হৰমুজ প্ৰণালী
| হৰমুজ প্ৰণালী | |
|---|---|
উপগ্ৰহ চিত্ৰ | |
| স্থান | পাৰস্য উপসাগৰ–ওমান উপসাগৰ |
| স্থানাংক | 26°36′N 56°30′E / 26.6°N 56.5°Eস্থানাংক: 26°36′N 56°30′E / 26.6°N 56.5°E |
| প্ৰকাৰ | প্ৰণালী |
| অৱবাহিকা দেশ | ওমান, ইৰান, সংযুক্ত আৰৱ আমিৰাত |
| Islands | হৰমুজ দ্বীপ গেছম দ্বীপ |
| Settlements | |



হৰমুজ প্ৰণালী (/hɔːrˈmuːz/ ফাৰ্চী: تَنگِه هُرمُز Tangeh-ye Hormoz ⓘ, আৰবী: مَضيق هُرمُز Maḍīq Hurmuz) হৈছে এটি সংকীৰ্ণ জলপথ, যিয়ে পশ্চিমে পাৰস্য উপসাগৰক ওমান উপসাগৰ আৰু পূবে আৰৱ সাগৰৰ সৈতে সংযোগ কৰিছে আৰু ইৰানক আৰৱ উপদ্বীপৰ পৰা পৃথক কৰিছে।[1] ৩৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই প্ৰণালীটো পাৰস্য উপসাগৰৰ মাজেৰে বৈ গৈ ওমান আৰু ইৰানক সংযোগ কৰাৰ বিপৰীতে সংযুক্ত আৰৱ আমিৰাত আৰু ইৰানক পৃথক কৰিছে।
এই সামুদ্ৰিক পথটি আন্তৰ্জাতিকভাৱে খুবেই গুৰুত্বপূৰ্ণ কাৰণ খনিজতেলবাহী জাহাজৰ যাতায়াতৰ বাবে ইয়েই একমাত্ৰ পথ। বিশ্বজুৰি পেট্ৰʼলিয়াম পৰিবহণৰ ক্ষেত্ৰত প্ৰণালিটোৰ যথেষ্ট কৌশলগত গুৰুত্ব আছে। জলপথটোৰ আটাইতকৈ সংকীৰ্ণ অংশৰ দৈৰ্ঘ্য ২১ মাইল আৰু প্ৰস্থ দুই মাইল। আমেৰিকাৰ ইন্ধন তথ্য প্ৰশাসন কৰ্তৃপক্ষৰ মতে, ২০০৯ চনত সমুদ্ৰপথত বৈশ্বিক খনিজ তেল বাণিজ্যৰ ৩৩ শতাংশ হৰমুজ প্ৰণালীৰেই সম্পাদিত হৈছিল। ২০১৯ চনত হৰমুজ প্ৰণালীৰে এদিনতে এক কোটি ৯০ লাখ বেৰেল খনিজ তেল পৰিবাহিত হৈছিল। এই অঞ্চলেৰে তৈল পৰিবহণ নিৰ্বিঘ্ন ৰাখিবলৈ আমেৰিকাৰ যুদ্ধজাহাজবোৰে নিয়মিতভাৱে পাহাৰা দি আহিছে। হৰমুজ প্ৰণালীৰে পৰিবাহিত তৈলৰ বেছি ভাগেই এছিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু পশ্চিম ইউৰোপৰ বিভিন্ন দেশলৈ যায়। জাপানৰ আমদানিকৃত তৈলৰ তিনি-চতুৰ্থাংশ হৰমুজৰ ওপৰেৰে পাৰ হৈ যায়। আৰু চীনৰ আমদানিকৃত তৈলৰ আধায়ে হৰমুজ প্ৰণালীৰে পাৰ হয়। হৰমুজেৰে প্ৰতিদিনে ২০ লাখ বেৰেলৰ দৰে তৈলজাত দ্ৰব্য ৰপ্তানি হৈয়েই থাকে। তৰলীকৃত গেছো ইয়াত অন্তৰ্ভুক্ত থাকো।[2][3][4]
ব্যুৎপত্তি
[সম্পাদনা কৰক]পাৰস্যৰ ৰজা দ্বিতীয় শ্বাপুৰৰ মাতৃ ইফ্ৰা হুৰমিজদৰ নামৰ পৰা হৰমুজ প্ৰণালীৰ নামটো অহা বুলি ধাৰণা কৰা হয়। ৩০৯ খ্ৰীষ্টাব্দৰ পৰা ৩৭৯ খ্ৰীষ্টাব্দলৈ তেওঁ পাৰস্যত ৰাজত্ব কৰিছিল।
প্ৰথম শতিকাৰ নাৱিকসকলৰ বাবে ৰচিত গাইডবুক পেৰিপ্লাছ অৱ দ্য ইৰিথ্ৰিয়ান ছি-ত পাৰস্য উপসাগৰৰ প্ৰৱেশদ্বাৰৰ বিষয়ে বৰ্ণনা কৰা হৈছে যদিও প্ৰণালীটোৰ নাম উল্লেখ কৰা হোৱা নাই:
এই কালাই দ্বীপপুঞ্জৰ ওপৰৰ ফালে আছে কালন নামৰ এটি পৰ্বতশ্ৰেণী, আৰু ইয়াৰ কিছু দূৰৈতে আৰম্ভ হয় পাৰস্য উপসাগৰৰ মুখ, যʼত মুকুতা আহৰণৰ বাবে বহু ডুব দিয়া হয়। প্ৰণালীৰ বাওঁফালে আছে আছাবন নামৰ এক বিশাল পাহাৰ, আৰু সোঁফালে আছে আৰু এটি ঘূৰণীয়া আৰু ওখ পাহাৰ, যাৰ নাম ছেমিৰামিছ; এই দুই পৰ্বতৰ মাজেৰে প্ৰণালীৰ প্ৰস্থ প্ৰায় ৬০০ ষ্টেডিয়া; ইয়াৰ পিছত আৰম্ভ হয় বিশাল আৰু প্ৰশস্ত পাৰস্য উপসাগৰ, যি বহু দূৰলৈকে বিস্তৃত। এই উপসাগৰৰ শেষপ্ৰান্তত এটি বজাৰ চহৰ আছে, যাৰ নাম আইনগতভাৱে নিৰ্ধাৰিত ‘আপোলোগাছ’, ই চাৰাক্স স্পাছিনি ও ইউফ্ৰেটিছ নদীৰ তীৰত অৱস্থিত।—পেৰিপ্লাছ অৱ দ্য ইৰিথ্ৰিয়ান, অধ্যায় ৩৫
