সমললৈ যাওক

হোৱাইট বাফেলো কাফ উইমেন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ফ্ৰিথজফ শ্বুঅনৰ দ্বাৰা নিৰ্মিত এপেৰিশ্যন অৱ দ্য বাফেলো কাফ মেইডেন (১৯৫৯)

হোৱাইট বাফেলো কাফ উইমেন (ইংৰাজী: White Buffalo Calf Woman; লাকোটা ভাষা: Ptesáŋwiŋ) বা হোৱাইট বাফেলো মেইডেন হ'ল অলৌকিক উৎপত্তিৰ এগৰাকী পবিত্ৰ মহিলা, যি লাকোটা ধৰ্মৰ এজন প্ৰাথমিক সাংস্কৃতিক পয়গম্বৰ হিচাপে কেন্দ্ৰীয় ভূমিকা পালন কৰে। মৌখিক পৰম্পৰাৰ মতে তেওঁ লাকোটা লোকসকললৈ "সাতটা পবিত্ৰ ৰীতি-নীতি" লৈ আহিছিল।

পৰম্পৰাগত কাহিনী অনুসৰি ১৯ প্ৰজন্মৰ আগতে এবাৰ দুৰ্ভিক্ষৰ সময় আহিছিল। লাকোটা লোকসকলৰ মুখিয়ালজনে খাদ্যৰ সন্ধানত দুজন স্কাউটক চিকাৰলৈ পঠিয়াইছিল। ডেকা দুজনৰ ভ্ৰমণৰ সময়ত তেওঁলোকে দূৰৈৰ পৰা এটা বগা ডাৱৰ দেখা পালে। তাৰ পিছত সেই ডাৱৰটোৰ মাজৰ পৰা তেওঁলোকে এগৰাকী মহিলাক দেখা পালে। তেওঁলোকে কাষলৈ গৈ দেখিলে যে সেইগৰাকী বগা পহুৰ ছালেৰে তৈয়াৰী পোছাক পৰিহিত এগৰাকী ধুনীয়া থলুৱা যুৱতী। তেওঁৰ চুলি ক'লা, ছালৰ ৰং ক'লা আৰু চকুযুৰিও ক'লা আছিল। এজন লোকৰ মনত মহিলাগৰাকীক দেখি কামভাৱ জাগ্ৰত হ’ল। তেওঁ সংগীক ক’লে যে তেওঁ মহিলাগৰাকীক পত্নী হিচাপে লাভ কৰাৰ চেষ্টা কৰিব আৰু তেওঁৰ কাষ চাপিল। তেওঁৰ সংগীজনে তেওঁক সাৱধান কৰি দিছিল যে মহিলাগৰাকী এগৰাকী পবিত্ৰ নাৰী যেন লাগে আৰু এনে কোনো অপবিত্ৰ কাম কৰাটো বিপজ্জনক আৰু অসন্মানজনক হ’ব, কিন্তু তেওঁৰ পৰামৰ্শ আওকাণ কৰা হ’ল।

দ্বিতীয়তে স্কাউটজনে দেখিলে যে প্ৰথমজনে মহিলাগৰাকীক ওচৰলৈ গৈ সাৱটি ধৰিছে আৰু সেই সময়তে এটা ডাৱৰে দুয়োকে আৱৰি ধৰিছে। যেতিয়া ডাৱৰটো নোহোৱা হৈ গ’ল, তেতিয়া তাত কেৱল সেই ৰহস্যময়ী মহিলাগৰাকী আৰু প্ৰথমজন লোকৰ হাড়ৰ দ’ম এটা পৰি থাকিল। বাকী থকা লোকজনে ভয় খাই ধনুখন টোৱাব ধৰিলে। কিন্তু পবিত্ৰ মহিলাগৰাকীয়ে তেওঁক আগুৱাই আহিবলৈ ইংগিত দিলে আৰু ক’লে যে তেওঁৰ কোনো ক্ষতি নহ’ব, কাৰণ তেওঁ লোকজনৰ হৃদয়খন পঢ়িব পাৰিছে আৰু তেওঁৰ মনত প্ৰথমজনৰ দৰে কোনো বেয়া উদ্দেশ্য নাই। মহিলাগৰাকীয়ে লাকোটা ভাষাত কথা কোৱাৰ বাবে ডেকাজনে ভাবিলে যে তেওঁ তেওঁলোকৰে কোনোবা এজন হ’ব আৰু তেওঁ আগুৱাই আহিল।

