হো জামালো
হো জামালো (ইংৰাজী: Ho Jamalo) হ'ল এক সিন্ধী ভাষাৰ লোকগীত আৰু সিন্ধী সংস্কৃতিৰ লগত জড়িত নৃত্য। থলুৱা লোকনায়ক জামালোৰ বিষয়ে এই উপস্থাপন। বাদ্যযন্ত্ৰৰ বাহিৰেও হাতৰ চাপৰিৰ দ্বাৰা সৃষ্টি হোৱা ছন্দত ইয়াক কোৰাছত গোৱা হয়। ইয়াৰ ৰচনা সৰল আৰু প্ৰতিজন সিন্ধিৰ বাবে বোধগম্য। ‘জামালো’ শব্দটো আৰৱী ভাষাৰ জামাল শব্দৰ পৰা উদ্ভৱ হৈছে যাৰ অৰ্থ হৈছে সৌন্দৰ্য্য।[1] বিজয় বা উদযাপনৰ অংশ হিচাপে এই নৃত্য পৰিৱেশন কৰা হয়। যদিও ইয়াৰ উৎপত্তি সিন্ধত হৈছিল, ই সমগ্ৰ পাকিস্তানৰ লগতে ভাৰতৰ সিন্ধী হিন্দুসকলৰ মাজত জনপ্ৰিয়। [2]
গীতটোৰ এটা পাঞ্জাৱী পৰিৱেশন ক’ক ষ্টুডিঅ’ পাকিস্তানৰ ১১ সংখ্যক ছিজনত আলী ছেঠী আৰু হুমাইৰা আৰ্ছাদে পৰিৱেশন কৰিছিল।[3]
হো জামালোৰ ইতিহাস
[সম্পাদনা কৰক]হো জামালোৰ ইতিহাসৰ কেইবাটাও সংস্কৰণ আছে।
এটা মূল কাহিনী অনুসৰি, ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ সময়ত চুক্কুৰৰ মৃত্যুদণ্ডৰ বন্দী জামালো শ্বীদীয়ে নিজৰ স্বাধীনতাৰ বিনিময়ত স্বেচ্ছাই নতুনকৈ নিৰ্মাণ কৰা চুক্কুৰ দলং (লেন্সডাউন দলং) পাৰ হৈ ৰে’ল পৰীক্ষামূলকভাৱে চলাবলৈ আগবাঢি় আহিছিল। তেওঁ সফলভাৱে পাৰ হোৱাৰ বিনিময়ত তেওঁ ক্ষমা লাভ কৰিছিল আৰু আনন্দত তেওঁৰ আত্মীয়সকলে "হো জামালো, ৱাহ ৱাহ জামালো" গীতটো ৰচনা কৰিছিল।[4]
আন এটা কাহিনী হ’ল যে উজনিৰ সিন্ধৰ ক’ৰবাত তীব্ৰ যুদ্ধ হৈছিল আৰু সেই অঞ্চলৰ বাসিন্দাসকলে আক্ৰমণকাৰীৰ বিৰুদ্ধে চৰম প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। এই সন্ধিক্ষণত অতি সাহসী জামাল নামৰ এজন ব্যক্তিয়ে এটা সৰু সৈন্যবাহিনীক নেতৃত্ব দি আক্ৰমণকাৰীৰ বিৰুদ্ধে যুঁজ দিছিল। এক ভয়ংকৰ আৰু ৰক্তাক্ত সংঘৰ্ষ হৈছিল আৰু তেওঁ বিজয়ী হৈছিল। যেতিয়া তেওঁ তেওঁলোকৰ বসতিস্থল চাই চাই ঘৰমুৱা হৈছিল তেতিয়া অঞ্চলটোৰ মহিলাসকলে ‘হো জামালো, খাতি আয়ো খাইৰ ছান’ গীতটি গাই ওলাই আহিছিল। গীতটিৰ অনুবাদঃ হে মহান জামালো, আপুনি কোনো ক্ষতিৰ সন্মুখীন নোহোৱাকৈ বিজয়ী হৈছে।[5]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Allana, Dr. Ghulam Ali (1982). Folk Music Of Sind. Institute of Sindhology, University of Sindh. পৃষ্ঠা. 70.
- ↑ Ember, Melvin (2001). Countries and their cultures. প্ৰকাশক New York: Macmillan Reference USA. পৃষ্ঠা. 1701. ISBN 9780028649504.
- ↑ "Coke Studio Season 11: From the highs of 'Shikwa' to the slumps of 'Ko Ko Korina'". 30 October 2018. Archived from the original on 14 May 2022. https://web.archive.org/web/20220514112156/https://archive.pakistantoday.com.pk/2018/10/30/coke-studio-season-11-from-the-highs-of-shikwa-to-the-slumps-of-ko-ko-korina/.
- ↑ "Jamalo Sheedi’s ‘Ho Jamalo, Wah Wah Jamalo’" (en ভাষাত). sindhnews.com.pk. 27 April 2022. Archived from the original on 18 February 2025. https://web.archive.org/web/20250218091535/https://sindhnews.com.pk/jamalo-sheedis-ho-jamalo-wah-wah-jamalo/। আহৰণ কৰা হৈছে: 6 March 2025.
- ↑ "Ho Jamalo" (en ভাষাত). DAWN.COM. 16 September 2018. https://www.dawn.com/news/1433223.