সমললৈ যাওক

হৰমুজ দ্বীপ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হৰমুজ দ্বীপ
দ্বীপ
উপগ্ৰহৰ পৰা তোলা হৰমুজ দ্বীপৰ চিত্ৰ
উপগ্ৰহৰ পৰা তোলা হৰমুজ দ্বীপৰ চিত্ৰ
Map
হৰমুজ দ্বীপ is located in Persian Gulf
হৰমুজ দ্বীপ
হৰমুজ দ্বীপ
হৰমুজ দ্বীপ is located in Iran
হৰমুজ দ্বীপ
হৰমুজ দ্বীপ
স্থানাংক: 27°04′03″N 56°27′36″E / 27.0675°N 56.46°E / 27.0675; 56.46স্থানাংক: 27°04′03″N 56°27′36″E / 27.0675°N 56.46°E / 27.0675; 56.46
Country  ইৰান
Province Hormozgān
কালি
 • ভূমি ৪২ বৰ্গকিমি (১৬.২ বৰ্গমাইল)
উচ্চতা
১৮৬ মিটাৰ (৬১০ ফুট)
জনসংখ্যা
 • মুঠ
~৬,০০০
হৰমুজ জলদ্বীপৰ ঐতিহাসিক মানচিত্ৰত দ্বীপটোক অৰ্মুজ বুলি বানান কৰা দেখা গৈছে, ওপৰৰ সোঁফালে

হৰমুজ দ্বীপ বা হৰমোজ অথবা অৰমোজ এটা পাৰ্চী উপসাগৰীয় ইৰাণী দ্বীপ।

হৰমুজ দ্বীপৰ আয়তন ৪২ কিলোমিটাৰ (১৬ বৰ্গমাইল)। ইৰাণৰ উপকূলৰ পৰা ৮ কিলোমিটাৰ (৫ মাইল) দূৰত্বত হৰমুজ প্ৰণালীত অৱস্থিত এই দ্বীপটো হৰমোজগান প্ৰদেশৰ অংশ। ইয়াত জনবসতি কম যদিও ২০ শতিকাৰ শেষৰ ফালৰ পৰা কিছু বৃদ্ধি হৈছে।

ভূতত্ত্ব

[সম্পাদনা কৰক]

দ্বীপটো আৰু ইয়াৰ বিলসমূহৰ ৰঙা ৰঙৰ ৰঞ্জক পদাৰ্থ, যাক থলুৱা লোকে গোলক বুলি কয়, শৈল্পিক আৰু ৰান্ধনীশালৰ উদ্দেশ্যে আহৰণ কৰা হয়, আৰু ই পৰ্যটককো আকৰ্ষণ কৰে। ৰঞ্জকৰ অতিমাত্ৰা ব্যৱহাৰৰ ফলত হোৱা অৱক্ষয়ৰ কাৰণে পৰিৱেশ বিভাগে ইয়াক সুৰক্ষিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে।[1]

শিলবোৰৰ সমকেন্দ্ৰিক বিন্যাস ধৰা পেলোৱা উপগ্ৰহৰ ছবিবোৰে দেখুৱাইছে যে, প্ৰাচীন সাগৰীয় চেলৰ আৱৰ্জনাৰে গঠিত হৰমুজ দ্বীপটো নিমখৰ ডাঠ তৰপ যেন লাগে। এইবোৰে নিমখ দ্ৰৱীভূত কৰা ভূগৰ্ভস্থ পানীৰ অভাৱ আৰু বৰষুণৰ বাবে ক্ৰমান্বয়ে ঘটা বিকৃতিৰ বাবে, বৰফৰ দৰে বয় আৰু চাপ দিব পাৰে; এইদৰে ওপৰৰ অন্যান্য পলসৰ চেপি ধৰা চাপত বহু হাজাৰ বছৰ ধৰি লৱণ পৃষ্ঠৰ ওপৰলৈ উঠিবলৈ সক্ষম হৈছে আৰু সেই সময়ছোৱাত বিভিন্ন আকৃতিলৈ পৰিৱৰ্তন হৈ আহিছে। হৰমুজ দ্বীপৰ ভূতাত্ত্বিক বয়স প্ৰায় ৬০ কোটি বছৰ আৰু পানীৰ বাহিৰত ইয়াৰ জীৱনকাল প্ৰায় ৫০ হাজাৰ বছৰ।[2]

