সমললৈ যাওক

হোছেইন বেহজাদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হোছেইন বেহজাদ

১৯৫৮ চনত বেহজাদ
জন্ম ১৮৯৪
শ্বিৰাজ, কাজাৰ ইৰাণ
মৃত্যু ১৩ অক্টোবৰ, ১৯৬৮ (৭৪ বছৰ)
পাহলৱী ইৰাণ
১৯৫১ চনত মাষ্টাৰ বেহজাদৰদ্বাৰা ফাৰহাদ আৰু শ্বিৰিনৰ কাহিনী চিত্ৰিত কৰা ক্ষুদ্ৰ চিত্ৰ।

হোছেইন বেহজাদ (ইংৰাজী: Hossein Behzad) আৰু (পাৰ্চী ভাষাত: حسین بهزاد ); জন্ম হৈছিল ১৮৯৪ আৰু মৃত্যু হৈছিল ১৩ অক্টোবৰ ১৯৬৮ চনত। হোছেইন বেহজাদ আছিল এজন প্ৰখ্যাত ইৰাণী চিত্ৰশিল্পী। তেওঁৰ প্ৰাৰম্ভিক কাম আছিল ষোড়শ আৰু ১৭ শতিকাৰ পাৰ্চী চিত্ৰকলাৰ পুৰণি মাষ্টৰসকলৰ শৈলীৰ পাৰ্চী ক্ষুদ্ৰ চিত্ৰকলাক বিস্মৃতিৰপৰা উদ্ধাৰ কৰা। [1]

হোছেইন বেহজাদৰ জন্ম হৈছিল ১৮৯৪ চনত ইৰাণৰ শ্বিৰাজত [2] মিৰ্জা লুতফোল্লাহ ইছফাহানীৰ ঘৰত। [3] তেওঁৰ দেউতাক মিৰ্জা লুতফোল্লাহ ইছফাহানী এজন কলম ধাৰক ডিজাইনাৰ আছিল।[3]

১৯২১ চনত আজিজেহ খানোমৰ সৈতে তেওঁৰ বিবাহ হয় আৰু তেওঁলোকৰ একমাত্ৰ সন্তান পাৰভিজৰ জন্ম হয়। [3][4]

১৯৩০ চনৰ আৰম্ভণিতে বেহজাদে তেহৰাণৰ ছানায়ে মোস্তাজৰাফেহ আৰ্ট স্কুল পুনৰ সংগঠিত কৰে। ১৯৩৪ চনত তেওঁ তেহৰাণ এৰি পেৰিছলৈ যায় আৰু তাতেই তেৰ মাহ থাকে।[1] এই সময়ছোৱাত তেওঁ লুভ্ৰ, গিমে মিউজিয়াম আৰু পেলেচ অৱ ভাৰ্চাইলত বিভিন্ন পূব আৰু পশ্চিমীয়া চিত্ৰকলা শৈলীৰ অধ্যয়ন কৰে। এই ভ্ৰমণৰ সময়ছোৱাত তেওঁ পৰম্পৰাগত পাৰ্চী চিত্ৰকলাৰ উপাদানসমূহৰ সৈতে সমসাময়িক পশ্চিমীয়া চিত্ৰকলাৰ সংমিশ্ৰণেৰে ক্ষুদ্ৰ চিত্ৰকলাৰ এক সম্পূৰ্ণ নতুন শৈলী গঢ়ি তুলিছিল। [1]

