সমললৈ যাওক

হৰপ্ৰসাদ শাস্ত্ৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হৰপ্ৰসাদ শাস্ত্ৰী
জন্ম ৬ ডিচেম্বৰ, ১৮৫৩
খুলনা, বংগ (বৰ্তমানৰ বাংলাদেশ)
মৃত্যু ১৭ নৱেম্বৰ, ১৯৩১ (৭৭ বছৰ)
কলকাতা, বংগ
শিক্ষানুষ্ঠান সংস্কৃত কলেজ
প্ৰেছিডেন্সি কলেজ
পেচা সাহিত্যিক, ইতিহাসবিদ

হৰপ্ৰসাদ শাস্ত্ৰী (ইংৰাজী: Hara Prasad Shastri, বাংলা: হব়প্ৰসাদ শাস্ত্ৰী; ৬ ডিচেম্বৰ ১৮৫৩ – ১৭ নৱেম্বৰ ১৯৩১) আছিল এগৰাকী ভাৰতীয় শিক্ষাবিদ, সংস্কৃত পণ্ডিত, সংৰক্ষণবিদ আৰু বাংলা সাহিত্যৰ ইতিহাসবিদ। বাংলা সাহিত্যৰ আদিম জ্ঞাত উদাহৰণ চৰ্যাপদ আৱিষ্কাৰ কৰাৰ বাবে তেওঁ বেছিকৈ পৰিচিত।[1] তেওঁৰ জন্মগত নাম আছিল হৰপ্ৰসাদ ভট্টাচাৰ্য

প্ৰাথমিক জীৱন

[সম্পাদনা কৰক]

বংগ (বৰ্তমান বাংলাদেশ)ৰ খুলনা জিলাৰ কুমিৰা গাঁৱত হৰপ্ৰসাদ শাস্ত্ৰীৰ জন্ম হৈছিল[1][2] বৰ্তমানৰ পশ্চিমবংগৰ উত্তৰ ২৪ পৰগনাৰ নৈহাটীৰ পৰা অহা এটা পৰিয়ালত। পৰিয়ালৰ নামটো আছিল ভট্টাচাৰ্য, যিটো এটা সাধাৰণ বাঙালী ব্ৰাহ্মণ উপাধি।

শাস্ত্ৰীয়ে প্ৰথমে গাঁৱৰ বিদ্যালয়ত আৰু তাৰ পিছত কলিকতা (বৰ্তমানৰ কলকাতা)ৰ সংস্কৃত মহাবিদ্যালয় আৰু প্ৰেচিডেন্সি মহাবিদ্যালয়ত অধ্যয়ন কৰিছিল। কলিকতাত থকাৰ সময়ত তেওঁ শাস্ত্ৰীৰ ডাঙৰ ভাতৃ নন্দকুমাৰ ন্যায়চুঞ্চুৰ বন্ধু বিখ্যাত বাঙালী পণ্ডিত তথা সমাজ সংস্কাৰক ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ লগত আছিল।[1][2]

১৮৭১ চনত শাস্ত্ৰীয়ে প্ৰৱেশ (স্কুল-লিভিং) পৰীক্ষাত উত্তীৰ্ণ হয়, ১৮৭৩ চনত প্ৰথম কলা, স্নাতক ডিগ্ৰী, ১৮৭৬ চনত বি এ, আৰু ১৮৭৭ চনত সংস্কৃতত অনাৰ্ছ লাভ কৰে। পিছলৈ এম এ ডিগ্ৰী লাভ কৰাৰ সময়ত তেওঁক শাস্ত্ৰী উপাধি প্ৰদান কৰা হয়। যিসকলে প্ৰথম শ্ৰেণী (উচ্চতম শ্ৰেণী) লাভ কৰিছিল তেওঁলোকক শাস্ত্ৰী উপাধি প্ৰদান কৰা হৈছিল আৰু তেওঁৰ বেটচ (শ্ৰেণী)ৰ একমাত্ৰ ছাত্ৰ আছিল তেওঁ। ইয়াৰ পিছত তেওঁ ১৮৭৮ চনত তেওঁ স্কুলত শিক্ষক হিচাপে যোগদান কৰে।[1][2]

পেছাদাৰী কেৰিয়াৰ

[সম্পাদনা কৰক]

শাস্ত্ৰীয়ে নিজৰ কৰ্মজীৱনত বহুতো গুৰুত্বপূৰ্ণ পদ অলংকৃত কৰিছিল। ১৮৮৩ চনত তেওঁ সংস্কৃত কলেজত অধ্যাপক হিচাপে নিযুক্ত হয়। একে সময়তে তেওঁ বংগ চৰকাৰৰ সহকাৰী অনুবাদক হিচাপেও কাম কৰিছিল। ১৮৮৬ চনৰ পৰা ১৮৯৪ চনলৈ সংস্কৃত কলেজত পাঠদান কৰাৰ লগতে তেওঁ বংগ লাইব্ৰেৰীৰ গ্ৰন্থাগাৰিক (লাইব্ৰেৰিয়ান) আছিল। ১৮৯৫ চনত তেওঁ প্ৰেচিডেন্সি কলেজৰ সংস্কৃত বিভাগৰ মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰে।[1][2]