ইৰাণৰ দক্ষিণ উপকূল শুষ্কতা আৰু নিমখীয়া সাগৰীয় পানীৰ বাবে জনাজাত। দ্বীপটোৰ জলপথ আৰু বনৰীয়া চৰাইয়ে বহু পৰ্যটকক আকৰ্ষণ কৰে। হৰমুজত মেংগ্ৰোভ গছৰ অৰণ্য আছে: সাগৰীয় অৰণ্যত নিমখীয়া পানীৰ জোৱাৰ-ভাটাৰ অঞ্চলত বাস কৰা গছ আছে। কেতিয়াবা, বেছিভাগেই সাগৰৰ পানীত ডুব যায়, কিন্তু জীয়াই থাকে। শুদ্ধ পানীৰ প্ৰয়োজন নোহোৱাকৈয়ে ঘাঁহনিৰে গজি উঠে। এটা কাহিনীমতে এই পৌৰাণিক উদ্ভিদবিধ আদমৰ চকুলোৰ পৰাই উৎপত্তি হৈছে।[3]

দ্বীপটোক বাৰ্ডলাইফ ইণ্টাৰনেশ্যনেলে গুৰুত্বপূৰ্ণ চৰাই এলেকা (IBA) হিচাপে নিৰ্ধাৰণ কৰিছে, কাৰণ ই Saunders's terns, great thick-knees, and sooty gulls আদি চৰাইৰ বিচৰণ এলেকা।[4]

প্ৰাথমিক ইতিহাস

[সম্পাদনা কৰক]

দ্বীপটোত মানুহৰ উপস্থিতিৰ আদিম প্ৰমাণ হৈছে দ্বীপটোৰ পূব পাৰত আৱিষ্কাৰ হোৱা কেইবাটাও শিলৰ সামগ্ৰীৰ পৰা। চান্দ-দেৰাখ্ত নামৰ স্থানত এটা শিলৰ সৰঞ্জাম পোৱা গৈছিল, যিটো এটা উচ্চ সাগৰীয় শৈল সোপান আছিল।। এই স্থানত লেভাল’ইছ পদ্ধতিৰে বৈশিষ্ট্যপূৰ্ণ ৪০ হাজাৰ বছৰতকৈয়ো পুৰণি মধ্য প্ৰস্তৰ যুগৰ শৈল বৈশিষ্ট্যৰ সমষ্টি সৃষ্টি হয়।[5]

মধ্যযুগীয় ইতিহাস

[সম্পাদনা কৰক]

প্ৰাচীন গ্ৰীকসকলে অৰ্গানা (Όργανα) বুলি কোৱা আৰু ইছলামিক যুগত জাৰুন নামেৰে জনাজাত এই দ্বীপটো ৬০ কিলোমিটাৰ (৩৭ মাইল) দূৰৈৰ মূল ভূখণ্ডৰ গুৰুত্বপূৰ্ণ বন্দৰ চহৰ হৰমুজ (অৰ্মুছ)ৰ পৰা "হৰমুজ" নাম লাভ কৰে, যিখন জলপ্ৰণালীটোৰ দুয়োকাষৰ এটা সৰু ৰাজধানীক কেন্দ্ৰ আছিল। এই ৰাজ্যখনে মংগোলীয় শাসিত ইলখানটক স্মৰণ কৰে আৰু ই সামুদ্ৰিক বাণিজ্যৰ আয়ৰ এক গুৰুত্বপূৰ্ণ উৎস আছিল।[6] ১৩০০ চনৰ আশে-পাশে চহৰখনৰ শাসকে নিজৰ বাসগৃহটো দ্বীপটোলৈ স্থানান্তৰিত কৰাৰ সিদ্ধান্ত লয়, যাতে অভ্যন্তৰীণ অংশৰ পৰা মংগোলীয় আৰু তুৰ্কী গোটৰ আক্ৰমণৰ পৰা হাত সাৰিব পাৰে।[7] পাছলৈ শাসকে ইলখানটসকলৰ লগত শান্তি স্থাপন কৰে।

