হ’লি ট্ৰিনিটি চাৰ্ছ, জ’ভা
| হ’লি ট্ৰিনিটি চাৰ্ছ, জ’ভা | |||||||||||||
|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
হ’লি ট্ৰিনিটি চাৰ্ছ, জ’ভা | |||||||||||||
| অৱস্থান | জ’ভা, লভিভ ৰায়ন, লভিভ অ’ৰব্লাষ্ট, ইউক্ৰেইন | ||||||||||||
| স্থানাংক | 50°3′19.22″N 23°58′55.97″E / 50.0553389°N 23.9822139°Eস্থানাংক: 50°3′19.22″N 23°58′55.97″E / 50.0553389°N 23.9822139°E | ||||||||||||
| মাটিকালি | 0.25 হেক্টৰ (0.62 একৰ) | ||||||||||||
| নিৰ্মাণ | ১৭২০ | ||||||||||||
| |||||||||||||
হ’লি ট্ৰিনিটি চাৰ্ছ, জ’ভা (ইংৰাজী: Holy Trinity Church, Zhovkva) হৈছে ১৭২০ চনত ইউক্ৰেইনৰ জ’ভা অঞ্চলত পুনৰ নিৰ্মিত এটি গীৰ্জা ঘৰ। ১৭১৭ চনত জ’ভাৰ উপকণ্ঠ অঞ্চলত এটি গীৰ্জাঘৰ জ্বলি নষ্ট হৈ গৈছিল আৰু সেইঠাইতে তিনিবছৰ পিছত হ’লি ট্ৰিনিটি চাৰ্ছ নিৰ্মাণ কৰা হয়।[1] এই স্থাপত্যটি তিনিটা কাঠৰ অংশ আৰু ইটাৰে নিৰ্মিত এটা চেক্ৰিষ্টি বা পৱিত্ৰ সামগ্ৰী ৰখা ঘৰ।
ইয়াত ধৰ্মীয় চিত্ৰকৰ্ম ৰখা এখন দেৱাল বা আইকন’ষ্টেচিছ আছে, যি প্ৰায় ৫০খন চিত্ৰকৰ্মৰে সজ্জিত। এই চিত্ৰকৰ্মসমূহ ১৮ শতিকাৰ আৰম্ভণিতে আইভান ৰুটক’ভিছৰ পেইন্টিং এণ্ড কাৰ্ভিং স্কুলৰ প্ৰসিদ্ধ শিল্পীসকলে অংকন কৰিছিল। ইগ্নাটিঅ’ ষ্ট’বেনেস্কিয়ে খোদিত কৰা লিণ্ডেন কাঠৰ পৰা এই আইকন’ষ্টেচিছ তৈয়াৰ কৰা হৈছে। ১৯৭৮–৭৯ চনত আইকন’ষ্টেচিছটো পুনৰুদ্ধাৰ কৰা হয়। এতিয়া এই গীৰ্জাটো ইউক্ৰেইনৰ গ্ৰীক কেথলিক গীৰ্জাৰ অন্তৰ্গত।
গীৰ্জাঘৰৰ দেৱালত এই ভৱনটো ১৭২০ চনত নিৰ্মিত স্থাপত্যৰ স্মৃতিসৌধ বুলি নিশ্চিত কৰা প্লেটবোৰ পোৱা যায়।[2]
২০১৩ চনৰ ২১ জুনত কম্বোডিয়াত অনুষ্ঠিত ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য সমিতিৰ ৩৭ সংখ্যক অধিবেশনৰ সময়ত পোলেণ্ড আৰু ইউক্ৰেইনৰ কাৰ্পেথিয়ান অঞ্চলৰ ১৬টা কাঠৰ চেৰ্কৱাৰ ভিতৰত পবিত্ৰ ট্ৰিনিটি গীৰ্জাক ইউনেস্কোৰ বিশ্ব ঐতিহ্যক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল।[3][4]
১৮শ শতিকাৰ এই অনন্য কাঠৰ স্থাপত্য কীৰ্তিচিহ্ন আৰু ইউনেস্ক’ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত পৱিত্ৰ গীৰ্জাটি আজি কিছুবছৰৰ আগতে পুনৰ নিৰ্মাণ কৰা হয়। ২০১৯চনৰপৰা ইয়াক পুনৰুদ্ধাৰৰ কাম চলিছিল। ২০২২–২০২৩ চনত “গ্ৰেট কনষ্ট্ৰাকচন” নামৰ চৰকাৰী আঁচনিৰ অধীনত ইউক্ৰেইন সংস্কৃতি মন্ত্ৰালয়ে গীৰ্জাঘৰটোৰ পুনৰুদ্ধাৰৰ বাবে প্ৰায় ৯.২৮ মিলিয়ন ইউক্ৰেনীয় মুদ্ৰা আৱণ্টন কৰে। আনহাতে, প্ৰকল্পটোৰ মুঠ ব্যয় প্ৰায় ১৪ মিলিয়ন UAH লৈকে হৈছিল। পুনৰুদ্ধাৰৰ কামৰ এটা অংশৰ বাবে পোলেণ্ডৰ সাংস্কৃতিক ঐতিহ্যৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান “Polonica”-এ অৰ্থসাহায্য আগবঢ়াইছিল। অন্য এক পৰ্যায়ত ১০ লাখ UAH-তকৈ অধিক ব্যয় সাপেক্ষে দেৱালচিত্ৰসমূহ পুনৰুদ্ধাৰ কৰা হয়। এই কামত ইউক্ৰেইনৰ নেচনেল ৰিছাৰ্চ ৰেষ্ট’ৰেচন চেণ্টাৰ, লভিভ শাখাৰ বিশেষজ্ঞসকলে অংশগ্ৰহণ কৰিছিল।[5]
গেলেৰী
[সম্পাদনা কৰক]- বেল টাৱাৰ
- চেইণ্ট মাইকেল আইকন
- হ’লি দ’ৰ্চ
- Iconostasis
- মেণ্ডিলিয়ন
- ভিতৰভাগৰ পেনোৰামা
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Wooden Churches of Ukraine" (en-US ভাষাত). authenticukraine.com.ua. https://authenticukraine.com.ua/en/churches। আহৰণ কৰা হৈছে: 2022-05-25.
- ↑ Rick (2018-04-14). "Rick The Traveller: Holy Trinity Tserkva in Zhovkva". Rick The Traveller. http://rick-the-traveller.blogspot.com/2018/04/holy-trinity-tserkva-in-zhovkva.html। আহৰণ কৰা হৈছে: 2020-08-28.
- ↑ Карпатські церкви стали спадщиною ЮНЕСКО // Українська правда / Історична правда. - Неділя, 23 червня 2013
- ↑ "Wooden Tserkvas of the Carpathian Region in Poland and Ukraine". https://whc.unesco.org/en/list/1424.
- ↑ "Restoration of an 18th-century wooden church on the UNESCO list has been completed in Zhovkva". https://pragmatika.media.7 August 2026. https://pragmatika.media/en/news/u-zhovkvi-zavershyly-restavratsiiu-derev-ianoi-tserkvy-xviii-stolittia-zi-spysku-iunesko/। আহৰণ কৰা হৈছে: 20 August 2026.