হোমেইৰা কাদেৰী
১৯৮০ চনত জন্মগ্ৰহণ কৰা হোমেইৰা কাদেৰী (ইংৰাজী: Homeira Qaderi) এগৰাকী আফগান লেখিকা, মহিলা অধিকাৰৰ সমৰ্থক আৰু পাৰ্চী সাহিত্যৰ অধ্যাপিকা৷ তেওঁ বৰ্তমান হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ৰেডক্লিফ ইনষ্টিটিউট অৱ এডভান্সড ৰিচাৰ্চত ৰবাৰ্ট জি জেমছ স্কোলাৰ সভ্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।[1]২০১৪ চনত ভাৰতৰ নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা পাৰ্চী সাহিত্যত তেওঁ পিএইচডি ডিগ্ৰী লাভ কৰে। তেওঁৰ গৱেষণা পত্ৰৰ শিৰোনাম আছিল-"আফগানিস্তানৰ কাহিনী আৰু উপন্যাসত যুদ্ধ আৰু প্ৰব্ৰজনৰ প্ৰতিফলন"। ২০১৫ চনত আমেৰিকাৰ আইঅ’ৱা বিশ্ববিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় লেখন কাৰ্যসূচী সম্পূৰ্ণ কৰে।[2]
ইৰাণত থকাৰ সময়ছোৱাত কাদেৰীয়ে ইৰাণৰ আফগানিস্তান আৰ্টছ এণ্ড কালচাৰেল এছ’চিয়েশ্যনৰ পৰিচালক আছিল৷ এই পদত তেওঁ ২০০৮ চনলৈকে আছিল। আফগানিস্তানলৈ উভতি অহাৰ পিছত কাদেৰীয়ে কাবুল বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপক হিচাপে শিক্ষকতা কৰিবলৈ আৰম্ভ কৰে। সাহিত্যিক দক্ষতা আৰু পাৰ্চী সাহিত্যৰ পেছাদাৰী বিশেষজ্ঞতাৰ চাহিদাৰ বাবে তেওঁ কাবুলৰ মাছ’ল বিশ্ববিদ্যালয় আৰু ঘৰজিস্তান বিশ্ববিদ্যালয়তো বক্তৃতা প্ৰদান কৰিছিল। একে সময়তে আফগানিস্তানত লিংগ সমতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি নাগৰিক অধিকাৰ আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল।
২০১১ চনত কাদেৰীয়ে আফগানিস্তানৰ শ্ৰম, সামাজিক পৰিক্ৰমা, শ্বহীদ পৰিক্ৰমা, আৰু প্ৰতিবন্ধী মন্ত্ৰীৰ উপদেষ্টা হয়। বিধৱা আৰু অনাথ শিশুৰ জীৱন-যাপনৰ অৱস্থা উন্নত কৰাৰ ওপৰত তেওঁৰ প্ৰচেষ্টা কেন্দ্ৰীভূত কৰিছিল আৰু তেওঁলোকৰ আত্মনিৰ্ভৰশীলতাৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচী স্থাপন কৰিছিল। ২০১৮ চনত ৰাহ-ই মদন্যত দৈনিকৰ মুখ্য সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ২০১৯ চনত শিক্ষামন্ত্ৰীৰ জ্যেষ্ঠ উপদেষ্টা হিচাপে নিযুক্তি লাভ কৰা কাদেৰী ২০২১ চনলৈকে সেই পদত থাকে। বৰ্তমান তেওঁ ৰবি-ই-জানৰ মুখ্য সম্পাদক আৰু তেওঁ গোল্ডেন নিডল লিটাৰেৰী এছ’চিয়েচনৰ প্ৰতিষ্ঠাপক য’ত তেওঁ যুৱতী লেখিকাসকলক নিজৰ প্ৰকাশৰ ক্ষেত্ৰত আত্মবিশ্বাসী হ’বলৈ প্ৰশিক্ষণ দি আছে।
২০২১ চনত কাবুলৰ পতনৰ পিছত কাদেৰীয়ে আফগানিস্তান এৰি আমেৰিকালৈ গুচি যায় আৰু হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ৰেডক্লিফ ইনষ্টিটিউট অৱ এডভান্সড ৰিচাৰ্চৰ ৰবাৰ্ট জি জেমছ স্কোলাৰ ফেলো হয় আৰু তালিবান শাসনৰ অধীনত থকা যুৱতীসকলৰ অভিজ্ঞতাৰ ওপৰত লিখে।[3] কাবুলৰ পতনৰ পিছত কাদেৰীয়ে আফগানিস্তানৰ ভয়াৱহ পৰিস্থিতি আৰু আন্তঃৰাষ্ট্ৰীয় সমাজে আফগান শৰণাৰ্থীসকলক সমৰ্থন কৰাৰ জৰুৰী প্ৰয়োজনীয়তাৰ বিষয়ে ৰাজহুৱাভাৱে মাত মাতি মহিলা আৰু ছোৱালীৰ অধিকাৰৰ বিষয়ে নিজৰ উদ্বেগ প্ৰকাশ কৰে। মানৱ অধিকাৰ, মহিলাৰ অধিকাৰ, আফগানিস্তানত শান্তিৰ পোষকতা তেওঁ অব্যাহত ৰাখিছে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Gibson, Lydialyle (February 2023). "To The Rescue". Harvard Magazine. https://www.harvardmagazine.com/2023/01/features-to-the-rescue.
- ↑ "QADERI, Homeira | The International Writing Program". iwp.uiowa.edu. https://iwp.uiowa.edu/writers/homaira-qaderi। আহৰণ কৰা হৈছে: 2023-05-28.
- ↑ "Homeira Qaderi" (en ভাষাত). Radcliffe Institute for Advanced Study at Harvard University. https://www.radcliffe.harvard.edu/people/homeira-qaderi। আহৰণ কৰা হৈছে: 2023-05-28.