সমললৈ যাওক

হৈমৱতী সেন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হৈমৱতী সেন
জন্ম হৈমৱতী ঘোষ
১৮৬৬
খুলনা জিলা, বেংগল প্ৰেছিডেন্সী, বৃটিছ ভাৰত
মৃত্যু ৫ আগষ্ট, ১৯৩৩
অন্য নাম হৈমৱতী ঘোষ মিত্ৰ সেন
পেচা চিকিৎসক

হৈমৱতী সেন (১৮৬৬ – ৫ আগষ্ট ১৯৩৩)[1] জন্ম নাম: হৈমৱতী ঘোষ, এগৰাকী ভাৰতীয় চিকিৎসক।

প্ৰাথমিক জীৱন

[সম্পাদনা কৰক]

হৈমৱতী ঘোষৰ জন্ম হৈছিল বংগ প্ৰেচিডেন্সিৰ (বৰ্তমান বাংলাদেশ) খুলনা জিলাত। তেওঁৰ পিতৃ আছিল জমিদাৰ আৰু কুলীন কায়স্থ জাতিৰ এজন চহকী লোক।[2] তেওঁ অতি কম বয়সতে বিধৱা হৈছিল আৰু বেনাৰসত শিক্ষয়িত্ৰী হিচাপে প্ৰশিক্ষণ লৈছিল। দ্বিতীয় বিবাহৰ পিছত তেওঁ কলিকতাৰ কেম্পবেল মেডিকেল কলেজত পঢ়িছিল,[3][4] আৰু ১৮৯৪ চনত শ্ৰেণীৰ শীৰ্ষস্থান দখল কৰি স্নাতক ডিগ্ৰী লাভ কৰিছিল।[5]

কেৰিয়াৰ

[সম্পাদনা কৰক]

১৮৯৪ চনৰ পৰা ১৯১০ চনলৈকে হুগলীৰ লেডী ডাফৰিন মহিলা চিকিৎসালয়ত তেওঁ চিকিৎসক আছিল[3][6] আৰু ১৯৩০ চনৰ আৰম্ভণিৰ পৰা তেওঁৰ মৃত্যুৰ আগলৈকে চিনছুৰাত ব্যক্তিগত চিকিৎসালয়ত কাম কৰিছিল।[5] ১৯২০ চনত তেওঁ নিজৰ সংগ্ৰাম আৰু সকলো যুৱতীৰ প্ৰতি থকা চিন্তাৰ বিশদ বিৱৰণ দি এখন "মূল্যবান"[2] স্মৃতিগ্ৰন্থ লিখিছিল: “কেৱল মই নাৰী হোৱাৰ বাবেই এই সকলোবোৰ কষ্ট পাব লাগে নেকি? কোনোবাই এজন পুৰুষৰ ওপৰত ইমান দুখ কষ্ট দিলেহেঁতেননে? মই কাৰ পত্নী বা কাৰ কন্যা বুলি তেওঁলোকে কিয় ইমান চিন্তিত?"[2] তেওঁৰ স্মৃতিগ্ৰন্থখন বাংলা আৰু... বহু বছৰৰ পিছত ২০০০ চনত ইংৰাজী ভাষাত প্ৰকাশ পাইছিল।[7]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

হৈমৱতী ঘোষে দুবাৰ বিয়া পাতিছিল। ৯ বছৰ বয়সত তেওঁৰ প্ৰথম বিবাহ হৈছিল আৰু দুগৰাকী কন্যা সন্তান থকা এজন বিপত্নীকৰ সৈতে আৰু এবছৰৰ পাছত তেওঁ এগৰাকী শিশু বিধৱা হৈ পৰিছিল। স্বামী, পিতৃ-মাতৃ, ভাই-ভনী বা শহুৰেকৰ সহায় অবিহনে তেওঁ বেনাৰসৰ এখন বিধৱা ঘৰত সহায় বিচাৰি ব্ৰাহ্ম সমাজত যোগদান কৰে। ১৮৯০ চনত তেওঁ পুনৰ বিয়া কৰায়, কুঞ্জাবিহাৰী সেনৰ সৈতে। তেওঁলোকৰ একেলগে পাঁচটা সন্তান জন্ম হয়। হৈমৱতী সেনৰ মৃত্যু হয় ১৯৩২ চনত (বা ১৯৩৩ চনত),[8] ষাঠিৰ দশকত।[5]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. Subodh Kumar Sengupta & Anjali Bose (2016). Sansad Bengali Charitabhidhan Vol.I. Sahitya Sansad,Kolkata. পৃষ্ঠা. 883. ISBN 978-81-7955-135-6. 
  2. 2.0 2.1 2.2 Sen, Indrani (2012). "Resisting Patriarchy: Complexities and Conflicts in the Memoir of Haimabati Sen". Economic and Political Weekly খণ্ড 47 (12): 55–62; quotes from pages 55 and 57. ISSN 0012-9976. https://www.jstor.org/stable/23214502. 
  3. 3.0 3.1 Forbes, Geraldine Hancock (2005) (en ভাষাত). Women in Colonial India: Essays on Politics, Medicine, and Historiography. Orient Blackswan. পৃষ্ঠা. 146. ISBN 978-81-8028-017-7. https://books.google.com/books?id=ClNEJwXLNQIC&q=Haimabati+Sen&pg=PA146. 
  4. Mukherjee, Sujata (2017-01-05). Gender, Medicine, and Society in Colonial India: Women's Health Care in Nineteenth- and Early Twentieth-Century Bengal. Oxford University Press. doi:10.1093/acprof:oso/9780199468225.001.0001. ISBN 978-0-19-946822-5. https://oxford.universitypressscholarship.com/view/10.1093/acprof:oso/9780199468225.001.0001/acprof-9780199468225. 
  5. 5.0 5.1 5.2 Chattopadhyay, Anjana (2018) (en ভাষাত). Women Scientists in India: Lives, Struggles & Achievements. National Book Trust, India. ISBN 978-81-237-8144-0. https://nbtindia.gov.in/writereaddata/freebooks/pdf/Women%20Scientists%20in%20India.pdf. 
  6. "Book on India's premier women doctors" (en ভাষাত). The Hans India. 2019-10-17. https://www.thehansindia.com/featured/womenia/book-on-indias-premier-women-doctors-573289। আহৰণ কৰা হৈছে: 2020-10-19. 
  7. Sen, Haimabati (2000) (en ভাষাত). The Memoirs of Dr. Haimabati Sen: From Child Widow to Lady Doctor. Roli Books. ISBN 978-81-7436-090-8. https://books.google.com/books?id=a-XaAAAAMAAJ. 
  8. "Haimabati Ghosh Mitra Sen" (en ভাষাত). Oxford Reference. https://www.oxfordreference.com/view/10.1093/oi/authority.20110803100454376। আহৰণ কৰা হৈছে: 2020-10-19.