সমললৈ যাওক

হৰি দেৱী কৈৰালা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হৰি দেৱী কৈৰালা
हरिदेवी कोइराला
জন্ম নাম হৰি দেৱী ভট্টৰায়
জন্ম ৩০ মাৰ্চ, ১৯৫৯ (৬৭ বছৰ)
পোখৰা, গণ্ডকী ৰাজ্য, নেপাল
উৎসস্থান কাঠমাণ্ডু, নেপাল
সংগীতৰ ধৰণ লোক-সংগীত
পেচা গায়িকা

হৰি দেৱী কৈৰালা (নেপালী: हरिदेवी कोइराला; জন্ম: ৩০ মাৰ্চ ১৯৫৯) এগৰাকী নেপালী গায়িকা। ৫ দশকজোৰা তেওঁৰ সংগীত জীৱনত প্ৰায় ৮০০ৰো অধিক গীত গাইছে আৰু ৮০ খনতকৈও অধিক এলবাম বাণীবদ্ধ কৰিছে। কৈৰালাই সাহিত্য, সংগীত, আৰু সামাজিক সংগঠনৰ পৰা ২৫০ টাতকৈও অধিক বঁটা লাভ কৰিছে। কাঠমাণ্ডুত প্ৰথম এলবাম পাইনা খবৰা বাণীবদ্ধ কৰাৰ পিছৰে পৰা তেওঁ দ্ৰুতগতিত খ্যাতি লাভ কৰে। তেওঁৰ কিছুমান জনপ্ৰিয় গীতৰ ভিতৰত "আইনা হেৰেৰা", "পাইনা খবৰ", "ফুলকো বসনা", "ঝিল ঝিল সীতাৰা", আৰু "আমা টিম্ৰো দুধকো ভাৰলে" আদি অন্যতম।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৫৯ চনৰ ৩০ মাৰ্চত নেপালৰ গণ্ডকী প্ৰদেশৰ পোখৰাত হৰি দেৱীৰ জন্ম হৈছিল৷ তেওঁৰ নাম পিতৃৰ যোগেন্দ্ৰ বাহাদুৰ ভট্টৰায় আৰু মাতৃৰ নাম জগত কুমাৰী ভট্টৰায়।[1][2] হিন্দু দেৱতা বিষ্ণুৰ নামেৰে আইতাকে তেওঁৰ নাম হৰি ৰাখিছিল।[2] তেওঁ শৈশৱত নিজৰ নামটো পছন্দ কৰা নাছিল।[2] কৈৰালা তেওঁৰ পৰিয়ালৰ চৈধ্যটা সন্তানৰ ভিতৰত অষ্টম সন্তান আছিল।[2] সৰুতে তেওঁ কবিতা আৰু গীত লিখিছিল।[2] প্ৰতিদিনে পুৱা তেওঁ আইতাকৰ বাবে গীত গাইছিল।[2] নাৰায়ণ গোপাল, তাৰা দেৱী, অৰুণা লামা, ৰাম কৃষ্ণ ঢকাল, লোক বাহাদুৰ ছেত্ৰী, ধৰ্মৰাজ থাপা, ঝলক মান গণ্ডৰ্ভ আদি গায়কসকলৰ দ্বাৰা কৈৰালা প্ৰভাৱিত হৈছিল।[1] তেওঁৰ প্ৰিয় গ্ৰন্থসমূহ আছিল লক্ষ্মী প্ৰসাদ দেৱকোটাৰ মুনা মদন (১৯৩৬), আৰু ভূপী শ্বেৰচনৰ ঘুমনে মেচমাথি আন্ধো মাঞ্চে (১৯৬৮)।[1] পোখৰাৰ বৰাহী মাধ্যমিক বিদ্যালয়ত তেওঁ মাধ্যমিক শিক্ষা সমাপ্ত কৰিছিল।[1] ১৯৭৭–১৯৭৮ চনৰ আশে-পাশে দেৱী কৈৰালাৰ ৰাম বাহাদুৰ কৈৰালাৰ সৈতে বিবাহৰ সম্পন্ন কৰা হৈছিল।[2][3]

কৰ্মজীৱন

[সম্পাদনা কৰক]

কৈৰালাৰ জন্ম হৈছিল নেপালৰ এক বাহুন পৰিয়ালত হৈছিল, সেই সময়ত ধনৰ বিনিময়ত কেৱল গন্ধৰ্ব জাতিৰ লোক সকলেহে গীত গোৱাৰ অনুমতি আছিল, সেয়ে পৰৱৰ্তী সময়ত তেওঁক গান গোৱাত বাধা আৰোপ কৰা হৈছিল।[2] কিন্তু বিয়াৰ পিছত কৈৰালাৰ স্বামী আৰু পৰিয়ালে তেওঁক সহায় কৰিছিল আৰু এটা গীত বাণীবদ্ধ কৰিবলৈ উৎসাহিত কৰিছিল।[2] ১৯৮৩–১৯৮৪ চনৰ আশে-পাশে স্বামীৰ সৈতে কাঠমাণ্ডুলৈ গৈ এটা গীত বাণীবদ্ধ কৰে।[2] প্ৰেম ৰাজা মাহৰ সহায়ত কৈৰালাই এটা ব্যক্তিগত ৰেকৰ্ডিং ষ্টুডিঅ'ত প্ৰথম এলবাম পাইনা খবৰা বাণীবদ্ধ কৰে আৰু ষ্টুডিঅ'টোক প্ৰায় ৬ হাজাৰ নেপালী টকা দিয়ে।[2] এমাহৰ পিছত তেওঁৰ প্ৰথম এলবামটো ৰাজহুৱাভাৱে মুক্তি পায় আৰু ই ইতিবাচক প্ৰতিক্ৰিয়া লাভ কৰে।[2] শিৰোনাম গীতটোত এগৰাকী প্ৰব্ৰজিত শ্ৰমিকৰ পত্নীয়ে কেইবামাহো ধৰি স্বামীৰ খবৰ নোপোৱাৰ সময়ত হোৱা যন্ত্ৰণাৰ কাহিনী বৰ্ণনা কৰা হৈছে।[2] নৱবিবাহিত দম্পতীৰ স্বামীয়ে কাম বিচাৰি বিদেশলৈ যোৱা দেখি তেওঁ "পাইনা খবৰ" লিখিবলৈ অনুপ্ৰাণিত হৈছিল।[2]