তেওঁ আন্তঃৰাষ্ট্ৰীয়ভাৱে স্বীকৃতি লাভ কৰে আৰু ১৯৪৯ চনত ইৰাণৰ সংস্কৃতি মন্ত্ৰ্যালয়ৰ প্ৰথম শ্ৰেণীৰ পদক আৰু ১৯৫৮ চনত আমেৰিকাৰ মিনিয়াপলিছৰপৰা আন্তঃৰাষ্ট্ৰীয় চিত্ৰকলাৰ প্ৰথম শ্ৰেণীৰ পদককে ধৰি বহুতো বঁটা লাভ কৰে।[4] ১৯৬৮ চনত বেহজাদক কলেজ অৱ অৰ্নামেণ্টেল আৰ্টছৰপৰা সন্মানীয় অধ্যাপকৰ পদ প্ৰদান কৰা হয়; বেহজাদৰ শিল্পকৰ্ম বিশ্বজুৰি প্ৰদৰ্শিত হৈছে। ইবন চিনাৰ (এভিচেনা) সহস্ৰাব্দৰ স্মৃতিত তেওঁ ১৯৫৩ চনত প্ৰাচীন ইৰাণৰ সংগ্ৰহালয়ত এখন প্ৰদৰ্শনীৰ আয়োজন কৰিছিল। এই প্ৰদৰ্শনীয়ে আলোড়নৰ সৃষ্টি কৰিছিল আৰু বহু আন্তঃৰাষ্ট্ৰীয় দৰ্শনাৰ্থীক আকৰ্ষণ কৰিছিল। প্ৰদৰ্শনীত প্ৰদৰ্শিত ছবিবোৰ সম্পূৰ্ণ হ’বলৈ দহ বছৰ সময় লাগিছিল; ইয়াত ফাৰ্ড'চি আৰু মেডেনছ আৰ্চৰ দৰে বিষয় অন্তৰ্ভুক্ত কৰা হৈছিল। প্ৰাচ্য অধ্যয়নৰ পণ্ডিতসকলৰ বাবে এই প্ৰদৰ্শনী বিশেষভাৱে গুৰুত্বপূৰ্ণ হৈ পৰিছিল। ইস্তানবুলৰ ভাটান কাকতৰ বাবে লিখা এটা প্ৰবন্ধত অধ্যাপক সোহেইল আনোৱাৰে লিখিছে, "বেহজাদ—এই মহান শিল্পীজন—কেৱল ইৰাণৰ নহয়। এতিয়া তেওঁ সমগ্ৰ বিশ্বৰ।" ইয়াৰ কিছুসময়ৰ পাছতে আৰু বহু সমালোচকৰ প্ৰশংসা লাভ কৰে, বেহজাদে ফ্ৰান্স চৰকাৰৰ পৃষ্ঠপোষকতাত মিউজিয়াম ডি আৰ্ট মডাৰ্ণ ডি পেৰিছত এখন প্ৰদৰ্শনী অনুষ্ঠিত কৰে। ১৯৫৫ চনৰ ১৮ মে'ত ফ্ৰান্সৰ সংস্কৃতি মন্ত্ৰীয়ে এই প্ৰদৰ্শনী মুকলি কৰে।

তেওঁ প্ৰথমে নব্য-চাফাৱীবাদৰ ৰক্ষণশীল ৰূপৰ অনুশীলন কৰিছিল, আৰু পিছলৈ পুনৰুজ্জীৱনবাদ আৰু আধুনিকতাবাদৰ সংমিশ্ৰণেৰে এক নতুন শৈলী গঢ়ি তুলিছিল। ১৯৫৬ চনত বেহজাদৰ পঞ্চাশখন ক্ষুদ্ৰ চিত্ৰ ৱাশ্বিংটন ডি চিৰ লাইব্ৰেৰী অৱ কংগ্ৰেছত প্ৰদৰ্শিত হয়। বেহজাদে জীৱন্ত মাষ্টৰ হিচাপে স্বীকৃতি লাভ কৰাৰ লগে লগে তেওঁ বিশ্বৰ বিভিন্ন প্ৰান্তত লণ্ডন, প্ৰাগ, নিউয়ৰ্ক, বষ্টন, ব্ৰাছেলছ আদি চহৰৰ লগতে ভাৰত আৰু জাপানত প্ৰদৰ্শনী অনুষ্ঠিত কৰে।


মৃত্যু আৰু উত্তৰাধিকাৰ

[সম্পাদনা কৰক]

১৯৬৮ চনৰপৰা বেহজাদ শাৰীৰিকভাৱে অসুস্থ হৈ পৰিছিল আৰু সাংস্কৃতিক মন্ত্ৰ্যালয়ে দুবাৰকৈ ইউৰোপলৈ পঠিয়াইছিল। ইয়াৰ পিছতো ১৯৬৮ চনৰ ১৩ অক্টোবৰৰ নিশা ৮:৪৮ বজাত ৭৪ বছৰ বয়সত বেহজাদৰ মৃত্যু হয়। [3]শ্বহৰ-ই ৰায়ৰ ইমামজাদেহ আব্দুল্লাহৰ ওচৰৰ এটা কবৰস্থানত তেওঁক সমাধিস্থ কৰা হয়।

