সমললৈ যাওক

হৰিদাস পাল

অসমীয়া ৱিকিপিডিয়াৰ পৰা

হৰিদাস পাল হৈছে 'পাল' উপাধি থকা এজন বাঙালী হিন্দু ব্যক্তিৰ নাম। কোৱা হয় যে, এই নামৰ ব্যক্তি এক সময়ত বাংলাত ধনী, মহানুভৱ আৰু প্ৰভাৱশালী ব্যক্তি আছিল। বিপুল বিত্তশালী হয়েও সৎ আৰু দয়ালু ব্যক্তি হিচাপে সমাজত গৌৰৱ অৰ্জন কৰিছিল। বৰ্তমান বাংলা ভাষাত "হৰিদাস পাল" নামটো এটা প্ৰবাদ ৰূপে পৰিণত হৈছে। কোনো অপযোৰ্গ ব্যক্তি বা তুচ্ছ প্ৰত্যাহ্বানৰ ক্ষেত্ৰত ই ব্যৱহাৰ কৰা হয়, যেনে - "তুমি কোন হৰিদাস পাল হে?" এই বাক্যৰ মাজত ব্যক্তিগত তুচ্ছীকৰণ থাকিলেও, মূল "হৰিদাস পাল"ৰ মহানুভৱতা অচেতনভাৱে সন্মানিত হয়।[1][2] বংগত বিগত পাঁচ-ছয় দশক ধৰি বাঙালীসকলে ইচ্ছাকৃতভাৱে কোনো ব্যক্তিক হেয়জ্ঞান আৰু তুচ্ছজ্ঞান কৰিবলৈ কোনো সংকোচ নকৰাকৈ "হৰিদাস পাল" নামটো ব্যৱহাৰ কৰি আহিছে। আৰু ঠিক সেইবাবেই পাল উপাধি থকা পৰিয়ালত নৱজাতকৰ নাম কেতিয়াও "হৰিদাস" ৰখা নহয়।

উৎপত্তি

[সম্পাদনা কৰক]

কথিত মতে, ১৮৭৬ খৃষ্টাব্দত অবিভক্ত বাংলাৰ ৰিষড়াত এটা দৰিদ্ৰ গন্ধবণিক পৰিয়ালত হৰিদাস পালৰ জন্ম হৈছিল। তেওঁৰ পিতৃ আছিল নিতাইচৰণ পাল।[3] ১৮৯২ খৃষ্টাব্দত তেওঁ কলকাতালৈ গৈ এটা সোণৰ দোকানত কাম কৰিবলৈ ল'লে। ১৮৯৭ খৃষ্টাব্দত নিঃসন্তান ধনী ব্যক্তিজনৰ মৃত্যু হোৱাত তেওঁ সম্পত্তিৰ উত্তৰাধিকাৰী হয়। তাৰ পিছত, তেওঁ কলকাতাৰ বৰোবজাৰত কাঁচ আৰু লণ্ঠনৰ ব্যৱসায় আৰম্ভ কৰে। তেওঁৰ সততা আৰু পৰিশ্ৰমৰ ফলত ব্যৱসায় বৃদ্ধি পায় আৰু গুৱাহাটীলৈকে বিস্তৃত হয়। তেওঁ দানী ব্যক্তি আছিল আৰু শিক্ষামূলক কাৰ্যৰ লগত জড়িত আছিল। ১৯৩৩ খৃষ্টাব্দত হৰিদাস পাল কিডনীৰ অসুখত মৃত্যু প্ৰাপ্ত হয়। ১৯৬৫ খৃষ্টাব্দত কলকাতা কৰ্পোৰেশনে তেওঁৰ সন্মানত কলেজ লেনৰ নাম সলনি কৰি "হৰিদাস পাল লেন" ৰাখে।[3]

অন্য এক জনশ্ৰুতি মতে, হৰিদাস পাল আছিল বাংলাদেশৰ হৰিপুৰ গাঁৱৰ ধনী ব্যক্তি। তেওঁ ইংৰাজ চৰকাৰৰ অনুগ্ৰহত বিত্তশালী হৈছিল, কিন্তু ভোগবিলাস আৰু অতিমাত্ৰা দান-ধ্যানৰ বাবে তেওঁৰ সমস্ত সম্পত্তি নষ্ট হৈ যায়। তেতিয়া, তেওঁ সহায় বিচাৰিবলৈ এজন প্ৰাক্তন কৰ্মচাৰীৰ ওচৰলৈ গৈছিল, যিয়ে তেওঁক চিনিব নোৱাৰি কৈছিল - "তুমি কোন হৰিদাস পাল হে?"[4]। এই ভদ্ৰলোকৰ নামৰ পৰাই এই ফকৰাটোৰ নাম আহিছে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]