Oslo, p. 117.
  6. Hjellestad, Hermod. 1933. Fana, vol. 2. Bergen: J.D. Beyer, p. 180.
  7. "Nyhaugen. Fana herad. Hordaland". Matrikkelutkastet av 1950. http://www.dokpro.uio.no/cgi-bin/stad/matr50 আহৰণ কৰা হৈছে: September 1, 2017.
  8. Kulturminnesøk: Hellandshuset (Nyhaugen)
  9. Åse Moe Torvanger. "Peter Høegh". Norsk biografisk leksikon. https://nbl.snl.no/Peter_H%C3%B8egh আহৰণ কৰা হৈছে: September 1, 2017.
  10. "Rachel Grepp". lokalhistoriewiki.no. Archived from the original on September 10, 2017. https://web.archive.org/web/20170910082528/https://lokalhistoriewiki.no/index.php/Rachel_Grepp আহৰণ কৰা হৈছে: September 1, 2017.
  11. Knut Dørum. "Kyrre Grepp". Store norske leksikon. https://snl.no/Kyrre_Grepp আহৰণ কৰা হৈছে: September 1, 2017.
  12. "Ole Grepp". Store norske leksikon. https://snl.no/Ole_Grepp আহৰণ কৰা হৈছে: September 1, 2017.
  13. Hilland, Linda. 2014. Stengte barnehagen på dagen. Bergensavisen (November 28).