সমললৈ যাওক

হৰ্ষচৰিত

অসমীয়া ৱিকিপিডিয়াৰ পৰা

হৰ্ষচৰিত ভাৰতীয় সম্ৰাট হৰ্ষৰ জীৱনী। খ্ৰীষ্টীয় সপ্তম শতিকাৰ ভাৰতৰ সংস্কৃত লেখক বাণভট্ট বা বাণ নামেৰেও পৰিচিত কবিৰদ্বাৰা ৰচনা কৰা হয়। তেওঁ আছিল হৰ্ষৰ পৃষ্ঠপোষকতাৰ ৰাজ-দৰবাৰ কবি। হৰ্ষচৰিত বাণৰ প্ৰথম ৰচনা আৰু সংস্কৃত ভাষাত ঐতিহাসিক কাব্য ৰচনাৰ আৰম্ভণি বুলি গণ্য কৰা হয়।

ঐতিহাসিক জীৱনী

[সম্পাদনা কৰক]

প্ৰশংসা আৰু আড়ম্বৰপূৰ্ণ শৈলীত লিখা হৰ্ষচৰিত সংস্কৃতৰ প্ৰথম ঐতিহাসিক জীৱনী হিচাপে স্থান লাভ কৰিছে। ভাৰতৰ গ্ৰাম্য প্ৰাকৃতিক পৰিৱেশৰ লগতে ভাৰতীয় জনসাধাৰণৰ অসাধাৰণ উদ্যোগৰ বিষয়ে বাণৰ বিশদ আৰু প্ৰাঞ্জল বৰ্ণনাই সেই সময়ৰ জীৱনৰ সজীৱতাক উন্মোচন কৰে। যিহেতু তেওঁ সম্ৰাট হৰ্ষৰ পৃষ্ঠপোষকতা লাভ কৰিছিল, সেয়েহে তেওঁৰ পৃষ্ঠপোষকৰ বিষয়ে তেওঁৰ বৰ্ণনা নিৰপেক্ষ মূল্যায়ন নহয় আৰু সম্ৰাটৰ কাৰ্যক অত্যধিক তোষামোদন ৰূপত উপস্থাপন কৰা হৈছে।[1]

অলংকৃত কাব্যিক গদ্যৰে ৰচিত হৰ্ষচৰিত[2] সম্ৰাট হৰ্ষৰ জীৱনী আঠটা উচ্চৱাস (অধ্যায়)ত বৰ্ণনা কৰা হৈছে। প্ৰথম দুটা উচ্চৱাসত বাণভট্টই তেওঁৰ বংশ আৰু প্ৰাথমিক জীৱনৰ বিৱৰণ দিছে। চৰিতমতে তেওঁ আছিল মহান সম্ৰাট।

চতুৰংগ (দবা খেল) চত্ৰংগ (পাৰ্চী দবা), ছিয়াংকি (চীনা দবা), জাংগি (কোৰিয়ান দবা), শ্বোগি (জাপানী দবা), চিট্টুয়িন (বাৰ্মিজ দবা), মাক্ৰুক (থাই দবা) আৰু আধুনিক ভাৰতীয় দবাৰ প্ৰাচীনতম স্পষ্ট উল্লেখ হৰ্ষচৰিতৰ পৰাই আহিছে:[3][4]

এই ৰজাৰ অধীনত [...], কেৱল মৌমাখিবোৰে মৌ সংগ্ৰহ কৰিবলৈ কাজিয়া কৰিছিল; জোখ কৰি ভৰি কাটি পেলোৱা হৈছিল আৰু অষ্টপদৰ পৰাহে চতুৰংগ আঁকিব পৰা গৈছিল, নিন্দা কৰা অপৰাধীৰ চাৰিটা অংগ কাটি পেলোৱা হোৱা নাছিল...

পৰৱৰ্তী অধ্যয়ন

[সম্পাদনা কৰক]
জম্মু-কাশ্মীৰ ৰাজ্যৰ মহাৰাজা ৰণবীৰ সিঙে প্ৰকাশ কৰা হৰ্ষচৰিত ধাৰাবাহিকখনৰ শিৰোনাম-পৃষ্ঠা, বিদ্যা বিলাস প্ৰেছ, জম্মুৰ জৰিয়তে, ১৮৮০ চন

উপলভ্য একমাত্ৰ ধাৰাবাহিক বিশ্লেষণ হ’ল কাশ্মীৰৰ পণ্ডিত শংকৰৰ দ্বাৰা ৰচিত সংকেত। অনুমান কৰা হয় যে, ৰুয়্যাকে হৰ্ষচৰিতবাৰ্তিক নামেৰে জনাজাত এটা টীকাও ইয়াত সংযুক্ত কৰিছিল, যিটো এতিয়াও পোৱা হোৱা নাই।[উদ্ধৃতিৰ প্ৰয়োজন]

১৮৯৭ চনত এডৱাৰ্ড বাইলছ কৱেল আৰু ফ্ৰেডেৰিক উইলিয়াম থমাছে এই গ্ৰন্থখন ইংৰাজীলৈ অনুবাদ কৰে।[5] সামৰিক ইতিহাসবিদ কৌশিক ৰয়ে হৰ্ষচৰিতক "ঐতিহাসিক কল্পকাহিনী" বুলি বৰ্ণনা কৰিছে যদিও বাস্তৱিকভাৱে শুদ্ধ ভেটিৰ সৈতে।[6]

এই গ্ৰন্থখন ১৯২৯ চনত বিজিয়ানগৰৰ মহাৰাজ কলেজৰ এম ভি ৰামনাচাৰীয়ে (মেদেপল্লী ভেংকটা ৰামনাচাৰ্যুলু) তেলুগু গদ্যলৈ অনুবাদ কৰিছিল।।[7]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Keay, John (2000). India: A History. প্ৰকাশক New York: Grove Press. পৃষ্ঠা. 161–162. ISBN 0-8021-3797-0. 
  2. Basham, A. L. (1981). The wonder that was India. প্ৰকাশক Calcutta: Rupa & Co.. পৃষ্ঠা. 433. 
  3. Andreas Bock-Raming. The Gaming Board in Indian Chess and Related Board Games: a terminological investigation. Board Games Studies 2, 1999.
  4. Bana; Cowell, Edward B. (Edward Byles); Thomas, Frederick William (1897). The Harsa-carita of Bana. প্ৰকাশক London: Royal Asiatic Society. পৃষ্ঠা. 65. https://archive.org/details/harsacaritaofban00banaiala/page/65/mode/1up. 
  5. Rapson, E. J. (April 1898). "The Harṣa-carita of Bāṇa by E. B. Cowell; F. W. Thomas". The Journal of the Royal Asiatic Society of Great Britain and Ireland: 448–451. 
  6. Roy, Kaushik (2013). "Bana". In Coetzee, Daniel; Eysturlid, Lee W.. Philosophers of War: The Evolution of History's Greatest Military Thinkers. ABC-CLIO. পৃষ্ঠা. 21–22. ISBN 978-0-313-07033-4. https://books.google.com/books?id=DW2jAQAAQBAJ&pg=PA21. 
  7. M. V. Ramanachari (1929) (te ভাষাত). Andhra Harsha Charitramu. প্ৰকাশক Vizianagaram. https://archive.org/details/ANDHRAHARSHACHARITAMUBYM.V.RAMANACHARIIN1929TELUGU/mode/2up। আহৰণ কৰা হৈছে: 17 June 2020.