সমললৈ যাওক

হৰিণী মহিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

হৰিণী মহিলা (Eng : Deer Lady) উত্তৰ আমেৰিকাৰ আদিবাসী সংস্কৃতিত এক গুপ্তশক্তিসম্পন্ন প্ৰেতাত্মা, যাৰ স্বভাৱ আৰু গুণবোৰ পৰিস্থিতি অনুসৰি সলনি হয়। বিশেষকৈ মহিলা আৰু শিশুসকলক কষ্ট দিয়া পুৰুষসকলৰ বাবে,এই প্ৰেতাত্মাই প্ৰতিশোধপৰায়ণ আৰু ভয়ংকৰ ৰূপত দেখা দিয়ে। ই এগৰাকী সুন্দৰী‌যুৱতীৰ ৰূপ ধৰে, যাৰ ভৰিবোৰ হৰিণৰ দৰে। আন কেতবোৰ সময়ত, ই সম্পূৰ্ণৰূপে এটা হৰিণৰ ৰূপো ল'ব পাৰে। এই আত্মাই অমানবীয় শক্তিৰে অপৰাধী পুৰুষসকলক প্ৰলুব্ধ কৰে আৰু তেওঁলোকক মৃত্যুৰ ফান্দত পেলায়।[1][ইয়াতকৈ ভাল উৎসৰ প্ৰয়োজন]

লোককথা আৰু জনবিশ্বাস

[সম্পাদনা কৰক]

হৰিণী মহিলাৰ কাহিনী বহু আদিবাসী আমেৰিকান গোটৰ মাজত পোৱা যায়, যেনে: লাকোটা (Oceti Sakowin), ওজিব্বৱে (Ojibwe), পোনকা (Ponca), ওমাহা (Omaha), চেৰোকী (Cherokee), মাচকোগি (Muscogee), ছেমিনোল (Seminole), চোকটো (Choctaw), ওটো (Otoe), ওসাজ (Osage), পাউনী (Pawnee), আৰু হাউদেনোচোনি (Haudenosaunee)। কিছুমান লোকে কয় যে এই প্ৰেতাত্মা মূলত "লিটল পিপুল" (Little People) বা ক্ষুদ্ৰ আত্মাসকলৰ অন্যতম।[2]

সমাজত হৰিণী মহিলাৰ ভূমিকা

[সম্পাদনা কৰক]

যদিও লিটল পিপুলবোৰ কিছু সময়ত মানুহৰ বাবে অশুভ হ’ব পাৰে, তথাপিও তেওঁলোকে সমাজৰ শৃংখলা বজাই ৰাখিবলৈ বিশেষ ভূমিকা গ্ৰহণ কৰে।[3] হৰিণী মহিলাৰ মূল লক্ষ্য হ'ল অপৰাধ, অশ্লীলতা আৰু বিশ্বাসঘাতকতাৰ পৰা মানুহক দূৰত ৰখা।[4] কিছুমান বিশ্বাস অনুসৰি, এওঁলোকৰ আত্মীয় বজ্ৰ (Thunder)ক্ৰোধিত হ'লে, যিজন মানুহ দোষী তেওঁ তৎক্ষণাত মৃত্যুবৰণ কৰে।[3] [4] তেওঁলোকৰ অলৌকিক জ্ঞান আছে, যি জ্ঞান মাত্ৰ শুদ্ধ আৰু পবিত্ৰ উপায়েৰে লাভ কৰিব পাৰি। এই জ্ঞান পুৰুষানুক্ৰমে মানৱ জাতিয়ে লাভ কৰে।

কিছুমান কাহিনীত কোৱা হয়, হৰিণী মহিলাৰ উপস্থিতি কোনো ব্যক্তিৰ জীৱনলৈ অহা পৰিবৰ্তন বা বিপদৰ সংকেত হ’ব পাৰে। ইহঁতে নৃত্য ভাল পায় আৰু কেতিয়াবা গোপনে কোনো সমাজৰ নৃত্যত অংশ গ্ৰহণ কৰে আৰু ঢোলৰ শব্দ বন্ধ হ’লে মুহূৰ্ততে অদৃশ্য হৈ যায়।[5] কিছুমান লোকে কয়, ই যদি অনাকাংক্ষিতভাৱে ওলায়, তেতিয়া কিবা বিপদ ঘটিবও পাৰে।

