হৰিচন্দ মেঘ দালায়া
| এইচ্ছ. এইম. দালায়া হৰিচন্দ মেঘ দালায়া | |
|---|---|
| জন্ম | ২২ অক্টোবৰ, ১৯২১ ঔপনিৱেশিক ভাৰতৰ কৰাচীত (বৰ্তমান পাকিস্তানৰ অংশ) |
| মৃত্যু | ১৪ ছেপ্টেম্বৰ, ২০০৪ (৮২ বছৰ) পুণে, ভাৰত |
| শিক্ষা | পুনে কৃষি অভিযান্ত্ৰিক মহাবিদ্যালয়,১৯৪৪ ডেইৰী টেকন’লজিত স্নাতকোত্তৰ ডিগ্ৰী, মিচিগান ষ্টেট ইউনিভাৰ্চিটি,১৯৪৮ |
| জনা যায় | স্প্ৰে কৰি শুকুৱাই লোৱা ম’হৰ গাখীৰ আৱিষ্কাৰ |
| বঁটা, সন্মান, পুৰস্কাৰ আদি | ভাৰতীয় ব্যৱসায়ী চেম্বাৰৰ দ্বাৰা দুগ্ধ উদ্যোগত কৃতিত্ব বঁটা - ১৯৮০ ভাৰতীয় দুগ্ধ সংস্থাৰ ফেল'শ্বিপ বঁটা - ১৯৮৯ |
হৰিচন্দ মেঘ দালায়া (ইংৰাজী: Harichand Megha Dalaya) (২২ অক্টোবৰ ১৯২১ – ১৪ ছেপ্টেম্বৰ ২০০৪) বিশ্বৰ প্ৰথমটো ম'হৰ গাখীৰৰ বাবে স্প্ৰে-ড্ৰাইয়াৰৰ উদ্ভাৱক আছিল। তেওঁৰ এই উদ্ভাৱনে ভাৰতৰ দুগ্ধ পালন উদ্যোগত (অপাৰেচন ফ্লাড) বৈপ্লৱিক পৰিৱৰ্তন আনিছিল আৰু আমুল সমবায়ৰ অপৰিসীম সফলতাৰ ভেটি স্থাপন কৰিছিল।[1]
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]১৯২১ চনৰ ২২ অক্টোবৰত ঔপনিৱেশিক ভাৰতৰ কৰাচীত এইচ এম দালায়াৰ জন্ম হৈছিল। তেওঁৰ পিতৃ-মাতৃৰ ঘৰ মথুৰাত আছিল আৰু তেওঁলোক সফল দুগ্ধ পালক আছিল।[1]
১৯৪৪ চনত পুণেৰ পুনেৰ কৃষি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা দালায়াই স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৪৮ চনত মিচিগানৰ মিচিগান ষ্টেট ইউনিভাৰ্চিটিৰ পৰা ডেইৰী টেকন’লজিত তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৫০ চনত তেওঁ বষ্টনৰ হাৰ্ভাৰ্ড বিজনেছ স্কুলৰ পৰা এডভান্সড বিজনেছ মেনেজমেণ্ট প্ৰগ্ৰেম সম্পূৰ্ণ কৰে।[1]
পঢ়া-শুনা সমাপ্ত কৰাত পিছত এইচ এম দালায়া পুনৰ নতুন স্বাধীন ভাৰতলৈ উভতি আহে। বিভাজনৰ ফলত কৰাচীত তেওঁৰ পৰিয়ালে মাটি হেৰুৱাইছিল, যি বৰ্তমান পাকিস্তানৰ অংশ। ভৱিষ্যত জীৱন তেওঁ নতুনকৈ আৰম্ভ কৰিবলৈ আমেৰিকালৈ উভতি যোৱাৰ চিন্তা কৰিলে।[1]
টাৰ্ণিং পইণ্ট
[সম্পাদনা কৰক]তেওঁৰ বন্ধু ভাৰ্গেজ কুৰিয়েনে তেওঁক আমুললৈ যাবলৈ পতিয়ন নিয়াইছিল৷ তেওঁ কৈছিল "এসপ্তাহমানৰ বাবে আহি চোৱা৷ ভাল লাগেনে নাই৷"[1] আমুল তেওঁৰ জীৱনৰ আহ্বান হিচাপে পৰিগণিত হ'ল আৰু এইচ এম দালায়া অৱসৰ নোলোৱালৈকে তাতেই থাকিল।