দশম আৰু সপ্তদশ শতিকাৰ মাজত এই অঞ্চলটোতেই হৰমুজ ৰাজ্য আছিল, যʼৰ পৰা এই প্ৰণালীটোৰ নামটো লোৱা বুলি ভবা হয়। ইতিহাসবিদ আৰু ভাষাবিদসকলৰ মতে "হৰমুজ" নামটো স্থানীয় ফাৰ্চী শব্দ هورمغ হুৰ-মুগ ৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে খেজুৰ গছ।[5][সন্দেহজনক ] হুৰমোজ আৰু মিনাব অঞ্চলৰ স্থানীয় উপভাষাত এই প্ৰণালীটোক এতিয়াও "হুৰমঘ" বুলি কোৱা হয়, ইয়াৰ অৰ্থও একেই।[উদ্ধৃতিৰ প্ৰয়োজন] এই শব্দটো জৰথুষ্ট্ৰীয় দেৱতা هرمز হৰমুজ (অহুৰ মাজদাৰ আন এটা নাম) নামৰ সাদৃশ্যৰ বাবে বহুতে বিশ্বাস কৰে যে এই দুটা শব্দৰ মাজত সম্পৰ্ক আছে।[উদ্ধৃতিৰ প্ৰয়োজন]
হাবছান-ফুজিৰাহ তৈল পাইপলাইন
[সম্পাদনা কৰক]৩৬০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই প্ৰণালীটো সাগৰীয় পথৰ বিকল্প হিচাপে নিৰ্মাণ কৰা হৈছিল।
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ Daniel J. Hopkins, ed. (1997), Merriam-Webster's Geographical Dictionary, Merriam-Webster, p. 495
- ↑ হৰমুজ প্ৰণালি কেন গুৰুত্বপূৰ্ণ (ভিডিও) Archived 2014-03-12 at the Wayback Machine,অনলাইন ডেস্ক, দৈনিক প্ৰথম আলো। ঢাকা থেকে প্ৰকাশেৰ তাৰিখ: ৩১-১২-২০১১ খ্ৰিষ্টাব্দ।
- ↑ প্ৰতিবেদক, নিজস্ব (2019-07-19). "হৰমুজ প্ৰণালি নিয়ে নতুন পৰিকল্পনা যুক্তৰাষ্ট্ৰেৰ" (bn ভাষাত). দৈনিক প্ৰথম আলো. https://www.prothomalo.com/world/asia/%E0%A6%B9%E0%A6%B0%E0%A6%AE%E0%A7%81%E0%A6%9C-%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A3%E0%A6%BE%E0%A6%B2%E0%A6%BF-%E0%A6%A8%E0%A6%BF%E0%A7%9F%E0%A7%87-%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8-%E0%A6%AA%E0%A6%B0%E0%A6%BF%E0%A6%95%E0%A6%B2%E0%A7%8D%E0%A6%AA%E0%A6%A8%E0%A6%BE-%E0%A6%AF%E0%A7%81%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A6%B0%E0%A7%87%E0%A6%B0। আহৰণ কৰা হৈছে: 2024-12-28.
- ↑ Municipality of Minab Archived 6 July 2018 at the Wayback Machine, (in Persian). Retrieved 30 December 2011.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত হৰমুজ প্ৰণালী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Robert Strauss Center's Hormuz website: background on the political, economic, business, technical, and military issues
- Strait of Hormuz website Archived 7 August 2020 at the Wayback Machine, includes antique maps.
- Federation of American Scientists about the weapons on the islands FAS.org
- Strait of Hormuz – U.K. Admiralty Chart 2888 (excerpt) (1580 pixels)
- How Great a Concern? Iranian threats to close the Strait of Hormuz, briefly describes offense-defense balance in the Strait and links to articles in the journal, International Security, as well as a map of the Strait and surrounding region
- Politics of Strait of Hormuz Archived 1 January 2016 at the Wayback Machine - PressTV (2012)