ইবন বাট্টুতাই দ্বীপটোৰ লগতে নিউ হৰমুজলৈও গৈছিল।[8]

পাৰ্চী উপসাগৰ আৰু লোহিত সাগৰত পৰ্তুগীজৰ উপস্থিতি। সেউজীয়া – পৰ্তুগীজ সম্পত্তি। গাঢ় সেউজীয়া, মিত্ৰতা বা অধীনতা।

আধুনিক যুগৰ আৰম্ভণি

[সম্পাদনা কৰক]

১৫০৫ চনত পৰ্তুগালৰ ৰজা প্ৰথম মেনুৱেলে আফ্ৰিকা আৰু পশ্চিম এছিয়াত সম্প্ৰসাৰণৰ নীতি প্ৰতিষ্ঠা কৰে। ভাৰত মহাসাগৰত পৰ্তুগীজ প্ৰভাৱ সম্প্ৰসাৰণৰ প্ৰয়াসৰ সময়ত পৰ্তুগীজ ড্যুক আফন্সো ডি আলবাকুৱেৰকে ১৫০৭ চনত এই দ্বীপটো দখল কৰে আৰু ইয়াক বৃহত্তৰ পৰ্তুগীজ সাম্ৰাজ্যত অন্তৰ্ভুক্ত কৰা হয়। পৰ্তুগীজসকলে সম্ভাৱ্য আক্ৰমণকাৰীক বাধা দিবলৈ দ্বীপটোত এটা দুৰ্গ নিৰ্মাণ কৰিছিল আৰু ইয়াক ফ’ৰ্ট অৱ আৱাৰ লেডী অৱ দ্য কনচেপচন বুলি নামকৰণ কৰিছিল। এই দ্বীপটো গোৱা, গুজৰাট আৰু ওচৰৰ কিশ্মলৈ যোৱা পৰ্তুগীজ জাহাজৰ জৰুৰীকালীন ষ্টপ অভাৰ পইণ্ট হৈ পৰিছিল। ১৫৫২ চনত এডমিৰেল আৰু মানচিত্ৰ নিৰ্মাতা পিৰি ৰেইছৰ অধীনত অট্টোমানসকলে দ্বীপটো ঘেৰাও কৰে।[9] ১৫৭৫ চনত অগাষ্টিনিয়ান সন্ন্যাসীৰ এটা দলে দ্বীপটোত বসতি স্থাপন কৰে আৰু ইয়াৰ পৰাই ১৬০২ চনত ইফছাহানত এটা মিছন স্থাপন কৰে।[10]

পাৰস্যৰ প্ৰথম শ্বাহ আব্বাছে স্থানীয় জনসাধাৰণক অবিশ্বাস কৰিছিল আৰু দ্বীপটোক বাণিজ্যিক কেন্দ্ৰ বা সামৰিক চকী হিচাপে ৰখাৰ প্ৰতি আগ্ৰহী নাছিল; বৰঞ্চ তেওঁ ওচৰৰ মূল ভূখণ্ডৰ বান্দৰ আব্বাছ বন্দৰ উন্নয়ন কৰে। হৰমুজৰ অৱনতি ঘটিল। ইয়াৰ বহু বাসিন্দাই ঋতু অনুসৰি মূল ভূখণ্ডৰ পুৰণি হৰমুজৰ চাৰিওফালে থকা নিজৰ পথাৰ আৰু বাগিচালৈ গুচি গৈছিল, কেৱল মাছমৰীয়াসকলেহে স্থায়ী বাসস্থানত আছিল। দ্বীপটোৱে কম পৰিমাণৰ শৈল লৱণ আৰু আইৰণ অক্সাইডৰ গোট ৰপ্তানি কৰি থাকিল, যিবোৰ পালতোলা জাহাজৰ বাবে বেলেষ্ট শিল হিচাপে ব্যৱহাৰ কৰা হৈছিল।[11]

