সমললৈ যাওক

হেলেন স্লেটাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হেলেন স্লেটাৰ

২০০৯ চনৰ ১৭ অক্টোবৰত মেনহাটানৰ বিগ এপল কনভেনচনত স্লেটাৰ
জন্ম হেলেন ৰাচেল স্লেটাৰ
১৫ ডিচেম্বৰ, ১৯৬৩ (৬২ বছৰ)
বেথপেজ, নিউয়ৰ্ক, আমেৰিকা যুক্তৰাষ্ট্ৰ
পেচা অভিনেত্ৰী, গায়িকা-গীতিকাৰ
সক্ৰিয় হৈ থকা সময় ১৯৮২–বৰ্তমান
দাম্পত্যসঙ্গী ৰবাৰ্ট ৱাটজকে (বি. ১৯৮৯)
সন্তান
ৱেবছাইট
helenslater.com

হেলেন ৰাচেল স্লেটাৰ (ইংৰাজী: Helen Rachel Slater; জন্ম: ১৫ ডিচেম্বৰ, ১৯৬৩)[1] এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু গায়িকা-গীতিকাৰ। তেওঁ ১৯৮৪ চনৰ চলচ্চিত্ৰ ছুপাৰগাৰ্লত ডিচি কমিক্সৰ ছুপাৰহিৰোইন ছুপাৰগাৰ্লৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে সৰ্বাধিক পৰিচিত। ইয়াৰ উপৰি তেওঁ দ্য লেজেণ্ড অফ বিলি জিন (১৯৮৫), ৰুথলেছ পিপল (১৯৮৬), দ্য ছিক্ৰেট অফ মাই ছাকচেছ (১৯৮৭), চিটি স্লিকাৰ্ছ (১৯৯১), চাণ্টিলি লেচ (১৯৯৩), লেচী (১৯৯৪) আৰু নো ৱে বেক (১৯৯৫) আদি ছবিত অভিনয় কৰিছে। তেওঁ বেটমেন: দ্য এনিমেটেড চিৰিজত টালিয়া আল গুলৰ চৰিত্ৰত কণ্ঠদান কৰিছিল, স্মলভিলত লাৰা-এলৰ চৰিত্ৰত অভিনয় কৰিছিল আৰু ২০১৫ চনৰ ছুপাৰগাৰ্ল টিভি ধাৰাবাহিকত ইলাইজা ডেনভাৰ্ছৰ চৰিত্ৰত অভিনয় কৰিছিল।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

নিউয়ৰ্কৰ বেথপেজত স্লেটাৰৰ জন্ম হৈছিল। তেওঁৰ মাতৃ এলিচ জোয়ান আছিল এগৰাকী অধিবক্তা আৰু নিউয়ৰ্ক চহৰৰ আণবিক নিৰস্ত্ৰীকৰণ শান্তি কৰ্মী; আৰু পিতৃ জেৰাল্ড স্লেটাৰ আছিল এজন টেলিভিছন কাৰ্যবাহী। ১৯৭৪ চনত তেওঁৰ পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদ হয়।[2] তেওঁ ইহুদী ধৰ্মালম্বী।[3][4][5] তেওঁৰ ডেভিদ নামৰ এজন ভাতৃ আছে, যি নিউয়ৰ্ক চহৰৰ এজন অধিবক্তা। স্লেটাৰে উইলিয়াম এ. শ্বাইন গ্ৰেট নেক চাউথ হাইস্কুলত অধ্যয়ন কৰিছিল আৰু তাৰ পিছত হাইস্কুল অফ পাৰফৰ্মিং আৰ্টছলৈ বদলি হয়, যৰপৰা তেওঁ ১৯৮২ চনত স্নাতক ডিগ্ৰী লাভ কৰে।[6]

কৰ্মজীৱন

[সম্পাদনা কৰক]

চলচ্চিত্ৰ আৰু টেলিভিছন

[সম্পাদনা কৰক]