কৈৰালাই ৮০০ টাতকৈও অধিক গীত গাইছে, ৮০ টাতকৈও অধিক এলবাম বাণীবদ্ধ কৰিছে, ৮ খন কিতাপ লিখিছে আৰু ১০০ টাতকৈও অধিক মিউজিক ভিডিঅ'ত অভিনয় কৰিছে।[1][2][4] ইয়াৰ ভিতৰত জনপ্ৰিয় গীতসমূহ হ'ল "আইনা হেৰেৰা", "পাইনা খবৰ", "ফুলকো বসনা", "ঝিল ঝিল সীতাৰা", আৰু "আমা টিম্ৰো দুধকো ভাৰলে"।[3] তেওঁ লিংগ সমতা, তীজ আৰু আত্মনিৰ্ভৰশীলতাৰ বিষয়ে গীত গাইছে।[4][5][6] হৰি দেৱী কৈৰালা নেপালৰ লোক-সংগীত জগতৰ অন্যতম চিনাকি নাম।[7]

বঁটা আৰু মনোনয়ন

[সম্পাদনা কৰক]

কৈৰালাই সাহিত্য, সংগীত আৰু সামাজিক সংগঠনৰ পৰা ২৫০ টাতকৈও অধিক বঁটা লাভ কৰিছে।[3] ২০১৮ চনত চাহানা মিডিয়াই তেওঁক বিশেষ সন্মানেৰে সন্মানিত কৰে।[8] ২০২১ চনত লোক-সংগীত, লোক-সংস্কৃতি আৰু লোক-সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে কৈৰালাক ক্ষেত্ৰ প্ৰতাপ সোঁৱৰণী সাহিত্য বঁটাৰে সন্মানিত কৰা হয়।[9]

২০০৫ চনত তেওঁ "ফুল কো ডালিমা" গীতৰ বাবে হিটছ এফ এম মিউজিক এৱাৰ্ডৰ ফক ৰেকৰ্ড অৱ দ্য ইয়েৰ বঁটাৰ বাবে মনোনয়ন লাভ কৰিছিল।[10]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 3 4 5 "व्यक्तिवृत्त: होनहार कवि/गायिका हरिदेवी कोइराला" (ne ভাষাত). News of Nepal. https://www.newsofnepal.com/2018/06/30/114414/ আহৰণ কৰা হৈছে: 1 February 2022.
  2. 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 "लोकसंगीतकी कोइली" (ne ভাষাত). Nagarik. https://nagariknews.nagariknetwork.com/others/156669-1533959760.html আহৰণ কৰা হৈছে: 1 February 2022.
  3. 1 2 3 "'हम्काइलो'देखि 'श्रीमान् मन्त्री हुँदा'सम्म" (ne ভাষাত). Shilapatra. https://shilapatra.com/detail/10989/ আহৰণ কৰা হৈছে: 1 February 2022.
  4. 1 2 Parker, Sara (March 2018). "Untold stories of unsung heroes". Nepali Times. https://archive.nepalitimes.com/article/nation/celebrating-womanhood-powerful-women-from-all-walks-of-life,4219 আহৰণ কৰা হৈছে: 1 February 2022.
  5. "शहर पसेको दोहोरी" (ne ভাষাত). Himal Khabar. https://www.himalkhabar.com/news/11057 আহৰণ কৰা হৈছে: 1 February 2022.
  6. "तीजमा बज्दैनन् अचेल हरिदेवीका गीत" (ne ভাষাত). Online Khabar. https://www.onlinekhabar.com/2014/08/183083 আহৰণ কৰা হৈছে: 1 February 2022.
  7. "के गर्दैछिन् 'ऐना हेरेर'की गायिका" (ne ভাষাত). Dainikpatra. 5 September 2016. https://www.dainikpatra.com/2016/09/727/ আহৰণ কৰা হৈছে: 1 February 2022.[সংযোগবিহীন উৎস]
  8. "'Lifetime Achievement Award' for Rastrakavi Ghimire" (en ভাষাত). The Himalayan Times. 26 January 2018. https://thehimalayantimes.com/nepal/lifetime-achievement-award-rastrakavi-madhav-prasad-ghimire আহৰণ কৰা হৈছে: 1 February 2022.
  9. "गायिका हरिदेवी कोइरालालाई क्षेत्रप्रताप साहित्य पुरस्कार प्रदान गरिने" (ne ভাষাত). GorakhaPatra. https://gorkhapatraonline.com/arts/2021-11-14-50520 আহৰণ কৰা হৈছে: 1 February 2022.
  10. "And the winner is.". Nepali Times. http://archive.nepalitimes.com/news.php?id=1330 আহৰণ কৰা হৈছে: 2022-02-02.