আকৰ্ষণৰ উৎস

[সম্পাদনা কৰক]

ৰেড বীচ্চ

[সম্পাদনা কৰক]

উপকূলৰ তীৰত পাহাৰটো থকাৰ বাবে ৰঙা বীচ্চ আৰু ৰঙা সাগৰৰ ঢৌক এক অস্বাভাৱিকভাৱে দৃষ্টিনন্দন কৰি তোলে। পাৰৰ কাষেৰে খোজ কাঢ়ি যাওঁতে দৰ্শনাৰ্থীসকলে ধাতুৰ যৌগৰে তিৰবিৰাই থকা বালিৰ অঞ্চল প্ৰত্যক্ষ কৰিব পাৰে।[12]

ড° নাডালিয়ান মিউজিয়াম

[সম্পাদনা কৰক]
হৰমুজ দ্বীপৰ আহমদ নাডালিয়ানৰ সংগ্ৰহালয় আৰু গেলেৰী

হৰমুজ দ্বীপত ড° নাডালিয়ানৰ সংগ্ৰহালয় আছে, যাক হৰমুজ দ্বীপৰ “আহমদ নাডালিয়ানৰ সংগ্ৰহালয় আৰু গেলেৰী’’ বুলিও কোৱা হয়। ইয়াত আহমদ নাডালিয়ানৰ (জন্ম ১৯৬৩[13]) কৰ্মৰাজি দেখুওৱা হৈছে, যাৰ কৰ্মৰাজি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গেলেৰীত প্ৰদৰ্শিত হৈছে।[14] তেওঁৰ পৰিৱেশ শিল্প প্ৰকল্পসমূহৰ ভিতৰত শিলত খোদিত কামো আছে। এই সংগ্ৰহালয়ত স্থানীয় খিলঞ্জীয়া মহিলাসকলৰ কৰ্ম, সাগৰীয় জীৱৰ হাড়,[15] আৰু পুনঃব্যৱহৃত সামগ্ৰীৰে নিৰ্মিত পুতলাও প্ৰদৰ্শিত কৰা হৈছে।[16]

২০০৯ চনৰ মাৰ্চ মাহত পেৰাডাইজ আৰ্ট চেণ্টাৰ হিচাপে সৃষ্টি কৰা এই সংগ্ৰহালয়টোৰ নাম ২০১২ চনত বৰ্তমানৰ নামলৈ সলনি কৰা হয়। এই সময়ত স্থানীয় স্থাপত্যৰ পৰা অনুপ্ৰাণিত হৈ ইয়াৰ প্ৰৱেশদ্বাৰ পুনৰ নিৰ্মাণ কৰা হৈছিল।[17]

