১৪ আগষ্ট

অসমীয়া ৱিকিপিডিয়াৰ পৰা

১৪ আগষ্ট দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ২২৬ তম (অধিবৰ্ষত ২২৭ তম) দিন। বছৰটো শেষ হ’বলৈ এইপৰা মুঠ ১৩৯ টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

জন্ম[সম্পাদনা কৰক]

  1. ১৯২৩ চনৰ এই দিনটোতে যশস্বী সাংবাদিক কুলদীপ নায়াৰৰ জন্ম হয় ।
  2. ১৯৪১ চনৰ এই দিনটোতে ভাৰতীয় তাত্ত্বিক পদাৰ্থবিদ, বৰ্তমান ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান, বাংগালোৰৰ বিশিষ্ট অধ্যাপক আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ ডি এ' ই হোমী ভাবা অধ্যাপক টিৰুপ্পাত্তৰ ৱেংকটাচালামূৰ্তি ৰামকৃষ্ণন (চমুকৈ- টি. ভি.ৰামকৃষ্ণন)ৰ জন্ম হৈছিল ৷

মৃত্যু[সম্পাদনা কৰক]

  1. ১৯৫৬ চনৰ এই দিনটোতে প্ৰসিদ্ধ জাৰ্মান নাট্যকাৰ বাৰ্টোল্ড ব্লেখটৰ মৃত্যু হয় ।
  2. ২০১১ বৰ্ষৰ এই দিনটোতে ভাৰতীয় চলচ্চিত্ৰ শিল্প জগতৰ এসময়ৰ জনপ্ৰিয় নায়ক আৰু চলচ্চিত্ৰ পৰিচালক শাম্মী কাপুৰৰ দেহাৱসান ঘটিছিল ৷

অনান্য[সম্পাদনা কৰক]

  1. ১৯৮৯ চনৰ এই দিনটোতে ব্ৰহ্মপুত্ৰ নদৰ উত্তৰ পাৰে অৱস্থিত অসমৰ ধেমাজি জিলাৰ গঠন অসম চৰকাৰে ঘোষণা কৰে ।
  2. ১৮৩২ চনৰ এই তাৰিখতে লাপছি চুক্তি অনুসৰি বৰ অসমৰ ডিমাছা-কছাৰী ৰাজ্যৰ দক্ষিণ অংশ ব্ৰিটিছৰ শাসনৰ অধীনলৈ যায়৷
  3. ১৯৫৬ চনৰ এই দিনটোতে কেৰালাৰ মালায়ালম ভাষাৰ উৎকৃষ্ট সাহিত্যৰাজি প্ৰকাশ কৰা আৰু শ্ৰেষ্ঠ গ্ৰন্থাকাৰলৈ বঁটা প্ৰদান কৰা, ভাষা-সাহিত্যৰ গৱেষণাৰ বাবে উৎসাহ প্ৰদানৰ উদ্দেশ্যে কেৰালা সাহিত্য গঠন হয় ।
  4. ১৮৬২ চনৰ এই দিনটোতে বোম্বাই উচ্চ ন্যায়ালয় মুকলি হয় ।
  5. ১৯৮৮ চনৰ এই দিনটোতে মোৰাৰজী দেশাইলৈ পাকিস্তান চৰকাৰৰ সৰ্বোচ্চ নাগৰিক সন্মান প্ৰদান কৰা হয় ।
  6. ১৯৪৫ চনৰ এই দিনটোতে মিত্ৰশক্তিৰ ওচৰত জাপানে আত্মসমৰ্পণ কৰে আৰু দ্বিতীয় মহাযুদ্ধৰ অৱসান ঘটে ।
  7. ১৮৯৩ চনৰ এই দিনটোতে পেৰিছত বিশ্বৰ প্ৰথম মটৰগাড়ীত নম্বৰ প্লেট লগোৱাৰ ৰীতি আৰম্ভ হয় ।
  8. ১৯৪১ চনৰ এই দিনটোতে চাৰ্চিল আৰু ৰুজভেল্টৰ দ্বাৰা ‘‘আটলান্তিক চুক্তি’’ স্বাক্ষৰিত হৈছিল ৷
  9. ১৮৮৮ চনৰ এই দিনটোতে আৱিষ্কাৰ হৈছিল বিদ্যুৎ মিটাৰ ৷
  10. ১৯৪৭ চন এই দিনটোতে ভাৰত বিভাজনৰ প্ৰস্তাৱ গৃহীত হয় আৰু স্বতন্ত্ৰ ৰাষ্ট্ৰৰূপে পাকিস্তানৰ জন্ম হয় । সেয়ে এই দিনটো পাকিস্তানৰ ৰাষ্ট্ৰীয় দিৱস হিচাপে পালন কৰা হয়।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]