১১ অক্টোবৰ (ইংৰাজী : 11 October ) গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি বছৰৰ ২৮৪ তম (অধিবৰ্ষত ২৮৫ তম) দিন। বছৰটো শেষ হ’বলৈ আজিৰ পৰা মুঠ ৮২ টা দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল -
১৭৩৭ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে কলকাতাত হোৱা প্ৰবল ভূমিকম্পৰ ফলত প্ৰায় তিনি লাখ লোকৰ মৃত্যু হয়।
১৯০২ চনৰ আজিৰ দিনটোতে ভাৰতৰ সমাজবাদী ভাবাপন্ন ৰাজনৈতিক নেতা জয়প্ৰকাশ নাৰায়ণৰ জন্ম হয়।
১৯৪২ চনৰ আজিৰ দিনটোতে ভাৰতীয় চলচ্চিত্ৰৰ মেগা ষ্টাৰ অমিতাভ বচ্চন ৰ জন্ম হয়।
১৮৮৯ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ইংৰাজ পদাৰ্থবিদ জেমছ প্ৰেছকট জুলৰ মৃত্যু হয়।
১৯১৯ চনৰ আজিৰ দিনটোতে ডেনমাৰ্কৰ কবি তথা ঔপন্যাসিক কাৰ্ল এডলফ গিয়েলেপাৰপৰ মৃত্যু হয়।
১৯৮৮ চনৰ আজিৰ দিনটোতে বাংগালোৰত আনুষ্ঠানিক ভাৱে জনতা দল গঠন কৰা হয়। দলৰ নেতা নিৰ্বাচিত হয় বিশ্বনাথ প্ৰতাপ সিং।
২০০১ চনৰ আজিৰ দিনটোতে ভাৰতীয় মূলৰ সাহিত্যিক বিদিয়াধৰ সূৰযপ্ৰসাদ নাইপললৈ সাহিত্যৰ নোবেল বঁটা আগবঢ়োৱা হয়।
২০০৪ চনৰ আজিৰ দিনটোতে ছুপাৰমেন ৰূপে খ্যাত ক্ৰিষ্টোফাৰ ৰীডৰ মৃত্যু হয়।
২০০৬ চনৰ আজিৰ দিনটোতে কিৰণ দেশাইলৈ তেওঁৰ " দি ইনহেৰিটেন্স অব্ লছ "" উপন্যাসৰ বাবে বুকাৰ বঁটা লাভ কৰে।
২০০৭ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ লেখিকা ডৰিছ লেছিঙলৈ সাহিত্যৰ নোবেল বঁটা আগবঢ়োৱা হয় । এই বঁটা লাভ কৰা লেছিঙেই আটাইতকৈ বয়সীয়াল ব্যক্তি।