চিত্ৰশালা

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Hormuz, the rainbow island of Iran Archived 2020-03-28 at the Wayback Machine. Tehran Times (2017-10-14). Retrieved 2020-03-28.
  2. "دره مجسمه ها Statues Valley". هتل جزیره هرمز &#; Hotel in Hormuz island. https://hormuztour.com/%d8%aa%d9%81%d8%b1%db%8c%d8%ad%d8%a7%d8%aa-%d8%b3%d8%a7%d8%ad%d9%84%db%8c-%d8%ac%d8%b2%db%8c%d8%b1%d9%87-%d9%87%d8%b1%d9%85%d8%b2-%da%86%d9%86%d8%af-%d9%81%db%8c%d9%84%d9%85/। আহৰণ কৰা হৈছে: Mar 31, 2020. 
  3. "جنگل حرا mongrove forest". هتل جزیره هرمز &#; Hotel in Hormuz island. https://hormuztour.com। আহৰণ কৰা হৈছে: Mar 31, 2022. 
  4. "Hormoz Island". BirdLife InternationalBirdLife Data Zone. 2024. https://datazone.birdlife.org/site/factsheet/8160। আহৰণ কৰা হৈছে: 2024-09-06. 
  5. Zarei, Sepehr, (2021) The First Evidence of the Pleistocene Occupation in the Hormuz Island: A Preliminary Report, Bulletin of Miho Museum 21:101-110.
  6. Cambridge history of India, vol. 1, p.147
  7. H. Yule, The Book of Ser Marco Polo, 1903, vol. I, p. 110, quoting Abulfeda ("Hormuz was devastated by the incursions of the Tartars, and its people transferred their abode to an island in the sea called Zarun, near the continent, lying west of the old city.") and Odoric for the date.
  8. Battutah, Ibn (2002). The Travels of Ibn Battutah. প্ৰকাশক London: Picador. পৃষ্ঠা. 98–99,308. ISBN 9780330418799. 
  9. Pîrî Reis’in Hürmüz Seferi ve İdamı Hakkındaki Türk ve Portekiz Tarihçilerinin Düşünceleri Archived 2012-12-02 at the Wayback Machine Ertuğrul Önalp. Prof. Dr. Ankara Üniversitesi, Dil ve Tarih-Coğrafya Fakültesi, İspanyol Dili ve Edebiyatı Anabilim Dalı. (in Turkish)
  10. Gorder, Christian A. Van (5 January 2010) (en ভাষাত). Christianity in Persia and the Status of Non-Muslims in Modern Iran. Rowman & Littlefield. পৃষ্ঠা. 60. ISBN 978-0-7391-3611-9. https://www.google.com/books/edition/Christianity_in_Persia_and_the_Status_of/g1-bmFb-AkgC। আহৰণ কৰা হৈছে: 17 June 2025. 
  11. "HORMUZ ii. ISLAMIC PERIOD – Encyclopaedia Iranica". www.iranicaonline.org. http://www.iranicaonline.org/articles/hormuz-ii। আহৰণ কৰা হৈছে: Mar 31, 2020. 
  12. [/ "Hormuz island red beach"]. هتل جزیره هرمز &#; Hotel in Hormuz island. /। আহৰণ কৰা হৈছে: Mar 31, 2020. 
  13. "About". Dr. Nadalian. 31 August 2021. https://nadalian.com/en/about/। আহৰণ কৰা হৈছে: 14 February 2022. 
  14. "The Museum and Gallery of Dr. Ahamd Nadalian in Hormuz Island". Dr. Nadalian. 30 September 2021. https://nadalian.com/en/the-museum-of-dr-nadalian-in-hormuz-island/। আহৰণ কৰা হৈছে: 14 February 2022. 
  15. "The Museum of Dr. Ahmad Nadalian in Hormuz" (la ভাষাত). alaedin.travel. Archived from the original on 14 February 2022. https://web.archive.org/web/20220214074541/https://www.alaedin.travel/en/attractions/iran/hormuz/dr-nadalian-museum। আহৰণ কৰা হৈছে: 14 February 2022. 
  16. Rasaneh, Sirang (12 June 1906). "Dr. Ahmad Nadalian Museum & Gallery 2022 Tourist Attraction in Hormoz Island". Iran Tourism & Touring. Archived from the original on 14 February 2022. https://web.archive.org/web/20220214075432/https://www.itto.org/iran/attraction/ahmad-nadalian-museum-gallery-hormoz/। আহৰণ কৰা হৈছে: 14 February 2022. 
  17. "WWW.RiverArt.Net- Environmental Works by A. Nadalian هنر رودخانه: آثار دكتر احمد نادعليان". www.riverart.net. Archived from the original on March 1, 2020. https://web.archive.org/web/20200301145652/http://www.riverart.net/। আহৰণ কৰা হৈছে: Mar 31, 2020.