স্লেটাৰে ১৯৮৪ চনৰ চলচ্চিত্ৰ ছুপাৰগাৰ্লত ছুপাৰগাৰ্লৰ চৰিত্ৰত অভিনয় কৰিছিল।[7] তেওঁ দ্য লেজেণ্ড অফ বিলি জিন (১৯৮৫), ৰুথলেছ পিপল (১৯৮৬), দ্য ছিক্ৰেট অফ মাই ছাকচেছ (১৯৮৭) আৰু চিটি স্লিকাৰ্ছ (১৯৯১) আদিকে ধৰি কেইবাখনো ছবিত অভিনয় কৰিছে। ইয়াৰ উপৰি তেওঁ টেলিভিছন আৰু মঞ্চ নাটকৰ এগৰাকী অভিনেত্ৰী হিচাপেও কাম কৰিছে।

ছুপাৰগাৰ্লৰ পিছত স্লেটাৰে ছুপাৰমেন সম্পৰ্কীয় কেইবাটাও মাধ্যমত অভিনয় কৰিছে, যেনে টিভি ধাৰাবাহিক স্মলভিলত ছুপাৰমেনৰ মাতৃ লাৰা-এল,[8] ছুপাৰগাৰ্ল টিভি ধাৰাবাহিকত ছুপাৰগাৰ্লৰ তোলনীয়া মাতৃ ইলাইজা ডেনভাৰ্ছ আৰু ডিচি ছুপাৰ হিৰো গাৰ্লছ: হিৰো অফ দ্য য়েৰ আৰু ইয়াৰ সৈতে জড়িত চলচ্চিত্ৰত ক্লাৰ্ক কেণ্টৰ তোলনীয়া মাতৃ মাৰ্থা কেণ্ট। ২০২৩ চনৰ চলচ্চিত্ৰ দ্য ফ্লেছত কম্পিউটাৰ এনিমেচনৰ জৰিয়তে স্লেটাৰৰ দৰে দেখিবলৈ ছুপাৰগাৰ্লৰ এটা চমু দৃশ্য (cameo) প্ৰদৰ্শন কৰা হৈছিল।

১৯৮৫ চনত ডিচি কমিক্সে তেওঁলোকৰ ৫০বছৰীয়া জয়ন্তীৰ প্ৰকাশন ফিফটি হু মেড ডিচি গ্ৰেটছুপাৰগাৰ্ল ছবিখনত কৰা কামৰ বাবে স্লেটাৰক অন্যতম সন্মানীয় ব্যক্তি হিচাপে অন্তৰ্ভুক্ত কৰিছিল।[9]

মঞ্চৰ কাম

[সম্পাদনা কৰক]

১৯৮৭ চনত স্লেটাৰে জিনা গাৰ্ছনৰ সৈতে নিউয়ৰ্কৰ থিয়েটাৰ গোট 'নেকেড এঞ্জেলছ' সহ-প্ৰতিষ্ঠা কৰিছিল। ১৯৯১ চনত তেওঁ স্বামী ৰবাৰ্ট ৱাটজকেৰ সৈতে লছ এঞ্জেলছত থকা থিয়েটাৰ গোট দ্য বুবলাইৰ্ছও সহ-প্ৰতিষ্ঠা কৰে।[10] স্লেটাৰে দুখন অফ-ব্ৰডৱে নাটক: অলম'ষ্ট ৰোমাঞ্চ আৰু ৰেস্পন্সিবল পাৰ্টিজত অভিনয় কৰিছিল। ইয়াৰ উপৰি তেওঁ পাচাডেনা প্লেহাউচত দ্য বিগ ডিলত অভিনয় কৰিছিল।[11]

সংগীত জীৱন

[সম্পাদনা কৰক]