সেই সময়ত মহিলাগৰাকীয়ে বুজাই দিছিল যে তেওঁ 'ৱাখাঁ' (wakȟáŋ—পবিত্ৰ, যাৰ আধ্যাত্মিক আৰু অলৌকিক শক্তি আছে)। তেওঁ লগতে ক’লে যে যদি তেওঁ দিয়া নিৰ্দেশ পালন কৰে, তেন্তে তেওঁৰ লোকসকলে পুনৰ উন্নতি কৰিব পাৰিব। স্কাউটজনে তেওঁ দিয়া নিৰ্দেশ পালন কৰিব বুলি প্ৰতিজ্ঞা কৰিলে আৰু তেওঁক নিজৰ শিবিৰলৈ ঘূৰি গৈ পৰিষদক আহ্বান জনাবলৈ আৰু তেওঁৰ আগমনৰ বাবে ভোজৰ আয়োজন কৰিবলৈ কোৱা হ’ল। তেওঁ লাকোটা লোকসকলক পৃথিৱী মাতৃক সুৰক্ষা দিবলৈ সাতটা পবিত্ৰ অনুষ্ঠানৰ শিক্ষা দিছিল আৰু তেওঁলোকক পবিত্ৰ ধুমপানৰ পাইপ 'চানুংপা' (čhaŋnúŋpa) উপহাৰ দিছিল।

সেই সাতটা অনুষ্ঠান হ’ল:

  1. ইনিপি (Inípi)—শৌচাগাৰ বা শুদ্ধিকৰণৰ স্থান
  2. হানবেচিয়া পি (Haŋbléčheyapi)—দৰ্শনৰ বাবে ক্ৰন্দন
  3. উইৱানিয়াং ৱাচিপি (Wiwáŋyaŋg Wačhípi)—সূৰ্য নৃত্য
  4. হুংকা লোৱানপি (Huŋkalowaŋpi)—আত্মীয় গঢ়া
  5. ইশনথি আৱিচালোৱানপি (Išnáthi Awíčhalowaŋpi)—মহিলাৰ ঋতুচক্ৰ বা যৌৱন প্ৰাপ্তিৰ অনুষ্ঠান
  6. থাপা ৱাংকায়য়াপি (Tȟápa Waŋkáyeyapi)—বল নিক্ষেপ
  7. ৱানাগী যুহাপি (Wanáǧi Yuhápi)—আত্মা সংৰক্ষণ[1]

চানুংপাৰ প্ৰতিটো অংশ (নলী, বাতি, ধঁপাত, উশাহ আৰু ধোঁৱা) প্ৰাকৃতিক জগতৰ সম্পৰ্ক, মৌলসমূহ, মানুহ আৰু ব্ৰহ্মাণ্ডৰ চক্ৰ বজাই ৰখা আধ্যাত্মিক সত্তাসমূহৰ প্ৰতীক।[2]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Black Elk, Wallace (1953). The sacred pipe : Black Elk's account of the seven rites of the Oglala Sioux. প্ৰকাশক Norman: University of Oklahoma Press. ISBN 978-0-8061-2124-6. OCLC 772729.
  2. "Sacred Pipe of the Lakota Sioux". The Pluralism Project. https://pluralism.org আহৰণ কৰা হৈছে: June 20, 2020.

তথ্য উৎস

[সম্পাদনা কৰক]
  • Walker, James R. Lakota Belief and Ritual (University of Nebraska Press, 1980; আই.এচ.বি.এন. 0-8032-2551-2; Bison Books, 1991 আই.এচ.বি.এন. 0-8032-9731-9)
  • Powers, William K. Oglala Religion (University of Nebraska Press, 1975,1977; আই.এচ.বি.এন. 0-8032-8706-2)
  • Pickering, Robert B. Seeing the White Buffalo. (Denver Museum of Natural History & Johnson Books), 1997; আই.এচ.বি.এন. 1-55566-181-5 & 1-55566-182-3.
  • Costello, Damian. Black Elk: Colonialism and Lakota Catholicism (Orbis Books, 2005, আই.এচ.বি.এন. 978-1-57075-580-4)