শিল্পীগৰাকীৰ সন্মানত ১৯৯৪ চনত প্ৰতিষ্ঠা কৰা হৈছিল বেহজাদ সংগ্ৰহালয়,[5] আৰু এই সংগ্ৰহালয় তেহৰাণৰ সা'দাবাদ কমপ্লেক্সত [6] অৱস্থিত আৰু ইয়াত তেওঁৰ কৰ্মৰাজিৰ এক বৃহৎ সংগ্ৰহ আছে।

বঁটাসমূহ

[সম্পাদনা কৰক]
  • ১৯৬৮ – তেহৰাণৰ কলেজ অৱ ডেকোৰেটিভ আৰ্টছৰ কলা প্ৰশিক্ষকৰ কাউন্সিলৰদ্বাৰা আৰ্ট মাষ্টাৰৰ সন্মানীয় উপাধি লাভ।[3]
  • ১৯৫৩ – প্ৰাচীন ইৰাণৰ সংগ্ৰহালয়ৰপৰা এভিচেনা পদক। [3]
  • ১৯৫২ – ফিনলেণ্ডৰ হেলচিংকিত অনুষ্ঠিত হোৱা অলিম্পিক পেইণ্টিং প্ৰদৰ্শনীত শ্ৰেষ্ঠ চিত্ৰকলাৰ বাবে অলিম্পিক ডিপ্লমা।[3]

তথ্যৰ উৎস

[সম্পাদনা কৰক]
  1. 1 2 3 "Hossein Behzad (Iranian, 1894-1964) Dreaming of the Beloved". Christie's. http://www.christies.com/lotfinder/paintings/hossein-behzad-dreaming-of-the-beloved-4972446-details.aspx#top আহৰণ কৰা হৈছে: 2016-05-13.
  2. "حسین بهزاد چگونه هنر مینیاتور را به‌روزر کرد؟ [How did Hossein Behzad upgrade miniature art?]" (fa ভাষাত). ایرنا پلاس. 2019-10-13. Archived from the original on 2020-10-16. https://web.archive.org/web/20201016135000/https://plus.irna.ir/news/83515481/%D8%AD%D8%B3%DB%8C%D9%86-%D8%A8%D9%87%D8%B2%D8%A7%D8%AF-%DA%86%DA%AF%D9%88%D9%86%D9%87-%D9%87%D9%86%D8%B1-%D9%85%DB%8C%D9%86%DB%8C%D8%A7%D8%AA%D9%88%D8%B1-%D8%B1%D8%A7-%D8%A8%D9%87-%D8%B1%D9%88%D8%B2%D8%B1-%DA%A9%D8%B1%D8%AF আহৰণ কৰা হৈছে: 2020-10-14.
  3. 1 2 3 4 5 6 7 "Persian Paintings of Behzad Hossein, Persian Miniaturist Master". Persian Paintings. http://www.persianpaintings.com/behzad/ আহৰণ কৰা হৈছে: 2016-05-13.
  4. 1 2 "Iranian Painter: Hossein Behzad". Caroun.com. http://www.caroun.com/Painting/IranPainting/Behzad/HBehzad.html আহৰণ কৰা হৈছে: 2016-05-13.
  5. "Museums & Galleries". Tehran Municipality, Iran. Archived from the original on 2018-10-19. https://web.archive.org/web/20181019205701/http://en.tehran.ir/Default.aspx?tabid=123 আহৰণ কৰা হৈছে: 2016-05-13.
  6. "Saadabad Palace". saadabadpalace.org. Archived from the original on 26 November 2005. https://web.archive.org/web/20051126025111/http://www.saadabadpalace.org/.
  • Omar Khayyam: Vierzeiler (Rubāʿīyāt) übersetzt von Friedrich Rosen mit Miniaturen von Hossein Behzad. আই.এচ.বি.এন. 978-3-86931-622-2 Details

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]