১৮৯৮–৯৯ চনৰ শীতকালত তেওঁ নেপালত গৱেষণাৰ সময়ত ড° চেচিল বেণ্ডলক গৱেষণা কাৰ্যত সহায় কৰিছিল। সেই সময়ত তেওঁ ৰানা প্ৰধানমন্ত্ৰী বীৰ শ্বুমশ্বেৰ জং বাহাদুৰ ৰানাৰ ব্যক্তিগত দৰবাৰ গ্ৰন্থাগাৰৰ পৰা পাণ্ডুলিপিসমূহৰ তথ্য সংগ্ৰহ কৰিছিল। এই পাণ্ডুলিপিসমূহৰ সম্পূৰ্ণ তালিকাকৰণ পিছলৈ A Catalogue of Palm-Leaf and selected Paper Manuscripts belonging to the Durbar Library, Nepal (কলিকতা, ১৯০৫) শীৰ্ষক গ্ৰন্থ হিচাপে প্ৰকাশ পাইছিল। এই গ্ৰন্থখনত চেচিল বেণ্ডেলে ৰচিত এটা ঐতিহাসিক ভূমিকাও অন্তৰ্ভুক্ত আছিল, য'ত গোপাল ৰাজ বামশাৱলীৰ বিৱৰণো দিয়া হৈছে।[3]

১৯০০ চনত শাস্ত্ৰী সংস্কৃত কলেজৰ অধ্যক্ষ নিযুক্ত হয় আৰু ১৯০৮ চনলৈকে সেই পদত অধিষ্ঠিত থাকে। তাৰ পিছত তেওঁ চৰকাৰৰ তথ্য ব্যুৰোত যোগদান কৰে। ১৯২১ চনৰ পৰা ১৯২৪ চনলৈ তেওঁ ঢাকা বিশ্ববিদ্যালয়ত বাংলা আৰু সংস্কৃত বিভাগৰ অধ্যাপক আৰু বিভাগীয় মুৰব্বীৰূপে কাৰ্যনিৰ্বাহ কৰে।[1][2]

শাস্ত্ৰী এছিয়াটিক ছ'চাইটিৰ ভিতৰত বিভিন্ন পদত অধিষ্ঠিত আছিল আৰু দুবছৰ ধৰি ইয়াৰ সভাপতিৰ দায়িত্ব পালন কৰিছিল। লগতে তেওঁ বাৰ বছৰৰ বাবে বংগীয় সাহিত্য পৰিষদৰ সভাপতিও আছিল। লণ্ডনৰ ৰয়েল এছিয়াটিক ছ’চাইটিৰ তেওঁ এগৰাকী সন্মানীয় সদস্য আছিল।[1][2]

ৰচনাসমূহ

[সম্পাদনা কৰক]

শাস্ত্ৰীৰ প্ৰথম গৱেষণামূলক প্ৰবন্ধ আছিল “ভাৰত মহিলা”, যি তেওঁ ছাত্ৰ অৱস্থাত থাকোতেই সাময়িকী বংগদৰ্শনত প্ৰকাশ পাইছিল। পিছলৈ তেওঁ এই সাময়িকীখনৰ নিয়মীয়া লেখক হৈ পৰে। সেই সময়ত সাময়িকীখন সম্পাদনা কৰিছিল প্ৰখ্যাত বাঙালী সাহিত্যিক বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ে। শাস্ত্ৰীয়ে বিভিন্ন বিষয়ত প্ৰায় ত্ৰিশটা প্ৰবন্ধৰ লগতে উপন্যাসসমূহৰ সমালোচনাও লিখিছিল।

প্ৰখ্যাত ইণ্ডোলজিষ্ট ৰাজেন্দ্ৰলাল মিত্ৰৰ দ্বাৰাই শাস্ত্ৰী প্ৰথম গৱেষণাৰ সৈতে পৰিচিত হয়। মিত্ৰৰ স্বাস্থ্য অবনতি ঘটাৰ বাবে তেওঁ শাস্ত্ৰীক The Sanskrit Buddhist Literature of Nepal গ্ৰন্থখনৰ কামত সহায় কৰিবলৈ অনুৰোধ কৰে। এই কামত শাস্ত্ৰীয়ে সংস্কৃত ভাষাত পণ্ডিতসকলৰ দ্বাৰা লিখিত পাণ্ডুলিপিসমূহৰ বিৱৰণ ইংৰাজীলৈ অনুবাদ কৰিছিল। শাস্ত্ৰী এছিয়াটিক ছ'ছাইটিৰ মিত্ৰৰ সহকাৰীও আছিল। মিত্ৰৰ মৃত্যুৰ পিছত তেওঁ “Search of Sanskrit Manuscripts” কাৰ্যসূচীৰ কাৰ্যনিৰ্বাহী সঞ্চালক নিযুক্ত হয় আৰু Notices of Sanskrit MSS শীৰ্ষক গ্ৰন্থমালাৰ দশম খণ্ডৰ পৰা আগবঢ়াই নিয়ে।[1][4][5]