২০০৩ চনত তেওঁ নিজৰ মৌলিক গীতৰ এলবাম ৱান অফ দিজ ডেজ মুকলি কৰে। এই গীতসমূহ কোনো মাল্টিট্ৰেকিং বা এডিটিং নোহোৱাকৈ পোনপটীয়াকৈ ৰেকৰ্ডিং কৰা হৈছিল, য’ত স্লেটাৰে গান গাইছিল আৰু পিয়ানো বজাইছিল। ২০০৫ চনত তেওঁ দ্বিতীয়টো এলবাম ক্ৰছৱৰ্ড মুকলি কৰে। ২০০৮ চনত কৰ্টেছ আলেকজেণ্ডাৰে তেওঁৰ এলবাম সোৱেলত স্লেটাৰৰ "এনি ডে নাও" আৰু "লাভ'ল কাম এণ্ড ডু জাষ্ট ডেট" গীত দুটা ৰেকৰ্ড কৰিছিল।[12] তাৰ পিছৰপৰা স্লেটাৰে আৰু চাৰিটা এলবাম মুকলি কৰিছে: শ্বাইন (২০১০), শিশুৰ বাবে নিৰ্মিত দ্য মিথ অফ এনচিয়েণ্ট গ্ৰীচ (২০১৩) আৰু দ্য আগলি ডাকলিং (২০১৫), আৰু এটা ধাৰাবাহিক সংগীত হিচাপে মুকলি কৰা ধাৰণাভিত্তিক এলবাম চেল্কি (২০১৯)।[13]

সাহিত্যকৰ্ম

[সম্পাদনা কৰক]

২০১০ চনত স্লেটাৰে "এ হিৰো'জ জাৰ্নি" নামৰ এটা ছুপাৰগাৰ্ল কাহিনী লিখিছিল, যিটো ছুপাৰগাৰ্ল কমিক বুকৰ পঞ্চম খণ্ডৰ পঞ্চাশতম সংখ্যাত প্ৰকাশ পাইছিল।[14]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Helen Slater". CengageEncyclopedia.com. https://www.encyclopedia.com আহৰণ কৰা হৈছে: 7 February 2022.
  2. "Helen Slater Biography". Yahoo! Movies. https://movies.yahoo.com আহৰণ কৰা হৈছে: 11 March 2023.
  3. Halutz, Avshalom (December 11, 2013). "Supermensch: Jewish actors save the world". Haaretz. https://www.haaretz.com.
  4. "Celebrities : Avi Arad". Jewish United Fund. https://www.juf.org আহৰণ কৰা হৈছে: August 25, 2023.
  5. "Jews in the News: Gal Gadot, Scarlett Johansson and Billy Crystal". Tampa JCCs and Federationjewishtampa.com. https://www.jewishtampa.com.
  6. Clark, Krystal (2015-01-22). "Exclusive: Helen Slater reveals how she became the 1st Supergirl, talks CBS reboot" (en ভাষাত). Syfy. http://www.syfy.com.
  7. Pantozzi, Jill (2009-12-07). "Helen Slater is Still "Super"". Comic Book Resources. Archived from the original on 2005-12-08. https://web.archive.org/web/20051208040851/http://www.comicbookresources.com/columns/oddball/index.cgi?date=2002-09-04.
  8. "60 SECONDS: Helen Slater". Metro. http://www.metro.co.uk/showbiz/interviews/16210-60-seconds-helen-slater.
  9. Marx, Barry, Joey Cavalieri and Thomas Hill (w), Petruccio, Steven (a), Marx, Barry (ed). "Helen Slater Supergirl Comes to Film" Fifty Who Made DC Great: 51 (1985), DC Comics
  10. "Overview for Helen Slater". TCM. 2018-11-05. https://www.tcm.com/tcmdb/person/179033%7C0/Helen-Slater/ আহৰণ কৰা হৈছে: 2020-12-23.
  11. "Photo Flash: Helen Slater Attends Closing Night of "Invincible, The Legend of Billie Jean"" (en ভাষাত). BroadwayWorld. 2012-06-04. https://www.broadwayworld.com/los-angeles/article/Photo-Flash-Helen-Slater-Attends-Closing-Night-of-INVINCIBLE-THE-LEGEND-OF-BILLIE-JEAN-20120604 আহৰণ কৰা হৈছে: 2020-12-23.
  12. Saporito, Joseph R. (March 18, 2009). "Cortés Alexander, Thou 'Swell'". qmetropolis.com. Archived from the original on September 25, 2015. https://web.archive.org/web/20150925110314/http://qmetropolis.com/?p=187.
  13. "Helen Slater". helenslater.com. https://helenslater.com/music.html.
  14. "Supergirl #50". Grand Comics Databasecomics.org. http://www.comics.org/issue/721996/.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]