হৰিণী মহিলা মাত্ৰ এক সাধাৰণ প্ৰেতাত্মা নহয়; ই এক শক্তিশালী প্ৰেতাত্মা, যি সমাজৰ নীতি-নিয়ম ৰক্ষা কৰে আৰু অপৰাধীসকলৰ শাস্তি নিশ্চিত কৰে। 

লাকোটাৰ দৃষ্টিত

[সম্পাদনা কৰক]

লাকোটা গোষ্ঠীৰ লোকে হৰিণী মহিলাক অনুকিতে বুলি কয়। প্ৰথম পুৰুষ আৰু প্ৰথম নাৰীৰ ইটে (মুখ) নামৰ এটি সুন্দৰী জীয়াৰী আছিল। টাটে (পৱন) তেওঁৰ প্ৰেমত পৰিল আৰু দুয়ো বিবাহপাশত আৱদ্ধ হ'ল। তেওঁলোকৰ চাৰিজন সন্তান জন্ম হ'ল। এওঁলোকক চাৰি পৱন বুলি জনা যায়। টাটে দেৱতা হ'ব বিচাৰিছিল আৰু ইংক্তমি (ঠগ মকৰা) ৰ সহায় লৈছিল। ইংক্তমিয়ে সূৰ্য্যক ইটেৰ প্ৰেমত পৰিবলৈ বাধ্য কৰিছিল। এক উৎসৱত, ইটে সূৰ্য্যৰ পত্নী চন্দ্ৰৰ আসনত বহিছিল। এই অসম্মানজনক ব্যৱহাৰৰ বাবে, আকাশে ইটেক স্বৰ্গৰ পৰা পৃথিৱীলৈ খেদি পঠালে। ফলস্বৰূপে, তেওঁৰ মুখৰ এটা অংশ বিকৃত হৈ পৰিল আৰু তেওঁক অনুকিতে (দুখন মুখৰ নাৰী ) বা উইনিয়ান নুম্পা (দুই নাৰী) বুলি জনা গ'ল।[6]

অনুকিতে মানুহৰ সপোন বা সন্মোহিত অৱস্থাত আৱিৰ্ভাৱ হয়, কেতিয়াবা এজনী হৰিণী হিচাপে বা কেতিয়াবা দুজনী হৰিণী মহিলাৰ ৰূপত—এজনী বগা-নেজীয়া হৰিণী আৰু আনজনী ক'লা-নেজীয়া। এই দুটা পৃথক দিশ উপযুক্ত আৰু অনুপযুক্ত যৌন সম্পৰ্কৰ প্ৰতীক। জনবিশ্বাস অনুসৰি, যদি কোনো পুৰুষে অনুকিতেৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰে, তেওঁ উন্মাদ হৈ পৰে। আনহাতে, যদি কোনো মহিলাই অনুকিতেক সপোনত দেখে, তেওঁ শক্তিশালী, অধিক আকৰ্ষণীয় বা শিল্পসুলভ ক্ষমতা লাভ কৰে, যদিহে তেওঁ সঠিক সিদ্ধান্ত সোনকালে গ্ৰহণ কৰে |[6]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Deer Woman". Native Languages. http://www.native-languages.org/deer-woman.htm আহৰণ কৰা হৈছে: 17 November 2016.
  2. Russow, Kurt (2013). ""Gazing at Her Cloven Feats:" Mythic Tradition and "The Sacred Way of Women" in Paula Gunn Allen's "Deer Woman"". Femspec খণ্ড 13 (2): 25–39, 97.
  3. 1 2 Dunn, Carolyn."Deer Woman and the Living Myth of the Dreamtime." Endicott lournal of Mythic Arts (2003), Web. 11 June 2009
  4. 1 2 Allen, Paula Gunn. "Deer Woman." Grandmothers of the Light: a Medicine Woman's Sourcebook. Boston: Beacon P, 1991.185-194
  5. LaDuke, Winona Last Standing Woman Page 243 Published by Voyageur Press, 1997 আই.এচ.বি.এন. 0-89658-452-6 Accessed via google Book October 12, 2008
  6. 1 2 Crawford, Suzanne J.; Kelley, Dennis F. (2005). American Indian Religious Traditions. প্ৰকাশক Santa Barbara, CA: ABC-CLIO. পৃষ্ঠা. 651. ISBN 1-57607-517-6.