শাস্ত্ৰীয়ে আন কেইজনমান সহকৰ্মীৰ সহায়ত এছিয়াটিক ছ'ছাইটিৰ প্ৰায় দহ হাজাৰ পাণ্ডুলিপিৰ তালিকা প্ৰস্তুত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এই তালিকাৰ দীঘল ভূমিকা অংশত সংস্কৃত সাহিত্যৰ ইতিহাস সম্পৰ্কে অমূল্য তথ্য অন্তৰ্ভুক্ত আছে।[1]

লাহে লাহে শাস্ত্ৰী প্ৰাচীন বাঙালী পাণ্ডুলিপি সংগ্ৰহৰ প্ৰতি আগ্ৰহী হৈ উঠে আৰু ইয়াৰ ফলস্বৰূপে তেওঁ কেইবাবাৰো নেপাল ভ্ৰমণ কৰে। ১৯০৭ চনত নেপালৰ এখন গ্ৰন্থাগাৰত তেওঁ চৰ্যাগীতি বা চৰ্যাপদৰ পুথি আৱিষ্কাৰ কৰে।[1] এই পাণ্ডুলিপিসমূহৰ ওপৰত কৰা তেওঁৰ গভীৰ গৱেষণাৰ ফলস্বৰূপে চৰ্যাপদক বাংলা ভাষাৰ প্ৰাচীনতম জ্ঞাত নিদৰ্শন হিচাপে প্ৰতিষ্ঠা কৰা হয়।[1]

এই আৱিষ্কাৰ সম্পৰ্কে শাস্ত্ৰীয়ে ১৯১৬ চনত “হাজাব় বছব়েব় পুব়াণ বাংলা ভাষায় ব়চিত বৌদ্ধ গান ও দোঁহা” শীৰ্ষক গৱেষণাপত্ৰ প্ৰকাশ কৰে, যাৰ অৰ্থ হৈছে “এহাজাৰ বছৰ পুৰণি বাংলা ভাষাত ৰচিত বৌদ্ধ গীত আৰু দোঁহা”।[2][6]

শাস্ত্ৰী বহুতো প্ৰাচীন গ্ৰন্থৰ সংগ্ৰাহক আৰু প্ৰকাশক আছিল। তেওঁ অসংখ্য গৱেষণাপত্ৰ ৰচনা কৰিছিল আৰু এজন খ্যাতনামা ইতিহাসবিদ হিচাপে পৰিচিত আছিল। নিজৰ কৰ্মৰ স্বীকৃতি স্বৰূপে তেওঁ বহুতো পুৰস্কাৰ আৰু উপাধি লাভ কৰিছিল।[1]

তেওঁৰ উল্লেখযোগ্য বাংলা গ্ৰন্থসমূহৰ ভিতৰত আছে— বাল্মীকিৰ জয়, মেঘদূত ব্যাখ্যা, বেণেৰ মেয়ে (উপন্যাস), কাঞ্চনমালা (উপন্যাস), সচিত্ৰ ৰামায়ণ, প্ৰাচীন বাংলাৰ গৌৰৱ আৰু বৌদ্ধ ধৰ্ম[2]

তেওঁৰ উল্লেখযোগ্য ইংৰাজী ৰচনাসমূহ হৈছে— Magadhan Literature, Sanskrit Culture in Modern India আৰু Discovery of Living Buddhism in Bengal[2]

ইয়াৰ উপৰিও, শাস্ত্ৰীয়ে নেপালৰ কাঠমাণ্ডুৰ এখন গ্ৰন্থাগাৰত গুপ্ত লিপিত ৰচিত স্কন্দ পুৰাণৰ এখন প্ৰাচীন তালপাতৰ পাণ্ডুলিপি আৱিষ্কাৰ কৰিছিল।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.00 1.01 1.02 1.03 1.04 1.05 1.06 1.07 1.08 1.09 1.10 1.11 Chowdhury, Satyajit (2012). "Shastri, Haraprasad". In Islam, Sirajul; Jamal, Ahmed A.. Banglapedia: National Encyclopedia of Bangladesh (Second সম্পাদনা). Asiatic Society of Bangladesh. http://en.banglapedia.org/index.php?title=Shastri,_Haraprasad. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 2.6 2.7 2.8 Sansad Bangali Charitabhidhan. I (4th সম্পাদনা). Sahitya Samsad. 1998. পৃষ্ঠা. 612–613. ISBN 81-85626-65-0.  (in বঙালী)
  3. Durbar Library (Nepal); Shastri, Hara Prasad; Bendall, Cecil; Bengal (India) (1905) (en ভাষাত). A catalogue of palm-leaf & selected paper mss. belonging to the Durbar library, Nepal. প্ৰকাশক Calcutta: Printed at the Baptist mission Press. পৃষ্ঠা. Historical Introduction, p. 1. OCLC 894231596. http://catalog.hathitrust.org/api/volumes/oclc/40208823.html. 
  4. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Bhatacharyya নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  5. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Li নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  6. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; EIL নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]