হৌ ইফান
হৌ ইফান | |
---|---|
![]() ২০১৬ চনত হৌ | |
জন্ম | ২৭ ফেব্ৰুৱাৰী, ১৯৯৪ (৩১ বছৰ) জিনহুৱা,চীন |
শিক্ষা | পিকিং ইউনিভাৰ্ছিটি ( বি,এ) ছেইণ্ট হিলদাছ কলেজ, অক্সফোৰ্ড (এম পি পি) |
পদবী | গ্ৰেণ্ডমাষ্টাৰ(২০০৮) |
হৌ ইফান (চীন: 侯逸凡; পিনইন: Hóu Yìfán; জন্ম: ২৭ ফেব্ৰুৱাৰী ১৯৯৪) এগৰাকী চীনা দবা গ্ৰেণ্ডমাষ্টাৰ, তিনি বাৰ মহিলা বিশ্ব দবা চেম্পিয়ন আৰু চেনজেন বিশ্ববিদ্যালয়ৰ অধ্যাপক।[1][2] তেওঁ সৰ্বকালৰ দ্বিতীয় শ্ৰেষ্ঠ ৰেটিংপ্ৰাপ্ত মহিলা দবা খেলুৱৈ হিচাপে পৰিচিত।[3] দবাৰ বিস্ময়-বালিকা হিচাপে আত্মপ্ৰকাশ কৰা হৌ ১৪ বছৰ ৬ মাহ ১৬ দিন বয়সত গ্ৰেণ্ডমাষ্টাৰ উপাধি লাভ কৰা সৰ্বকনিষ্ঠ মহিলা খেলুৱৈ। ১৬ বছৰ বয়সত মহিলা বিশ্ব দবা চেম্পিয়নশ্বিপ জয় কৰি তেওঁ আন এক অভিলেখ গঢ়ে।
১২ বছৰ বয়সত হৌৱে ২০০৬ চনৰ মহিলা বিশ্ব দবা চেম্পিয়নশ্বিপ(য়েকাটেৰিনবাৰ্গ) আৰু দবা অলিম্পিয়াড (টৰিনো)ত অংশগ্ৰহণ কৰা কনিষ্ঠ খেলুৱৈ হিচাপে অভিলেখ গঢ়িছিল।[4] ২০০৭ চনৰ জুনত তেওঁ সৰ্বকনিষ্ঠ চীনা মহিলা চেম্পিয়ন হয়। তেওঁ ২০০৪ চনৰ জানুৱাৰীত উইমেন ফিদে মাষ্টাৰ, ২০০৭ চনৰ জানুৱাৰীত উইমেন গ্ৰেণ্ডমাষ্টাৰ আৰু ২০০৮ চনৰ আগষ্টত গ্ৰেণ্ডমাষ্টাৰউপাধি লাভ কৰে।
২০১০ চনত তুৰস্কৰ হাটেইত ১৬ বছৰ বয়সত তেওঁ মহিলা বিশ্ব দবা চেম্পিয়নশ্বিপ জয় কৰে। তাৰ পিছত ২০১১, ২০১৩ আৰু ২০১৬ চনত মুখামুখি মেচত খিতাপ জয় কৰে, কিন্তু ২০১২, ২০১৫ আৰু ২০১৭ চনত প্ৰতিযোগিতাৰ গঠন সলনি কৰি টুৰ্নামেণ্ট অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত লোৱাত তেওঁ অংশ গ্ৰহণ নকৰাৰ বাবে পৰাজিত হয়।
হৌ হৈছে মায়া চিবুৰডানিডজে আৰু জুডিত পলগাৰৰ পিছত বিশ্বৰ শীৰ্ষ ১০০ দবা খেলুৱৈৰ ভিতৰত স্থান লাভ কৰা তৃতীয় মহিলা।[5] তেওঁ বৰ্তমান সক্ৰিয় মহিলা দবা খেলুৱৈসকলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ বুলি স্বীকৃত। ২০২৪ চনৰ ডিচেম্বৰ পৰ্যন্ত তেওঁ (ছেপ্টেম্বৰ ২০১৫ৰ পৰা) বিশ্বৰ নম্বৰ ১ মহিলা দবা খেলুৱৈ হিচাপে অৱস্থান কৰিছে আৰু তেওঁ দ্বিতীয় স্থানধাৰী জু ৱেনজুনৰ পৰা ৭০ পইণ্টৰ অগ্ৰগতিত আছে।[6] ২০১৭ চনত তেওঁ বিবিচিৰ "১০০ মহিলাৰ" তালিকাত অন্তৰ্ভুক্ত হৈছিল।[7]
হৌ ২০১৮ চনৰ পৰা প্ৰতিযোগিতামূলক দবাৰ পৰা অৰ্দ্ধ-অৱসৰ গ্ৰহণ কৰে। ২০২০ চনত তেওঁ চেনজেন বিশ্ববিদ্যালয়ৰ সৰ্বকনিষ্ঠ অধ্যাপক হিচাপে ২৬ বছৰ বয়সত নিযুক্ত হয়।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Hou Yifan Archived 2012-09-06 at Archive.today New in Chess NICBase Online Info.
- ↑ "chesspawn.net". chesspawn.net. Archived from the original on 14 March 2012. https://web.archive.org/web/20120314074926/http://chesspawn.net/xml/xm6-3.htm। আহৰণ কৰা হৈছে: 25 April 2014.
- ↑ Chess: Hou Yifan, No 1 woman and professor at 26, loses in online return, Leonard Barden, The Guardian, 17 July 2020
- ↑ Newsmakers, Beijing Review PEOPLE/POINTS NO.40, 2008
- ↑ "Hou Yifan leads Monaco সাঁচ:As written Grand Prix". ChessBase. 13 October 2015. http://en.chessbase.com/post/hou-yifan-leads-monaco-womens-grand-prix। আহৰণ কৰা হৈছে: 2 December 2015.
- ↑ "Standard Top 100 Women". FIDE. http://ratings.fide.com/top.phtml?list=women.
- ↑ "BBC 100 Women 2017: Who is on the list?". BBC News. 20 October 2017. https://www.bbc.co.uk/news/world-41380265.