সমললৈ যাওক

হৰ্ষদা গৰুড়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হৰ্ষদা গৰুড়
ব্যক্তিগত তথ্যাৱলী
সম্পূৰ্ণ নাম হৰ্ষদা শাৰদ গৰুড়
জন্ম ৮ নৱেম্বৰ, ২০০৩ (২২ বছৰ)
মহাৰাষ্ট্ৰ, ভাৰত
ক্ৰীড়া
দেশ ভাৰত
ক্ৰীড়া ভাৰোত্তোলন

হৰ্ষদা গৰুড় (ইংৰাজী: Harshada Garud) মহাৰাষ্ট্ৰৰ এগৰাকী ভাৰতীয় ভাৰোত্তোলক। ২০২২ চনৰ আন্তঃৰাষ্ট্ৰীয় ভাৰোত্তোলন ফেডাৰেচনৰ বিশ্ব জুনিয়ৰ ভাৰোত্তোলন চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হয়।

২০০৩ চনৰ ৮ নৱেম্বৰত মহাৰাষ্ট্ৰৰ পুনেৰ ওচৰৰ বদগাঁও মাভালত হৰ্ষদা গৰুড়ৰ জন্ম হয়।[1][2] হৰ্ষদাৰ পিতৃ শাৰদ গৰুড়ো এজন ভাৰোত্তোলনকাৰী, তেওঁ ৰাজ্যিক বিদ্যালয়ৰ ভাৰোত্তোলন খেলত ৰূপৰ পদক লাভ কৰিছিল।[3] তেওঁ সাবিত্ৰিবাই ফুলে পুনে বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছে।[4]

ভাৰোত্তোলন কেৰিয়াৰ

[সম্পাদনা কৰক]

২০২২ চনত গ্ৰীচৰ হেৰাক্লিয়নত অনুষ্ঠিত হোৱা বিশ্ব জুনিয়ৰ ভাৰোত্তোলন চেম্পিয়নশ্বিপত হৰ্ষদা গৰুড়ে সোণৰ পদক লাভ কৰে।[5] বিশ্ব জুনিয়ৰ ভাৰোত্তোলন চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰা তেওঁ প্ৰথমগৰাকী ভাৰতীয়।[5] ২০২০ চনৰ খেলো ইণ্ডিয়া যুৱ গেমছত ১৭ বছৰ অনুৰ্ধৰ ছোৱালীৰ ভাৰোত্তোলনত সোণৰ পদক আৰু ২০২০ চনত তাছকেন্দত অনুষ্ঠিত এছিয়ান জুনিয়ৰ চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছিল।[6] ইয়াৰ উপৰিও তেওঁ ২০২১-২২ চনত ওড়িশাৰ ভুৱনেশ্বৰত অনুষ্ঠিত হোৱা আই ডব্লিউ এল এফ যুৱ, জুনিয়ৰ আৰু ছিনিয়ৰ ৰাষ্ট্ৰীয় ভাৰোত্তোলন চেম্পিয়নশ্বিপত ৪৫ কেজি জুনিয়ৰ মহিলা শাখাত তৃতীয় স্থান লাভ কৰে।[2]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Ansari, Aarish (5 May 2022). "From lifting rice sacks to a world championship gold - Harshada Garud's amazing story". https://olympics.com/en/news/who-is-harshada-garud-indian-weightlifter আহৰণ কৰা হৈছে: 8 October 2022.
  2. 1 2 "Junior Women's Medalists". https://iwlf.in/wp-content/uploads/2022/03/ResultBook_JUNIOR-NLS-1.pdf.
  3. "Living her father's dream, Harshada Garud becomes first junior world champ from India in weightlifting". The New Indian Express. https://www.newindianexpress.com/sport/other/2022/may/03/living-her-fathers-dream-harshada-garud-becomes-1st-junior-world-champ-from-india-in-weightlifting-2449035.html আহৰণ কৰা হৈছে: 2022-05-07.
  4. Kotian, Harish. "Weightlifter Harshada India's first Jr World Champion" (en ভাষাত). Rediff. https://www.rediff.com/sports/report/weightlifter-harshada-indias-first-jr-world-champion/20220502.htm আহৰণ কৰা হৈছে: 2022-05-07.
  5. 1 2 Sarangi, Y. B. (2 May 2022). "Harshada Garud wins world junior weightlifting championships gold, India's first in the event" (en ভাষাত). Sportstar. https://sportstar.thehindu.com/other-sports/harshada-garud-world-junior-weightlifting-championships-gold/article38483790.ece আহৰণ কৰা হৈছে: 2022-05-07.
  6. "India's Harshada wins historic junior world weightlifting gold" (en ভাষাত). Hindustan Times. 2022-05-02. https://www.hindustantimes.com/sports/others/indias-harshada-wins-historic-junior-world-weightlifting-gold-101651512811280.html আহৰণ কৰা হৈছে: 2022-05-07.