খেড়া জিলাত ম’হৰ গাখীৰ প্ৰচুৰ পৰিমাণে আছিল যদিও প্ৰযুক্তিগত বাধাৰ বাবে ইয়াক বৃহৎ বজাৰলৈ লৈ যোৱাৰ সম্ভাৱনা সীমিত আছিল। সম্প্ৰসাৰণৰ বাবে কাইৰা সমবায় দুগ্ধ উৎপাদক সংঘই (আমুল) এই উদ্বৃত্ত গাখীৰক গুড়িলৈ ৰূপান্তৰিত কৰাৰ পৰিকল্পনা কৰিবলগীয়া হৈছিল। গুড়ি ৰূপত গাখীৰক অধিক দূৰত্বৰ বৃহৎ বজাৰ আৰু গাখীৰৰ পৰা বঞ্চিত অঞ্চললৈ লৈ যাব পৰা যায়৷[1]
কিন্তু সেই সময়ত ম’হৰ গাখীৰ স্প্ৰে’ কৰি শুকুৱাই লোৱাৰ প্ৰযুক্তি নাছিল। কেৱল গৰুৰ গাখীৰহে ৰূপান্তৰ কৰা হৈছিল। বিশ্বজুৰি দুগ্ধ বিশেষজ্ঞসকলৰ সমূহীয়া একমত আছিল যে ম'হৰ গাখীৰত চৰ্বিৰ পৰিমাণ বেছি হোৱাৰ বাবে স্প্ৰে'ৰে শুকুৱাব নোৱাৰি।[2] এইচ এম দালায়া তাত পতিয়ন যোৱা নাছিল আৰু তেওঁ নিজৰ কথা প্ৰমাণ কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ আছিল।
প্ৰযুক্তিগত অগ্ৰগতি
[সম্পাদনা কৰক]১৯৫৫ চনত তেওঁৰ তীক্ষ্ণ প্ৰযুক্তিগত জ্ঞান আৰু অভিযান্ত্ৰিক পাৰদৰ্শিতাৰ ফলত গুজৰাটৰ আমুল ডেইৰীত পেটেণ্টযুক্ত স্প্ৰে ড্ৰাই ইকুইপমেণ্ট সংস্থাপিত কৰা হয়৷ যি বিশ্বৰ প্ৰথম ম'হৰ গাখীৰ স্প্ৰে-ড্ৰাইয়াৰ।[3]
ছবি-ভঁৰাল
[সম্পাদনা কৰক]-
আমুল ত্ৰিমূৰ্তি: ভাৰ্গিজ কুৰিয়েন, ত্ৰিভুৱনদাস কিশিভাই পেটেল, আৰু হৰিচন্দ মেঘা দালায়া
-
ৱেলছৰ ৰাজকুমাৰ ৰাজকুমাৰ চাৰ্লছ আৰু মোৰাৰজী দেশাইক আমুল ডেইৰীলৈ আদৰণি জনোৱা এইচ এম ডালায়াই (১৯৮০)
-
মাধৱ সিং সোলাংকি, এইচ এম দালায়া, প্ৰিন্স চাৰ্লছ আৰু মোৰাৰজী দেশাইয়ে আমুলৰ মাখন উৎপাদন (১৯৮০) পৰ্যবেক্ষণ কৰে।
-
মনুভাই পেটেল, মাধৱ সিং সোলাংকি, এইচ এম দালায়া আৰু প্ৰিন্স চাৰ্লছ আমুলৰ মাখন প্ৰস্তুত কৰা কাৰখানাৰ সন্মুখত (১৯৮০)
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 1.4 1.5 Heredia, Ruth (1997) (en ভাষাত). The Amul India Story. Tata McGraw-Hill Education. ISBN 978-0-07-463160-7. https://books.google.com/books?id=TYEkjpYkHrMC&q=kurien+dalaya+meeting&pg=PA83.
- ↑ DAMODARAN, HARISH (13 September 2012). "The Amul trinity" (en ভাষাত). @businessline. https://www.thehindubusinessline.com/news/variety/the-amul-trinity/article23030592.ece। আহৰণ কৰা হৈছে: 2021-01-31.
- ↑ Vittal, Nagarajan (2007) (en ভাষাত). Roots of Effective Governance. Icfai University Press. ISBN 978-81-314-1156-8. https://books.google.com/books?id=zPnp2_9zR0UC&q=niro+atomiser+dalaya&pg=PA153.