হৰ কী দূন
অৱয়ব

হৰ কী দূন বা হৰ কী দুন (ইংৰাজী: Har Ki Doon) হৈছে ভাৰতৰ উত্তৰাখণ্ডৰ গঢ়ৱাল হিমালয়ত অৱস্থিত এখন দোলনা সদৃশ ওলমি থকা উপত্যকা। এই অঞ্চলটো সেউজীয়া বুগিয়াল (উচ্চ পাৰ্বত্য তৃণভূমি)দ্বাৰা আবৃত। ই বৰফেৰে ঢাক খাই থকা শৃংগ আৰু আলপাইন উদ্ভিদেৰে পৰিপূৰ্ণ।[1] এই উপত্যকাটো বৰাছু পাছৰদ্বাৰা বাষ্পা উপত্যকাৰ সৈতে সংযোজিত হৈ আছে।
এই উপত্যকাটো সমুদ্ৰ পৃষ্ঠৰপৰা প্ৰায় ৩৫৬৬ মিটাৰ (১১৭০০ ফুট) উচ্চতাত অৱস্থিত আৰু অক্টোবৰৰপৰা মাৰ্চ মাহলৈকে বৰফেৰে ঢাক খাই থাকে। ট্ৰেকিং পথত থকা অন্তিমখন গাঁৱত ভগৱান শিৱৰ নামত উৎসৰ্গিত এটা মন্দিৰ আছে।
ছানক্ৰী (ভিত্তি শিৱিৰ) পোৱাৰ পূৰ্বে পুৰোলা হৈছে অন্তিমটো এটিএম পইণ্ট। ট্ৰেকিং আৰম্ভ কৰাৰ আগতে ছানক্ৰীয়েই হৈছে সুস্থিৰ মোবাইল নেটৱৰ্ক পোৱা শেষৰটো স্থান। [2]
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ "Har-Ki-Doon valley". http://www.uttaranchaltourism.in/har-ki-doon.html। আহৰণ কৰা হৈছে: 2008-07-05.
- ↑ "Har Ki Dun Trek – Guide, Itinerary, Dates, Cost". Archived from the original on 2022-07-07. https://web.archive.org/web/20220707175122/https://www.trekupindia.com/har-ki-dun-trek। আহৰণ কৰা হৈছে: 2021-07-10.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]