সমললৈ যাওক

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ঽ (অৱগ্ৰহ) (সংস্কৃত: ) হৈছে এটা চিহ্ন যি সংস্কৃত আৰু বহুতো ভাৰতীয় ভাষাত (অ') স্বৰৰ লোপ বা সংক্ষেপ চিহ্নিত কৰিবলৈ ব্যৱহৃত হয়। উদাহৰণস্বৰূপে, शिवोऽहम (শিবোঽহম্) অৰ্থাৎ ‘‘মই শিৱ’’।

অসমীয়া, বাংলা, হিন্দী আদি ভাষাসমূহত এই চিহ্ন কেতিয়াবা স্বৰ দীৰ্ঘ কৰাৰ ক্ষেত্ৰতো ব্যৱহৃত হয় — যেনে, माँऽऽऽ (‘মা-আ-আ-আ’) অথবা कूऽल (কুঽল/কু'ল) (ইংৰাজী “cool”ৰ ধ্বনি অনুকৰণ)।

হিন্দী সাহিত্যৰ ছন্দৰ ক্ষেত্ৰত এই চিহ্ন কেতিয়াবা দীঘল স্বৰ বা ব'ল্ড আখৰ ৰূপে দেখুৱাবলৈও ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে, ছন্দঃ (chandaḥ) শব্দৰ দুটা দীঘল অক্ষৰ “ऽऽ” ৰূপে প্ৰকাশ কৰা হয়।

অৱগ্ৰহৰ ইউনিক'ড

[সম্পাদনা কৰক]

অৱগ্ৰহ চিহ্ন ইউনিক'ডত বিভিন্ন ব্ৰাহ্মী লিপিৰ বাবে পৃথক কোড পইণ্টত সংৰক্ষিত।[1][2][3][4][5][6]

অৱগ্ৰহ চিহ্ন Unicode অনুসৰি
চিহ্নUnicode সংখ্যাসম্পূৰ্ণ Unicode নাম
U+093Dদেৱনাগৰী sign avagraha
U+A8F1combining Devanagari sign avagraha
U+A8F7Devanagari sign chandrabindu avagraha
U+09BDবাংলা sign avagraha
U+0ABDগুজৰাটী sign avagraha
U+0B3Dওড়িয়া sign avagraha
U+0C3Dতেলুগু sign avagraha
U+0CBDকন্নড় sign avagraha
U+0D3Dমালয়ালম sign avagraha
U+0F85তিব্বতী sign paluta
𑓄U+114C4তিৰহুতা sign avagraha

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Devanagari" (en ভাষাত). Unicode ConsortiumUnicode. https://www.unicode.org/charts/PDF/U0900.pdf আহৰণ কৰা হৈছে: 2025-10-31.
  2. "Bengali" (en ভাষাত). Unicode ConsortiumUnicode. https://www.unicode.org/charts/PDF/U0980.pdf আহৰণ কৰা হৈছে: 2025-10-31.
  3. "Odia" (en ভাষাত). Unicode ConsortiumUnicode. https://www.unicode.org/charts/PDF/U0B00.pdf আহৰণ কৰা হৈছে: 2025-10-31.
  4. "Telugu" (en ভাষাত). Unicode ConsortiumUnicode. https://www.unicode.org/charts/PDF/U0C00.pdf আহৰণ কৰা হৈছে: 2025-10-31.
  5. "Malayalam" (en ভাষাত). Unicode ConsortiumUnicode. https://www.unicode.org/charts/PDF/U0D00.pdf আহৰণ কৰা হৈছে: 2025-10-31.
  6. "Tibetan" (en ভাষাত). Unicode ConsortiumUnicode. https://www.unicode.org/charts/PDF/U0F00.pdf আহৰণ কৰা হৈছে: 2025-10-31.